ETV Bharat / state

তিতাবৰৰ মেধাসম্পন্ন অন্তঃসত্বা ছাত্রীক ৰডেৰে মৰিয়াই হত্যা কৰা হৈছিল ! ফৰেনচিকৰ সন্দেহ

ডিব্ৰুগড় পৰা অহা ফৰেনচিকৰ দলে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে ৰড, কাপোৰ আৰু অন্যান্য সামগ্ৰী ৷

Pregnant girl beaten to death with a rod in Jorhat
প্ৰতীকী ফটো (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 13, 2025 at 4:37 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট : তিতাবৰত এখন আগশাৰীৰ মহাবিদ্যালয়ৰ ছাত্ৰীক অন্তঃসত্বা কৰি নৃসংশভাৱে হত্যা কৰা তান্ত্ৰিক জগত সিঙৰ (৬৩) অবৈধ সম্পত্তিৰ ওপৰত দণ্ডাধিক পৰ্যায়ৰ তদন্ত ইতিমধ্যে আৰম্ভ হৈছে । অবৈধভাৱে চৰকাৰী মাটি বেদখল কৰি তান্ত্ৰিক জগত সিঙে গঢ়িছিল বিশাল সম্পত্তি ।

দীৰ্ঘদিনৰ পৰাই বেজালি কৰি পাহাৰসম সম্পত্তি গঢ়িছিল তিতাবৰ ১নং জোনাকী মণ্ডল গাঁৱৰ তান্ত্ৰিক জগত সিঙে । স্থানীয় গাঁওবুঢ়া আৰু মণ্ডলক লগত লৈ তিতাবৰ সম-জিলাৰ সহকাৰী আয়ুক্ত প্ৰিয়ব্ৰত হাজৰিকাৰ নেতৃত্বত বুধবাৰ পৰা আৰম্ভ হৈছে এই তদন্ত ।

ডিব্ৰুগড় পৰা অহা ফৰেনচিকৰ দলে ঘটনাস্থলী পৰা উদ্ধাৰ কৰে ৰড, কাপোৰ আৰু অন্যান্য সামগ্ৰী (ETV Bharat Assam)

ইফালে মূল অভিযুক্ত জগত সিং আৰক্ষী জিম্মাত থকা বিপৰীতে জগত সিঙৰ দুই পুত্ৰ জীৱন সিং আৰু কিষাণ সিং, ফাৰ্মাচিষ্ট ৰেকিবুদ্দিন আহমেদ আৰু অট' চালক গোলাপ কলিতাক ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ।

ভণ্ড তান্ত্ৰিক জগত সিঙে কলেজীয়া ছাত্ৰীগৰাকীক হত্যা কৰি মৃতদেহ পেলাই থোৱা স্থানত বুধবাৰে নিশা উপস্থিত হয় ডিব্ৰুগড়ৰ পৰা অহা ফৰেনচিক বিভাগৰ তিনিজনীয়া এটি বিশেষজ্ঞ দল । মৃতদেহটো উদ্ধাৰ হোৱা শৌচালয়ৰ টেংকীত বিশেষজ্ঞ দলটোৱে এডাল ৰড, দুযোৰ ছেণ্ডেল, ছাত্ৰীগৰাকীৰ কাপোৰ, কলেজৰ বহী, বেগ আদি উদ্ধাৰ কৰে ।

ফৰেনচিক দলৰ এজন বিষয়াই কয়, ‘‘সামগ্ৰীসমূহ উদ্ধাৰ হোৱা ক্ষেত্ৰত বহুত পলম হৈ গৈছে ৷ আমি শৌচালয়ৰ পৰা ছোৱালীগৰাকীৰ কাপোৰ আৰু অনান্য সামগ্ৰীৰ লগতে এডাল ৰড লাভ কৰিছো ৷ এইখিনি আমি সংগ্ৰহ কৰিছো ৷ সেইখিনিৰ পৰা কিমান তথ্য পোৱা যাব, সেয়া এতিয়াই ক'ব নোৱাৰি ।’’ লগতে তেওঁ কয় যে ছোৱালীগৰাকীক ৰডেৰে মৰিয়াই হত্যা কৰাৰো অৱকাশ আছে ।

Pregnant girl beaten to death with a rod in Jorhat
ভুৱা ফাৰ্মাচিষ্ট (ETV Bharat)

আনহাতে মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকীৰ হত্যাৰ ঘটনাৰে সাঙোৰ খোৱা ৰেকিবুদ্দিন আহমেদ কোনো ফাৰ্মাচিষ্ট নাছিল ৷ ফাৰ্মাচিষ্ট নোহোৱাকৈ তেওঁ দীৰ্ঘদিন ধৰি ঔষধ দি আহিছিল ৰোগীক । ৰেকিবুদ্দিনৰ নাই কোনো ফাৰ্মাচিষ্টৰ ডিপ্লমা ৷

লগতে তেওঁ আছাম ফাৰ্মাচী কাউন্সিলৰো কোনো ধৰণৰ সদস্য নাছিল ৷ তেওঁ এজন ফাৰ্মাচীত কাম কৰা কৰ্মচাৰীহে আছিল । তিতাবৰত আজি (বৃহস্পতিবাৰ) এক সংবাদমেলৰ জৰিয়তে এই কথা সদৰী কৰে যোৰহাট জিলা ফাৰ্মাচী সেৱা সন্থাই । সন্থাটোৱে সমগ্ৰ ঘটনাটোক গৰিহণা দিয়াৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে ৷

লগতে পঢ়ক : পিতৃৰ কু-কাৰ্যত লগত জড়িত আছিল পুত্ৰও ! জগত সিঙৰ দুই পুত্ৰসহ এজন ফাৰ্মাচিষ্টক গ্ৰেপ্তাৰ