ETV Bharat / state

২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল

গুৱাহাটীত ৰাজহুৱা সভাত ভাগ লোৱাৰ লগতে নামৰূপ সাৰ কাৰখানাত নতুন গোটৰ আধাৰশিলাও স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে ৷

Assam CM review meeting
প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ কাৰ্যসূচীৰ প্ৰস্তুতিৰ পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ (x@CMOfficeAssam)
author img

By PTI

Published : December 4, 2025 at 1:00 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : অহা ২০ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ অসম চৰকাৰে প্ৰস্তুতি আৰম্ভ কৰিছে । বুধবাৰে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । এই প্ৰস্তুতিৰ পৰ্যালোচনা বৈঠক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এক্সৰ এটা পোষ্টত লিখিছে, "অসমে ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীক আদৰিবলৈ সাজু হৈছে, কাৰণ তেওঁ ৰাজ্যখনৰ উন্নয়নৰ নতুন ঢৌৰ আগজাননী দিব ।" তেওঁ লগতে কয়, "তেওঁৰ আদৰণিৰ বাবে প্ৰস্তুতি আৰু ভ্ৰমণৰ সময়ত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰ্যালোচনা কৰোঁ ।"

প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণৰ সময়ত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰাৰ লগতে বৰঝাৰত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তিও উন্মোচন কৰিব । প্ৰধানমন্ত্ৰী মোদীয়ে গুৱাহাটীত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ কথা আছে । প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণৰ সময়ত নামৰূপ সাৰ কাৰখানাত ১২.৭ লাখ মেট্ৰিকটন ইউৰিয়া উৎপাদনক্ষম এটা নতুন গোটৰ আধাৰশিলা স্থাপন কৰিব আৰু এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব ।

অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ এই দুয়োটা কাৰ্যসূচীৰ প্ৰস্তুতিৰ বাবে পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে । মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত আৰক্ষী, জিলা প্ৰশাসনকে ধৰি বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে । দুয়োটা অনুষ্ঠান যাতে সুচাৰুৰূপে পৰিচালিত হয় তাৰ বাবে মুখ্যমন্ত্ৰীয়ে উচ্চপদস্থ বিষয়াসকলক নিৰ্দেশ দিয়ে ।

এই বৈঠকত উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বড়া, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, কামৰূপ আৰু ডিব্ৰুগড়ৰ জিলা আয়ুক্তদ্বয়ৰ লগতে অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক এছ পি মহন্তই ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে । মুখ্যমন্ত্ৰীৰ বিবৃতিটোত কোৱা হৈছে যে এই বৈঠকত মুখ্য সচিব ডঃ ৰবি কোটা, আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙকে ধৰি কেইবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকে ।

লগতে পঢ়ক :তেজপুৰ বিশ্ববিদ্যালয়ত ভাৰপ্রাপ্ত উপাচাৰ্য নিয়োগৰ বাবে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীক আহ্বান মুখ্যমন্ত্ৰীৰ