দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে অসমলৈ প্ৰধানমন্ত্রী : গুৱাহাটী-কলকাতাৰ মাজত চলিব বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছ
বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছ ৰে'লখন প্ৰধানমন্ত্রীয়ে কলকাতাৰ পৰা ফ্লেগ অ'ফ কৰিব আৰু গুৱাহাটীৰ কামাখ্যা ষ্টেচনত উপস্থিত থাকিব মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা ।

Published : January 16, 2026 at 3:32 PM IST
গুৱাহাটী : দুদিনীয়া অসম ভ্ৰমণৰ কাৰ্যসূচীৰে শনিবাৰে বিয়লি গুাৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । কেইবাটাও কাৰ্যসূচী লৈ অসমলৈ আহিবলগীয়া প্ৰধানমন্ত্রী মোদীয়ে শনিবাৰে কলকাতাৰ মালদহ টাউন ৰে'লৱে ষ্টেচনৰ পৰা আনুষ্ঠানিকভাৱে মুকলি কৰিব কলকাতা-কামাখ্যা বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছ ৰে'ল ।
কলকাতা আৰু গুৱাহাটীৰ মাজত চলিবলগীয়া এই ৰে'লখন প্ৰধানমন্ত্রীয়ে কলকাতাৰ পৰা ফ্লেগ অ'ফ কৰিব আৰু গুৱাহাটীৰ কামাখ্যা ষ্টেচনত উপস্থিত থাকিব মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা ।
উপভোগ কৰিব বাগৰুম্বা নৃত্য :

উল্লেখ্য যে শনিবাৰে বিয়লি ৫.২০ বজাত গুৱাহাটীৰ বিমানবন্দৰত উপস্থিত হ'ব প্ৰধানমন্ত্রী মোদী । বিমানবন্দৰত বিশাল ৰেলীৰে প্ৰধানমন্ত্রী মোদীক আদৰণি জনোৱা হ'ব । ইয়াৰ পিছত প্ৰধানমন্ত্রী মোদী সৰুসজাইৰ ষ্টেডিয়ামলৈ আহিব । সৰুসজাইৰ ক্ৰীড়া প্ৰকল্পত সন্ধিয়া ৬ বজাত প্ৰধানমন্ত্রীয়ে ১০ হাজাৰ শিল্পীয়ে প্ৰদৰ্শন কৰিবলগীয়া বাগৰুম্বা নৃত্য উপভোগ কৰিব ।
প্ৰধানমন্ত্রী নিশা কইনাধৰাৰ এক নং ৰাজ্যিক অতিথিশালাত থাকিব । পিছদিনা পুৱা ৯.৩০ বজাত প্ৰধানমন্ত্রী খানাপাৰাৰ পৰা কলিয়াবৰ অভিমুখে ৰাওনা হ'ব । দিনৰ ১১ বজাত প্ৰধানমন্ত্রীয়ে কলিয়াবৰৰ মৌচন্দা পথাৰত এখন ৰাজহুৱা সভাত অংশ ল'ব । এই ৰাজহুৱা সভাতে প্ৰধানমন্ত্রীয়ে কলিয়াবৰৰ পৰা বোকাখাটলৈ ৩৪.৫ কিলোমিটাৰ দৈৰ্ঘৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিকল্প পথ হিচাপে এখন ফ্লাই অভাৰ তথা এলিভেটেড ক'ৰিডৰৰ আধাৰশিলা স্থাপন কৰিব ।
প্ৰধানমন্ত্রীয়ে কলকাতাৰ পৰা ফ্লেগ অ'ফ কৰিব বন্দে ভাৰতৰ :
উল্লেখ্য যে গুৱাহাটী আৰু কলকাতাৰ মাজৰ বন্দে ভাৰত শ্লিপাৰ ৰে'ল ১৭ জানুৱাৰীত প্ৰধানমন্ত্রীয়ে কলকাতাৰ পৰা ফ্লেগ অ'ফ কৰিব । আনহাতে ১৮ জানুৱাৰীত প্ৰধানমন্ত্রীয়ে অসমৰ পৰা আৰু দুখন ট্ৰেইনৰ ফ্লেগ অ'ফ কৰিব । ইয়াৰে এখন ৰে'ল ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌ লৈ যাব আৰু আনখন নতুন ট্ৰেইন গুৱাহাটীৰ পৰা নতুন দিল্লীলৈ যাব । এই দুখন ট্ৰেইনৰ প্ৰধানমন্ত্রীয়ে কলিয়াবৰৰ অনুষ্ঠানৰ পৰা এলিভেটেড ক'ৰিডৰৰ লগতে আনুষ্ঠানিকভাৱে ফ্লেগ অ'ফ কৰিব ।

