টুলুঙা নাৱেৰে বেঁকী নৈৰ সুঁতি পাৰাপাৰ শিক্ষাৰ্থীৰ
বেকী নৈৰ সুঁতিৰে বিপদ সংকুল যাত্ৰা শিক্ষাৰ্থীৰ ৷ খবৰ ল'বলৈ আহৰি নাই সাংসদ, বিধায়কৰ ৷

Published : June 12, 2026 at 3:07 PM IST
জনীয়া: মৰণত শৰণ দি বেঁকী নদীৰে দৈনিক পাৰাপাৰ হ'বলগীয়া হৈছে অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে কেইবাখনো গাঁৱৰ ৰাইজ । উল্লেখ্য যে, বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কৰাৰকুৰত বেঁকী নৈৰ সুঁতিত টুলুঙা নাৱেৰে বিপদ সংকুল যাত্ৰা অব্যাহত ৰাখিছে ৰাইজ আৰু শিক্ষাৰ্থীয়ে ৷
স্থানীয় ৰাইজৰ অভিযাগ অনুসৰি, কৰাৰকুৰ দলঙৰ ছাইড বান্ধ খহনীয়াৰ কবলত পৰাৰ পিছৰ পৰাই বেকী নদীৰে বিপদ সংকুলভাবে যাতায়ত কৰিব লগীয়া হৈছে সুঁতিৰপাথাৰ, শওপুৰ, খাৰবাল্লী আদি গাঁৱৰ ৰাইজে ৷ দৈনিক এখন টুলুঙা নাৱেৰে বেকী নদী পাৰ হ'ব লগা হৈছে । লগতে দৈনিক শতাধিক শিক্ষাৰ্থীয়ে পকেটৰ টকাৰে নাও ভাৰা কৰি বিদ্যালয় আৰু কলগাছিয়াস্থিত নৱজ্যোতি মহাবিদ্যালয়লৈ যাব লগা হয় বুলি উল্লেখ কৰিছে ৰাইজে ৷
উল্লেখযোগ্য যে, বলাইপাথাৰ আৰু কাউৰঝাহিৰ পৰা খাৰবাল্লীৰ মাজেৰে কৰাৰকুৰলৈ বৈ যোৱা বেঁকী নদীৰ সুঁতিয়ে প্ৰায় ১০ বছৰ ধৰি যোগাযোগ বিচ্ছিন্ন কৰি ৰাখিছে সুঁতিৰপাথাৰ, শওপুৰ, খাৰবাল্লী আদি গাঁৱৰ ৰাইজক ৷ ফলত কৰাৰকুৰ আৰু সুঁতিৰপাথাৰ এই দুখন ঠাইৰ মাজত টুলুঙা নাৱেৰে যাতায়াত কৰিবলগীয়া হৈছে । ফলত মাজে সময়ে ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈ আহিছে ।
ইফালে ধুবুৰী সাংসদ ৰকিবুল হুছেইনে উক্ত অঞ্চল বৰ্তমানলৈকে পৰিদৰ্শন নকৰাৰ লগতে কোনো খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । বেঁকী নদীৰ দলঙৰ কাষতেই বিপদজনকভাবে যাতায়ত কৰাৰ পাছতো বিধায়কৰো কোনো গুৰুত্ব নাই বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ সেয়ে স্থানীয় ৰাইজে চৰকাৰ তথা প্ৰশাসনৰ ওচৰত উক্ত স্থানত এখন চৰকাৰীভাৱে বিনামূলীয়া ডাঙৰ নাৱৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ।

