ETV Bharat / state

১৮ জানুৱাৰীত কাজিৰঙাৰ এলিভেটেড কৰিড'ৰৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীয়ে; সভাৰ স্থান পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

কলিয়াবৰৰ মৌচন্দা পথাৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৪.৪৫ কিলোমিটাৰ দৈৰ্ঘৰ এলিভেটেড কৰিড'ৰৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।

PM MODI ASSAM VISIT
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (@narendramodiX)
author img

By ETV Bharat Assamese Team

Published : January 6, 2026 at 8:02 AM IST

3 Min Read
Choose ETV Bharat

কলিয়াবৰ : ভোগালী বিহুৰ বতৰত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প্ৰধানমন্ত্ৰীয়ে অহা ১৮ জানুৱাৰীত চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ এলিভেটেড কৰিড'ৰৰ শিলন্যাস কৰিব । প্ৰধানমন্ত্ৰী মোদীয়ে নগাঁও জিলাৰ কলিয়াবৰ তিনিআলিৰ পৰা নুমলীগড়লৈকে নিৰ্মাণ হ'বলগীয়া চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ এলিভেটেড কৰিড'ৰৰ শিলান্যাস কৰিব বুলি সদৰী কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই সদৰী কৰা অনুসৰি, কলিয়াবৰৰ মৌচন্দা পথাৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৪.৪৫ কিলোমিটাৰ দৈৰ্ঘৰ এলিভেটেড কৰিড'ৰৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে বিশাল জনসভাত অংশগ্ৰহণ কৰিব । উক্ত অনুষ্ঠানৰ আয়োজনক লৈ বিভাগীয় বিষয়া-কৰ্মচাৰীসকল দিনে-নিশাই তৎপৰ হৈ উঠিছে । তদ্ৰুপ অগপ-বিজেপিৰ দলীয় বিষয়ববীয়া, কৰ্মীসকলো প্ৰথমবাৰলৈ কলিয়াবৰত পদাৰ্পণ কৰিবলগীয়া প্ৰধানমন্ত্ৰীক আদৰিবলৈ উৎসুক হৈ উঠিছে ।

প্ৰধানমন্ত্ৰীৰ সভাস্থলী মৌচন্দা পথাৰ পৰ্যবেক্ষণ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (ETV Bharat Assam)

ইয়াৰ মাজতেই সোমবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা মৌচন্দা পথাৰত উপস্থিত হৈ পৰিৱেশ পৰ্যবেক্ষণ কৰাৰ লগতে কাম-কাজৰ বুজ লয় । মুখ্য়মন্ত্ৰীয়ে এই সন্দৰ্ভত সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষক যাৱতীয় নিৰ্দেশো জাৰি কৰে ।

চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ এলিভেটেড কৰিড'ৰৰ শিলন্যাস সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয়, "প্ৰায় তিনিবছৰ আগতেই মই জনাইছিলো কাজিৰঙাৰ ওপৰত ৩২ কিলোমিটাৰ দৈৰ্ঘৰ এখন এলিভেটেড কৰিডটৰ হ'ব, যিয়ে কাজিৰঙাৰ বন্যজন্তুক ৰক্ষা কৰিব । বিশেষকৈ আজি কলিয়াবৰৰ পৰা বোকাখাট যাবলৈ বিশেষকৈ বিভিন্ন প্ৰতিবন্ধকতা থকাৰ বাবে ডেৰঘণ্টাৰ পৰা দুঘণ্টা সময় লাগে । এই এলিভেটেড কৰিড'ৰটো হোৱাৰ লগে-লগে আমি আধাঘণ্টাৰ ভিতৰতে কলিয়াবৰৰ পৰা বোকাখাট পাব পাৰিম । ইয়াৰ ফলত গুৱাহাটীৰ পৰা যোৰহাটলৈ যাতায়তৰ সময় পূৰ্বতকৈ চাৰি ঘণ্টা হ্ৰাস পাব ।"

MAUCHANDA PATHAR AT KALIABOR
প্ৰধানমন্ত্ৰীৰ সভাস্থলী কলিয়াবৰৰ মৌচন্দা পথাৰ (ETV Bharat Assam)

মুখ্যমন্ত্ৰীয়ে পুনৰ কয়, "আমাৰ যাতায়তৰ দৃষ্টিভংগীৰ পৰা আৰু বন্যজন্তুৰ ৰক্ষণা-বেক্ষণ দিয়াৰ দৃষ্টিভঙ্গীৰ পৰা এইটো এটা বৃহৎ প্ৰকল্প । অহা ১৮ জানুৱাৰীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই প্ৰকল্পৰ শিলান্যাস কৰিব । এই প্ৰকল্পটোৰ আন কামৰ লগতে নিবিদাৰ কামো আগবাঢ়িছে । আজি এই মৌচন্দা পথাৰলৈ আহিছিলো যাতে অনুষ্ঠানটো ভালদৰে আয়োজন কৰিব পাৰো । আজি আমাৰ কাৰ্যকৰ্তাসকলকো লগ পালো । আমি আশা কৰো সুন্দৰ সভা এখন অনুষ্ঠিত কৰিম আৰু অসমবাসী ৰাইজক দিয়া এই উপহাৰৰ অসমৰ ৰাইজে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক নিশ্চিতভাৱে ধন্যবাদ জনাব ।" এই পৰ্যবেক্ষণৰ সময়ত স্থানীয় বিধায়ক তথা ৰাজহ মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই সংগ দিয়ে মুখ্যমন্ত্ৰীগৰাকীক।

লগতে পঢ়ক:কাজিৰঙাৰ এলিভেটেড ক’ৰিডৰ আধাৰশিলা স্থাপন কেতিয়া ? সদৰী কৰিলে মুখ্য়মন্ত্ৰীয়ে

কাজিৰঙাত হ'ব ৩৪ কিঃমিঃ দৈৰ্ঘৰ এলিভেটেড কৰিড'ৰ: কেন্দ্ৰই জনালে অনুমোদন