ETV Bharat / state

মৰাণৰ ঘাইপথত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীৰ বিমান : সাজু প্ৰশাসন

মৰাণত বায়ুসেনাৰ জৰুৰী অৱতৰণ সেৱা মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে । তাৰ পূৰ্বে অসম চৰকাৰৰ মুখ্য সচিবৰ উপস্থিতিত উচ্চস্তৰীয় বৈঠক ।

ELF in Moran
মৰাণৰ ঘাইপথত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীৰ বিমান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 5, 2026 at 7:32 PM IST

|

Updated : February 6, 2026 at 9:23 AM IST

3 Min Read
Choose ETV Bharat

মৰাণ : অহা ১৪ ফেব্ৰুৱাৰীত মুকলি হ'ব বহু প্ৰত্যাশিত বায়ুসেনাৰ জৰুৰী অৱতৰণ সেৱা । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব এই জৰুৰী অৱতৰণ সেৱা চমুকৈ ই এল এফ । প্ৰধানমন্ত্ৰীৰ আগমনক লৈ তৎপৰ হৈ পৰিছে ডিব্ৰুগড় জিলা প্ৰশাসন, ই এল এফ নিৰ্মাণৰ লগত জড়িত প্ৰতিষ্ঠান আৰু ভাৰতৰ বায়ুসেনা ৷

ইতিমধ্যে সম্পূৰ্ণ হৈছে মৰাণৰ চাৰিলেনযুক্ত পথত নিৰ্মাণ কৰা বায়ুসেনাৰ জৰুৰী অৱতৰণ সেৱা । ডিব্ৰুগড় জিলাৰ মৰাণ বাইপাছৰ জঁটিয়নীত চাৰিলেনযুক্ত পথৰ ৪.২ কিলোমিটাৰ অংশত নিৰ্মাণ কৰা হৈছে ই এল এফ ৷ ভাৰতীয় বায়ুসেনাৰ তত্বাৱধানত পশ্চিমবংগৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানে এই ই এল এফ নিৰ্মাণ কৰিছে । উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথম এই জৰুৰী অৱতৰণ সেৱাই মৰাণত যাতায়তৰ ক্ষেত্ৰত ব্যাপক পৰিৱৰ্তন আনিছে ।

মৰাণৰ ঘাইপথত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীৰ বিমান (ETV Bharat)

দেশৰ জৰুৰী পৰিস্থিতিত মৰাণৰ ৰাজপথত যিকোনো সময়তে অৱতৰণ কৰিব পাৰিব ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান ৷ প্ৰধানমন্ত্ৰীৰ উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি এক এয়াৰ শ্ব' অনুষ্ঠিত কৰাৰ সম্ভাৱনাও ইতিমধ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ব্যক্ত কৰিছে ৷ যাৰ বাবে প্ৰাৰম্ভিক প্ৰস্তুতি আৰম্ভ হৈছে ।

ELF in Moran
মৰাণত বায়ুসেনাৰ ই এল এফ (ETV Bharat)

প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী সন্দৰ্ভত পৰ্যালোচনা কৰিবলৈ বৃহস্পতিবাৰে মৰাণৰ জঁটিয়নীত ই এল এফৰ কাষতে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত এখন উচ্চস্তৰীয় বৈঠক অনুস্থিত হয় । বৈঠকত ১৪ ফেব্ৰুৱাৰীৰ কাৰ্যসূচী সন্দৰ্ভত প্ৰাৰম্ভিক আলোচনা হয় । সভাত অসম চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কোটা, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমীত সিং, ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ উপৰিও ভাৰতীয় বায়ুসেনাৰ শীৰ্ষ বিষয়া আৰু বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ।

Assam CS review meeting before PM Modi's tour
প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ ল'লে অসমৰ মুখ্য সচিবে (ETV Bharat)

বিমান অৱতৰণ কৰা দৃশ্য উপভোগ কৰিব প্ৰধানমন্ত্ৰীয়ে :

পৰ্যালোচনা সভাত অংশ‌ লৈ অসম চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কোটাই কয়, "প্ৰধানমন্ত্ৰী ১৪ ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব । গুৱাহাটীত নতুনকৈ নিৰ্মাণ কৰা দলং উদ্বোধন কৰিব । ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী ইয়ালৈ আহিব । প্ৰধানমন্ত্ৰী‌ৰ বিমান ইয়াতে অৱতৰণ কৰিব । বিভিন্ন যুদ্ধ বিমানৰ অৱতৰণ কৰা দৃশ্য উপভোগ কৰিব প্ৰধানমন্ত্ৰীয়ে । ইয়াৰ পৰাই দিল্লীলৈ তেওঁ ৰাওনা হ'ব । ৮ তাৰিখৰ পৰা পৰীক্ষামূলকভাৱে যুদ্ধ বিমান অৱতৰণ কৰা হ'ব । ৰাইজে ওচৰৰ পৰা যাতে যুদ্ধ বিমান অৱতৰণ কৰা চাব পাৰে তাৰ ব্যৱস্থা কৰাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে গুৰুত্ব প্ৰদান কৰিছে । উঠি অহা প্ৰজন্মই যুদ্ধ বিমান দেখিলে উৎসাহিত আৰু অনুপ্ৰাণিত হ'ব । আজিৰে পৰা মৰাণ বাইপাছৰ জঁটিয়নীত চাৰিলেনযুক্ত পথৰ ৪.২ কিল'মিটাৰ অংশত যাতায়ত বন্ধ থাকিব । পুৰণি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ৰাইজে যাতায়ত কৰিব লাগিব । প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে মুখ্যমন্ত্ৰী আহি প্ৰস্তুতিৰ বুজ ল'ব ।"

Assam CS review meeting before PM Modi's tour
ই এল এফ মুকলিৰ পূৰ্বে পৰ্যৱেক্ষণ প্ৰশাসনৰ (ETV Bharat)

প্ৰধানমন্ত্ৰীৰ আগমনক লৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থা

জঁটিয়নীত ই এল এফৰ কাষতে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে উচ্চস্তৰীয় বৈঠকত অংশ লৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমীত সিঙে কয়, "ইয়াত এটা ই এল এফ নিৰ্মাণ কৰাটো অসমৰ বাবে সন্মানৰ কথা । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিবলৈ আহিব, ৰাইজে চাব পাৰিব । প্ৰধানমন্ত্ৰীৰ আগমনক লৈ যি নিৰাপত্তা ব্যৱস্থা কৰিব লাগে সকলো কৰা হ'ব । ৰাইজে নিৰ্দিষ্ট স্থানৰ পৰা যুদ্ধ বিমান চাব পৰাকৈ স্থান নিৰ্মাণ কৰা হ'ব ।"

লগতে পঢ়ক :সোৱণশিৰিৰ বুকুত আশাৰ বতৰা : মাজুলীবাসীয়ে লাভ কৰিব এখন নতুন দলং

Last Updated : February 6, 2026 at 9:23 AM IST