কলিয়াবৰৰ অনুষ্ঠান সামৰি দিনৰ ১২.১৫ বজাত প্ৰধানমন্ত্রী কলিয়াবৰৰ পৰা গুৱাহাটীৰ বিমানবন্দৰলৈ আহিব । দিনৰ ১ বজাত প্ৰধানমন্ত্রীয়ে গুৱাহাটীৰ পৰা দিল্লীলৈ ৰাওনা হ'ব ।
গুৱাহাটী-কলকাতাৰ মাজত প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছ :
গুৱাহাটী আৰু কলকাতাৰ মাজত প্ৰথমবাৰৰ বাবে শনিবাৰৰ পৰা চলাচল কৰিব বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছ । এই এক্সপ্ৰেছে দীর্ঘদূৰত্বৰ নৈশ ৰে'ল যাত্ৰাত এক গুৰুত্বপূৰ্ণ সফলতা হিচাপে পৰিগণিত হ'ব । লগতে উত্তৰ-পূৰ্ব্বাঞ্চল আৰু পূৰ্ব ভাৰতৰ মাজত ৰে'ল সংযোগ অধিক শক্তিশালী কৰি তুলিব ।

উত্তৰ পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জনোৱা মতে, নিউ জেনেৰেশ্যনৰ এই ৰে'লখন মুঠ ৮২৩ গৰাকী যাত্রী কঢ়িওৱাৰ ক্ষমতাৰে ১৬ টা ডবাৰ ৰেকৰ সৈতে চলাচল কৰিব ।
বন্দে ভাৰতত কি কি সুবিধা আছে ?
ৰে'লখনত ১১ টা এচি ৩ টায়াৰ ডবা, ৪ টা এচি ২-টায়াৰ ডবা আৰু ১ টা প্ৰথম এচি ডবা অন্তর্ভুক্ত, যিয়ে বিভিন্ন শ্ৰেণীৰ যাত্ৰীৰ বাবে আৰামদায়ক যাত্ৰাৰ বিকল্প প্ৰদান কৰিব । যাত্রীকেন্দ্রিক দৃষ্টিভংগীৰে ডিজাইন কৰা বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছ ৰে'লখন যাত্ৰীৰ বাবে আৰামদায়ক ডিজাইন কৰা কুশ্বনযুক্ত বার্থ, উন্নত চাচপেনচন চিষ্টেমৰ সৈতে আৰামদায়ক ভ্রমণ, শব্দ হ্রাস প্রযুক্তি, ভেষ্টিবিউলৰ সৈতে স্বয়ংক্রিয় দুৱাৰ আৰু আধুনিক যাত্ৰী তথ্য প্রণালী উপলব্ধ ।

আনহাতে দিব্যাংগ যাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা, সমসাময়িক শৌচাগাৰ আৰু উন্নত জীৱাণুনাশক প্রযুক্তিয়ে স্বাস্থ্যসন্মত আৰু আৰামদায়ক ভ্ৰমণ আৰু অধিক উন্নত কৰি তুলিব । মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে, বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছৰ সুৰক্ষা হৈছে এক বিশেষ বৈশিষ্ট্য । এই ৰে'লখনত স্বয়ংক্রিয় ৰে'ল ক্ৰছেৰে সজ্জিত সুৰক্ষা ব্যৱস্থা, জৰুৰীকালীন যাত্রী টক-বেক ইউনিট আৰু উন্নত নিয়ন্ত্ৰণৰ সৈতে অত্যাধুনিক ড্ৰাইভাৰ কেবৰ সৈতে সজ্জিত ।

ইয়াৰ সুগম বায়ু চলাচলৰ বহিৰ্ভাগ আৰু শোধিত অভ্যন্তৰীণ অংশই স্বদেশী ৰেল ইঞ্জিনিয়াৰিং আৰু ডিজাইনৰ শেহতীয়া সফলতাকেই প্রদর্শন কৰিছে । এই সেৱাৰ প্ৰৱৰ্তনে অসম আৰু পশ্চিমবংগৰ মাজত ৰে'ল সংযোগক যথেষ্ট সমৃদ্ধ কৰিব বুলি আশা কৰা হৈছে । ইয়াৰ দ্বাৰা বিশেষভাৱে উপকৃত জিলাসমূহৰ ভিতৰত অসমৰ কামৰূপ মহানগৰ জিলা আৰু বঙাইগাঁও আৰু পশ্চিমবংগৰ কোচবিহাৰ, জলপাইগুড়ী, মালদাহ, মুর্শিদাবাদ, পূর্ব বর্ধমান, হুগলী আৰু হাওড়া অন্তর্ভুক্ত থাকিব ।

