ETV Bharat / state

নাপিতৰ বাসগৃহত লক্ষাধিক টকা, উগ্ৰপন্থী সংগঠনৰ বাবে সংগ্ৰহ কৰাৰ সন্দেহ

এতিয়াও নিষিদ্ধ ঘোষিত সংগঠনৰ বাবে সংগ্ৰহ হৈ আছে নেকি লাখে লাখে ধন ? মৰাণত খাতি খোৱা লোকৰ বাসগৃহত ওলাল লক্ষাধিক ধন ।

Police seized cash of 14.5 lakh rupees, one person arrested in Moran
মৰাণত বৃহৎ পৰিমাণৰ নগদ ধনসহ এজনক গ্ৰেপ্তাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 6, 2026 at 7:38 PM IST

2 Min Read
Choose ETV Bharat

মৰাণ: ডিব্ৰুগড় জিলাৰ মৰাণত উদ্ধাৰ লাখ লাখ টকা । বৃহৎ পৰিমাণৰ ধন অবৈধভাৱে মজুত ৰখাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন লোকক ৷ ধৃত লোকজন মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ঘুগুলপথাৰ গাঁৱৰ বিৰজু ঠাকুৰ (২৬) ৷ পেছাত নাপিত বিৰজু ঠাকুৰৰ বাসগৃহত নিশা অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে নগদ ১৪ লাখ ৫০ হাজাৰ টকা ৷

উগ্ৰপন্থী সংগঠনৰ কাৰ্য-কলাপত ধন সৰবৰাহৰ তথ্য লাভ কৰি টিংখাং সমজিলা আৰক্ষী অধীক্ষক ব্ৰেনডন দৈমাৰী আৰু মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ডাণ্টেজিৎ দেউৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে বিৰজু ঠাকুৰৰ বাসগৃহত অভিযান চলাই জব্দ কৰে উক্ত ধনৰাশি ৷

মৰাণ আৰক্ষীৰ সংবাদমেল (ETV Bharat Assam)

আৰক্ষীয়ে ধৃত বিৰজু ঠাকুৰক সোধ-পোছ অব্যাহত ৰাখিছে যদিও ধনৰ উৎস সন্দৰ্ভত বৰ্তমানলৈকে কোনো নিশ্চিত তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ বিৰজু ঠাকুৰৰ এটা ম’বাইল জব্দ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ মঙলবাৰে আদালতত হাজিৰ কৰাৰ পাছতে পুনৰ মৰাণ আৰক্ষীয়ে জিম্মাত বিচাৰে ধৃত বিৰজু ঠাকুৰক ৷

সমগ্ৰ বিষয়টোক লৈ মৰাণৰ আৰক্ষী থানাত সংবাদমেল অনুষ্ঠিত টিংখাং সমজিলা আৰক্ষী অধীক্ষক ব্ৰেনডন দৈমাৰীয়ে কয়, "মৰাণ থানাৰ অন্তৰ্গত ঘুগুলো পথাৰৰ এজন মানুহে economic fraud ৰ কাম কৰি আছে বুলি গম পাই মানুহজনৰ ঘৰত স্থানীয় সাক্ষীৰ সন্মুখত চাৰ্জ কৰোঁ । আমি প্ৰায় ১৪ লাখ ৫০ হাজাৰ টকা নগদ ধন, এটা অ'প' ম'বাইল ফোন জব্দ কৰিছোঁ ।"

Police seized cash of 14.5 lakh rupees, one person arrested in Moran
জব্দ কৰা ধন ৰাশি (ETV Bharat Assam)

তেওঁ পুনৰ কয়, "মানুহজনৰ নাম বিৰজু ঠাকুৰ । তদন্তত মানুহজনে হাজিৰা আৰু নাপিতৰ কাম কৰে বুলি জানিব পাৰিছোঁ । তদন্ত প্ৰক্ৰিয়া চলি আছে । পইচাৰ উৎসৰ বিষয়ে তেওঁ ক'ব পৰা নাই । আমি অনুসন্ধান কৰি গম পাইছোঁ যে তেওঁ নিষিদ্ধ সংগঠনৰ লগত জড়িত হৈ আছে আৰু সেই হিচাপে আমি এতিয়া তদন্ত কৰি আছোঁ ।"

লগতে পঢ়ক: মাৰ্ঘেৰিটাত ৰাইজৰ দলৰ সম্ভাব্য় প্ৰাৰ্থী ঘোষণা; প্ৰদ্যুৎ বৰদলৈয়েও পুত্ৰক অভিষেক ঘটোৱাৰ সম্ভাৱনা !

খচৰা ভোটাৰ তালিকাত চৌধুৰীৰ পৰিয়ালত কেনেকৈ অন্তৰ্ভুক্ত হ'ল প্রসাদ, শ্বাহ ?