ETV Bharat / state

গুৱাহাটীত যান-বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী

যোৱা দুমাহত যান-বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে আৰক্ষী । এই কথা মহানগৰ আৰক্ষীৰ ৷

Assam police drive against traffic law violators
যান-বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 12, 2026 at 7:22 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : উত্তৰ পূবৰ দুৱাৰমুখ গুৱাহাটীত প্ৰতিদিনে যান-বাহন আইন উলংঘনৰ ঘটনা সংঘটিত হৈছে । আইন উলংঘন কৰা চালকৰ বিৰুদ্ধে যান-বাহন আৰক্ষী কঠোৰ হোৱাও দেখা গৈছে । আনহাতে আগন্তুক দিনবোৰত যান বাহন আৰক্ষী অধিক কঠোৰ হোৱাৰ ইংগিত দিছে। সেয়েহে আৰক্ষীয়ে যান-বাহনৰ সকলো নীতি-নিয়ম মানি চলিবলৈ ৰাইজক আহ্বান জনাইছে।

ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে শুকুৰবাৰে পাণবজাৰত আয়োজিত এখন সংবাদমেলত উপ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাই কয়, "অসম আৰক্ষী বা গুৱাহাটীৰ যান-বাহন আৰক্ষী কোনো ৰাজহ সংগ্ৰহকাৰী বিভাগ নহয় । কিন্তু ৰাইজক সজাগ কৰাৰ বাবেহে যান-বাহন উলংঘাকাৰীক জৰিমনা বিহা হয় ।"

উপ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰা (ETV Bharat)

জৰিমনা বিহাৰ অৰ্থ শাস্তি নহয় বুলি সদৰী কৰি উপ আৰক্ষী আয়ুক্ত বৰাই কয়, "আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী আয়ুক্তৰ নিৰ্দেশমৰ্মে যোৱা দুমাহৰ পৰা যান-বাহন আইন সন্দৰ্ভত সজাগতা চলাই থকা হৈছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত পথ দুৰ্ঘটনাৰ বিৰুদ্ধে অভিযান চলাই থকা হৈছে । পথ দুৰ্ঘটনা ৰোধৰ বাবে প্ৰত্যেক মাহতে মুখ্য সচিবৰ অধ্যক্ষতাত বৈঠক অনুষ্ঠিত কৰি অহা হৈছে ।" উপ আৰক্ষী আয়ুক্ত বৰাই পুনৰ কয়, "মহানগৰীত যোৱা দুমাহৰ পৰা হেলমেট পৰিধান নকৰাসকলৰ বিৰুদ্ধে অভিযান চলাই থকা হৈছে ।"

যান-বাহন আইন মানি চলিবলৈ ৰাইজক আহ্বান (ETV Bharat)

এইক্ষেত্ৰত সংবাদমেলত কেতবোৰ পৰিসংখ্যা দাঙি ধৰি উপ আৰক্ষী আয়ুক্ত বৰাই কয় যে যোৱা মে' মাহত ইনটিগ্ৰেটেড ট্ৰেফিক মেনেজমেণ্ট চিষ্টেমৰ (আইটিএমএছ) জৰিয়তে হেলমেট পৰিধান নকৰাকৈ মটৰ চাইকেল চলোৱা ১২ হাজাৰটা ঘটনা ধৰা পৰিছে ।

আৰক্ষীয়ে নিজাববীয়াকৈ ৬৫০ জন লোকক হেলমেট পৰিধান নকৰা অৱস্থাত ধৰা পেলাইছে । একেদৰে এপ্ৰিল মাহত ৫২ টা আৰু মে' মাহত ৯২ টা ছিল্ট বেল্ট পৰিধান নকৰা ঘটনা, এপ্ৰিলত ৭১ টা আৰু মে' মাহত ৩৯৬ টা সুৰাপান কৰি গাড়ী চলোৱা ঘটনা, এপ্ৰিল মাহত ২০ খন আৰু মে' মাহত ২৫৬ খন চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে ।

উপ-আৰক্ষী আয়ুক্ত বৰাই পুনৰ কয় যে মে' মাহত গাড়ীত ক'লা আইনা লগোৱা ৯২ খন বাহন ধৰা পেলোৱা হৈছে । অনুৰূপ ধৰণে ভুল দিশত চলোৱা ১,৯৬৩ খন বাহন, মডিফাইড চাইলেঞ্চাৰ লগোৱা ৭ খন বাহন আৰু এখন মটৰ চাইকেলত ৩ জনকৈ উঠা ১৩০ টা ঘটনা আৰক্ষীয়ে ধৰা পেলাবলৈ সক্ষম হৈছে ।‌

দ্ৰুতগতিত বাহন চলোৱাৰ ঘটনাও এপ্ৰিল মাহত ৯ টা আৰু তাৰ পৰিৱৰ্তে মে' মাহত ৯৫ টা, মোবাইল ফোন ব্যৱহাৰ কৰি বাহন চলোৱাৰ ঘটনা এপ্ৰিল মাহত ২২ টা আৰু মে' মাহত ৩১ টা চিনাক্ত কৰা হৈছে । বৰ্তমানলৈকে যান-বাহন আইন উলংঘা কৰাক লৈ মে' মাহত ১,১০৭ জনক জৰিমনা বিহা বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :

সৰুপথাৰক নিচামুক্ত কৰিবলৈ অবৈধ সুৰা বিৰোধী সামাজিক আন্দোলন