ETV Bharat / state

দিল্লীৰ বোমা বিস্ফোৰণৰ পিচতেই অসমত কটকটীয়া তালাচী অভিযান

মহানগৰীত প্ৰৱেশ কৰা প্ৰতিখন বাহনত চলিছে তালাচী । লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰতো কটকটীয়া নিৰাপত্তাৰ ব্য়ৱস্থা ।

police launched massive search operation in Guwahati
বৰঝাৰত তালাচী অভিযান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 12, 2025 at 9:37 AM IST

2 Min Read
Choose ETV Bharat

মিৰ্জা : লালকিল্লাৰ মেট্ৰ' ষ্টেচনৰ সমীপৰ এখন বাহনত সোমবাৰে সংঘটিত বিস্ফোৰণত কেইবাজনো লোকৰ মৃত্য়ু হোৱাৰ লগতে আহত হয় বহু লোক ৷ এই ভয়াৱহ বিস্ফোৰণৰ পিছতে দিল্লী মেট্ৰ', লালকিল্লা, চৰকাৰী ভৱন আৰু ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰকে ধৰি ৰাষ্ট্ৰীয় ৰাজধানীৰ সকলো অঞ্চলতে হাই এলাৰ্টত জাৰি কৰা হৈছে । সমান্তৰালভাৱে দেশৰ বিভিন্ন ঠাইতো নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে ।

বৰঝাৰ বিমান বন্দৰতো গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী । মহানগৰীত প্ৰৱেশ কৰা প্ৰতিখন বাহনত আৰক্ষীয়ে চলাইছে তালাচী । বিমান বন্দৰত যাতে কোনোধৰণৰ কূটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চিআইএছএফে এইদৰে ব্যাপক তালাচী আৰম্ভ কৰিছে । স্নিফাৰ ড'গ, বোম ডিটেক্টৰ মেচিন আদিৰে বিমান বন্দৰৰ পাৰ্কিঙত থকা বাহনৰ লগতে প্ৰতিটো কোণত তালাচী চলাইছে ।

বৰঝাৰত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী (ETV Bharat Assam)

আনহাতে মহানগৰীত প্ৰৱেশ কৰা সন্দেহজনক বাহনত বৰঝাৰ আৰক্ষীয়েও তালাচী চলাইছে । বিশেষকৈ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ ভিতৰে-বাহিৰে তালাচী তীব্ৰতৰ কৰাৰ উপৰি সষ্টম হৈছে নিৰাপত্তাৰক্ষী । দিল্লীৰ বোমা বিস্ফোৰণক লৈ দেশজুৰি হাই এলাৰ্ট জাৰি কৰাৰ সময়ত অসমতো যাতে কোনেও এনে কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰবাবে আৰক্ষী প্ৰশাসনক সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই মঙলবাৰেই এই সন্দৰ্ভত কয়, “ফেচবুকত একাংশ লোকে এই ঘটনাক হয় আদৰণি জনাইছে, নহ'লে খুব স্ফূৰ্তিৰে ইম’জি প’ষ্ট কৰি এই ঘটনাক আদৰণি জনাইছে । তাৰমানে এইসকল ব্যক্তিয়ে সন্ত্ৰাসবাদক সমৰ্থন কৰে । এইসকল ব্যক্তিৰ আমি বেকগ্ৰাউণ্ড নিৰীক্ষণ কৰি আছো ।" সন্দেহযুক্ত ব্যক্তিক গ্ৰেপ্তাৰৰ প্ৰসংগতো মুখ্যমন্ত্ৰীয়ে কয়, "প্ৰয়োজনত কিছু ব্যক্তিক আমি গ্ৰেপ্তাৰো কৰিম । কাৰণ অসমত যাতে সন্ত্ৰাসবাদে কোনো কাৰণত মূৰ দাঙি উঠিব নোৱাৰে ।"

লগতে পঢ়ক:লালকিল্লা বিস্ফোৰণ : UAPA আৰু বিস্ফোৰক আইনৰ অধীনত দিল্লী আৰক্ষীৰ গোচৰ পঞ্জীয়ন