ঈদত কোৰবানী: গো সুৰক্ষা আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব আৰক্ষী
প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাক গ্ৰেপ্তাৰ । সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত নকৰিবলৈ আহ্বান জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ ।

Published : May 23, 2026 at 5:23 PM IST
ধুবুৰী: গো সুৰক্ষা আইন,২০২১ উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্য়ৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকীয়াই দিছে ধুবুৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক দেৱাশীষ বৰাই । ঈদত কোৰবানী দিয়া প্ৰসংগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষীৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য় আগবঢ়োৱা বাবে বিলাসীপাৰাৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাক গ্ৰেপ্তাৰ কৰাৰ পিচতেই এইদৰে সকীয়নি দিলে শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে ।
সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত নকৰিবলৈ আহ্বান :
প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাক শুকুৰবাৰে নিশা তেওঁৰ বিলাসীপাৰাৰ নিজা বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিচত শনিবাৰে জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে ধুবুৰীত সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত নকৰিবলৈ সকলোকে আহ্বান জনায় । আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, "কেতিয়াবা সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰিবলৈ এনেধৰণৰ মন্তব্য় কৰে । ধুবুৰী জিলাত থকা পুৰণি ঐতিহ্য় আৰু ঐক্য়ত কিছুমান মানুহে এনেধৰণৰ মন্তব্য় কৰি বিভেদৰ সৃষ্টি কৰিব খোজে । এইটো আমি কোনো কাৰণতেই কৰিব দিব নোৱাৰিম ।"
ইপিনে, গো সুৰক্ষা আইনখন সকলোৱে মানি চলিবই লাগিব বুলি উল্লেখ কৰি সাংবাদিকৰ আগত জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, "অসম গো সুৰক্ষা আইন,২০২১ আমি বলবৎ কৰিবই লাগিব । যদি কোনোবাই এই আইনখন ভংগ কৰিব বিচাৰে আমি তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্য়ৱস্থা গ্ৰহণ কৰিম ।"

আলী আকবৰ মিঞাক গ্ৰেপ্তাৰ :
প্ৰাক্তন বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰা প্ৰসংগত আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, "কালি বিতৰ্কিত মন্তব্য় কৰা বাবে বিলাসীপাৰাৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাক গ্ৰেপ্তাৰ কৰা হৈছে । আমাৰ জিলাৰ যিটো চাইবাৰ কোষ আছে সেইটোৱে এইবোৰ নিৰীক্ষণ কৰি থাকে । সেই নিৰীক্ষণতেই জানিব পাৰিলে যে এজন ব্য়ক্তিয়ে এনে মন্তব্য় কৰিছে । যি কৈছে সেয়া আপোনালোকেও জানিছে । সেইবাবে যিখিনি আইনী ব্য়ৱস্থা আছে সেই অনুসৰি তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে । পৰৱৰ্তী সময়তো তেওঁৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া চলি থাকিব । এই সন্দৰ্ভত তথ্য় লাভ কৰিছো যদিও তদন্তৰ খাতিৰত ক'ব নোৱাৰো ।
কোৰবানী প্ৰসংগত জিলাখনৰ সকলোৰে সৈতে আলোচনা কৰা বুলি উল্লেখ কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, "যোৱা ২১ তাৰিখে কোৰবানী দিয়া প্ৰসংগত ধুবুৰীত এখন সভাৰ আহ্বান জনোৱা হৈছিল । তাত কবৰস্থান কমিটী,হজ কমিটীৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । অসম গো সুৰক্ষা আইন সম্পৰ্কে সুন্দৰভাৱে বৰ্ণনা কৰাত তেওঁলোকে সহযোগিতাৰ আশ্বাসো দিছে ।"
গো মাংস উদ্ধাৰ,গ্ৰেপ্তাৰ :
আইজি ৰোডৰ শুকুৰবাৰে গো-মাংস কটাৰ অভিযোগত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা বুলি কয় ধুবুৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক দেৱাশীষ বৰাই । প্ৰায় ৯০ কেজি গো-মাংসও জব্দ কৰা বুলি জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে কয় ।
লগতে পঢ়ক:কোৰবানীক লৈ মন্তব্য়ঃ বিলাসীপাৰাৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাক আটক

