১৪ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব গুৱাহাটী-শিলচৰ এক্সপ্ৰেছৱে প্ৰকল্পৰ
গুৱাহাটী-শিলচৰ সংযোগী এক্সপ্ৰেছৱে প্ৰকল্পৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে । শিলচৰ উৰণ সেতুও মুকলি কৰিব ।

By PTI
Published : February 20, 2026 at 3:07 PM IST
গুৱাহাটী : সমাগত অসমৰ বিধানসভা নিৰ্বাচন । তাৰিখ ঘোষণা হোৱা নাই যদিও বিহুৰ আশে পাশে নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি ইংগিত দিছে নিৰ্বাচন আয়োগে । অৱশ্যে বিগত প্ৰায় এমাহ মানৰ পৰাই ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ প্ৰস্তুতি অব্যাহত ৰাখিছে । ইজনৰ পিছত সিজন কেন্দ্ৰীয় নেতাৰো আগমন হৈছে অসমলৈ । তাৰ মাজতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জনালে যে অহা ১৪ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুনৰ অসমলৈ আহিব ।
মুখ্যমন্ত্ৰীয়ে জনোৱা মতে প্ৰধানমন্ত্ৰীগৰাকীয়ে বৰাক উপত্যকা ভ্ৰমণ কৰি গুৱাহাটী আৰু শিলচৰ সংযোগী ২২ হাজাৰ কোটি টকাৰ এক্সপ্ৰেছৱে প্ৰকল্পৰ শুভাৰম্ভ কৰিব । এমাহৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এয়া দ্বিতীয়টো অসম ভ্ৰমণ হ'ব । কিয়নো যোৱা ১৪ ফেব্ৰুৱাৰীত অসমলৈ আহিছিল প্ৰধানমন্ত্ৰীগৰাকী ।
শিলচৰত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত তেওঁ কয় যে এই এক্সপ্ৰেছৱেই গুৱাহাটী আৰু শিলচৰৰ মাজত যাত্ৰাৰ সময় বৰ্তমান ৮ ঘণ্টাৰো অধিক সময়ৰ পৰা কমাই চাড়ে চাৰি ঘণ্টা কৰিব । নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগতে বন বিভাগৰ পৰাও সেউজ সংকেত লাভ কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে অৱগত কৰে ।
তেওঁ কয়, "ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়াও ভালদৰে আগবাঢ়িছে আৰু অতি সোনকালে পথ নিৰ্মাণৰ কাম আৰম্ভ হ'ব ।" মুখ্যমন্ত্ৰীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভ্ৰমণৰ সময়ত শিলচৰৰ উৰণ সেতুখনো উদ্বোধন কৰিব । শিলচৰৰ প্ৰস্তাৱিত গ্ৰীণফিল্ড বিমানবন্দৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে ইয়াৰ বাবে বৃহস্পতিবাৰে পৰিৱেশ বিভাগৰ অনুমোদন লাভ কৰিছে ।
তেওঁ কয়, "ইয়াৰ বাবে এতিয়া ৰাজ্যৰ মন্ত্ৰীসভাৰ অনুমোদনৰ প্ৰয়োজন হ'ব... এতিয়া সময় কম, কিন্তু আমি মাৰ্চ মাহৰ ভিতৰত প্ৰক্ৰিয়াটো আৰম্ভ কৰাৰ চেষ্টা কৰিম । যদি সম্ভৱ নহয়, তেন্তে বিধানসভা নিৰ্বাচনৰ পিছত হ'ব ।"
নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী ঘোষণা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পিছতহে প্ৰাৰ্থী তালিকা ঘোষণাৰ সম্ভাৱনা বেছি ।
লগতে পঢ়ক :অপেক্ষাৰ অন্ত ! ২২ ফেব্ৰুৱাৰীৰ পৰা যাত্ৰীৰ বাবে মুকলি হ'ব গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল

