ETV Bharat / state

লখিমপুৰ থানাত ম'বাইল ফোনৰ উজান, জালত পৰিল ৬ জন

লখিমপুৰ সদৰ থানাত ম'বাইল ফোনৰ দম । শতাধিক চুৰি ম'বাইল ফোন আৰক্ষীয়ে উদ্ধাৰ কৰাৰ লগতে আটক কৰিলে ছজনক ।

Police recover over a hundred stolen mobile phones and arrest 6 people in Lakhimpur
ম'বাইল ফোনৰ উজান উঠিল লখিমপুৰ সদৰ থানাত, জালত পৰিল ৬ জন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 11, 2026 at 11:31 PM IST

2 Min Read
Choose ETV Bharat

লখিমপুৰ: সাধাৰণতে নেদেখা এক দৃশ্যপট সৃষ্টি হ'ল লখিমপুৰ সদৰ থানাত । থানাৰ সলনি বৃহৎ ম'বাইল ফোনৰ বিপণিৰ পৰিৱেশৰ সৃষ্টি হ’ল থানাখনত । আৰক্ষীয়ে সজালে ১৪৭ টাকৈ ম'বাইল ফোন । তাৰ লগতে পাঁচ শতাধিক ম'বাইল ফোনৰ বেটাৰী । অন্যান্য ম'বাইল ফোনৰ যন্ত্রাংশৰ কথা বাদেই । দৰাচলতে আৰক্ষীয়ে এক অভিযান চলাই এই বৃহৎ পৰিমাণৰ চুৰি ম'বাইল ফোনবোৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

চুৰি ম'বাইল ফোন উদ্ধাৰ কৰাৰ লগতে ছজন যুৱকক আটক কৰে । ইয়াৰে চাৰিজন হ'ল পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ । উল্লেখযোগ্য লখিমপুৰ সদৰ থানাৰ আৰক্ষীয়ে গোপন সূত্রৰ খবৰৰ ভিত্তিত নগৰ এলেকাৰ গৰিয়াজানৰ চাপৰি গাঁৱত অভিযান চলায় । এই অভিযানত আৰক্ষীয়ে ১৪৭ টা চুৰি ম'বাইল ফোন, পাঁচ শতাধিক ম'বাইল ফোনৰ বেটাৰীসহ ম'বাইল ফোনৰ ভালেমান যন্ত্রাংশ উদ্ধাৰ কৰে ।

ম'বাইল ফোনৰ উজান উঠিল লখিমপুৰ সদৰ থানাত, জালত পৰিল ৬ জন (ETV Bharat Assam)

এই বৃহৎ পৰিমাণৰ চুৰিকাৰ্যৰ লগত জড়িত পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ ছৰিফ শ্বেখ, নুৰমন শ্বেখ, ছাইদুল শ্বেখ, আব্দুল ৰহমানৰ লগতে লখিমপুৰৰ লালুকৰ বুদ্ধজ্যোতি বৰুৱা আৰু জেহেৰুল আলীক আটক কৰে । উল্লেখ্য পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ পৰা আহি লখিমপুৰৰ চাপৰি গাঁৱৰ ভাৰাঘৰত থাকি তেওঁলোকে এনে দুষ্কাৰ্য কৰি আহিছিল ।

আৰক্ষী বিষয়াই জনোৱা মতে তেওঁলোকে ম'বাইলসমূহ চুৰি কৰি বিক্ৰী কৰে । ইতিমধ্যে তেওঁলোকে আইফোন পৰ্যন্ত চুৰি কৰি বিক্ৰী কৰিছে । ম'বাইল ফোনৰ যন্ত্রাংশও তেওঁলোকে পৃথক পৃথকভাৱে বিক্ৰী কৰে । সম্প্ৰতি ধৃত ম'বাইল ফোন চুৰি গেংটোক লখিমপুৰ সদৰ থানাত আৰক্ষীয়ে সোধা-পোছা কৰি আছে ।

এই সন্দৰ্ভত অধিক অনুসন্ধানো আৰক্ষীয়ে অব্যাহত ৰাখিছে । খোদ লখিমপুৰ সদৰ এলেকাতে এনেদৰে বৃহৎ পৰিমাণৰ চুৰি ম'বাইল উদ্ধাৰ হোৱা ঘটনাত ৰাইজে আশ্বৰ্য প্ৰকাশ কৰাৰ লগতে বহিঃৰাজ্যৰ যুৱকে ভাৰাঘৰত খোপনি পুতি লখিমপুৰত এনে দুষ্কাৰ্য চলোৱাৰ ঘটনা পোহৰলৈ অহাত হতবাক হৈ পৰিছে ।

Police recover over a hundred stolen mobile phones and arrest 6 people in Lakhimpur
লখিমপুৰ সদৰ থানাত ম'বাইল ফোনৰ দ'ম (ETV Bharat Assam)

উল্লেখ্য যে, নগৰ এলেকাৰ চাপৰি গাঁৱত বিভিন্ন অসামাজিক কাৰ্যৰ ঘাটি চলি আছে বুলি সততে ৰাইজে অভিযোগ তুলি আহিছে । ৰাইজৰ এনে অভিযোগৰ সত্যতা প্ৰতীয়মান কৰি বৃহস্পতিবাৰে বৃহৎ পৰিমাণৰ চুৰি ম'বাইল ফোনৰ ঘাটিত আৰক্ষীয়ে অভিযান চলায় । ৰাইজে এলেকাটোত আৰক্ষীয়ে চোকা দৃষ্টি ৰখাৰ কামনা কৰিছে ।

লগতে পঢ়ক: কোনে হত্যা কৰিলে ববিতাক, ইয়াৰ আঁৰৰ ৰহস্য কি ?

ব্যতিক্ৰমী আৰু ৰাজকীয় চখ : দেশ-বিদেশৰ মুদ্ৰাৰ বিশাল সাম্ৰাজ্য গঢ়ি তোলা ভাৰত বাগাদিয়াৰ কথাৰে....