এই সেৱাই আঞ্চলিক গতিশীলতাক সঁহাৰি জনোৱাৰ লগতে বাণিজ্য, পর্যটন আৰু আৰ্থসামাজিক বিকাশক উৎসাহিত কৰিব । মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াগৰকীয়ে কয়, "ভাৰতৰ প্ৰথম বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছ ৰে'লৰ প্ৰৱৰ্তনে ভাৰতীয় ৰে'লৱেৰ নৱ উদ্ভাৱন যাত্ৰীকেন্দ্ৰিক সেৱা আৰু ৰাষ্ট্ৰৰ বাবে এক আধুনিক, ভৱিষ্যতৰ বাবে প্ৰস্তুত ৰে'ল নেটৱৰ্কৰ দৃষ্টিভংগীৰ প্ৰতি অটল দায়বদ্ধতাকেই পুনৰ নিশ্চিত কৰিছে । এই ৰে'লখন সপ্তাহত ছয় দিন চলাচল কৰিব আৰু গুৱাহাটীৰ পৰা কলকাতালৈ যাওতে ১৪ ঘণ্টা সময় লাগিব ।"
জানি লওক ভাৰাৰ বিষয়ে :
"ভাৰা হৈছে গুৱাহাটীৰ পৰা হাওৰালৈ গ'লে থাৰ্ড এচিত ২৩০০ টকা, ছেকেণ্ড এচিত ৩০০০ হাজাৰ আৰু ফাষ্ট এচিত প্ৰায় ৩৬০০ টকা । খাদ্যৰ ক্ষেত্রতো ভাল ব্যৱস্থা কৰা হৈছে । গুৱাহাটীৰ পৰা যাওতে অসমীয়া খাদ্য আৰু কলকাতাৰ পৰা আহোতে বাঙালী খাদ্য দিয়া হ'ব । খাদ্য ভাৰাতে অন্তৰ্ভুক্ত হৈ থাকিব । যাত্রীসকলে এই সেৱাৰ যোগেদি এক নতুন আৰামদায়ক অভিজ্ঞতা লাভ কৰিব ।" মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াগৰকীয়ে এইদৰে কয় ।
উল্লেখ্য যে, বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছ ৰে’লখনে ঘণ্টাত সৰ্বোচ্চ ১৮০ কিলোমিটাৰ বেগত চলিব পাৰিব; কিন্তু সুৰক্ষাৰ দিশটোৰ প্ৰতি গুৰুত্ব দি ঘন্টাত ১৩০ কিলোমিটাৰ পৰ্যন্তহে চলিব বুলি জানিব পৰা গৈছে । ৰে’লখনত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ বাবে বিশেষ বীজাণুনাশক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে । চালকৰ কেবিনত আধুনিক নিৰাপত্তা ব্যৱস্থাও আছে । ৰে’লখনৰ বাহিৰৰ অংশও এৰ’ডাইনেমিক । দুৱাৰবোৰ স্বয়ংক্ৰিয়ভাৱে খোল খাব আৰু বন্ধ হৈ যাব । কোচৰ ভিতৰত চিচিটিভিৰ ব্যৱস্থা আছে । ৱাশ্বৰুমসমূহত অত্যাধুনিক সা-সঁজুলিও সজ্জিত কৰা হৈছে ।
কাজিৰঙা এলিভেটেড ক'ৰিডৰ :
প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে আনুষ্ঠানিকভাৱে কাজিৰঙা এলিভেটেড ক'ৰিডৰৰ আধাৰশিলা স্থাপন কৰিব । কলিয়াবৰৰ পৰা বোকাখাটলৈ ৩৪.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিকল্প পথ হিচাপে এই ফ্লাই অভাৰ তথা এলিভেটেড ক'ৰিডৰ স্থাপন কৰা হ'ব । কাজিৰঙা আৰু বোকাখাটৰ মাজত হ'ব এই এলিভেটেড ক'ৰিডৰ । এই প্ৰকল্পত ব্যয় হ'ব ৬৯৫৭ কোটি টকা । চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ হ'ব এই এলিভেটেড কৰিড'ৰ ।
এই ক'ৰিডৰে বাৰিষাৰ সময়ত পথলৈ ওলাই অহা কাজিৰঙাৰ বন্যজন্তুক ৰক্ষা কৰিব । আনহাতে এই ক'ৰিডৰৰ ফলত দূৰত্ব হ্ৰাস হ'ব আৰু যাতায়ত যথেষ্ট সুৰক্ষিত আৰু আৰামদায়ক হ'ব । এই এলিভেটেড কৰিড'ৰটো হোৱাৰ লগে-লগে আধাঘণ্টাৰ ভিতৰতে কলিয়াবৰৰ পৰা বোকাখাটলৈ যাব পৰা হ'ব । ইয়াৰ ফলত গুৱাহাটীৰ পৰা যোৰহাটলৈ যাতায়তৰ সময় পূৰ্বতকৈ প্ৰায় চাৰি ঘণ্টা হ্ৰাস পাব ।

