নেডাৰলেণ্ডত প্ৰধানমন্ত্ৰী মোদীৰ মুখত A For Assam, কৃতজ্ঞতা প্ৰকাশ মুখ্য়মন্ত্ৰীৰ
নেডাৰলেণ্ডত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন কৰি দিয়া ভাষণৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে ‘‘A for Assam’’ বুলি উল্লেখ কৰে ৷

Published : May 18, 2026 at 3:03 PM IST
নিউজ ডেস্ক: ‘‘A for Assam’’, ২০১৪ চনত যেতিয়া কেন্দ্ৰত বিজেপি দল ক্ষমতালৈ আহিছিল, তেতিয়াই নৰেন্দ্ৰ মোদীৰ মুখত শুনা গৈছিল এই কথাষাৰ ৷ ইয়াৰ অৰ্থ আছিল অসমক প্ৰথম প্ৰাধান্য দিয়া ৷ বিভিন্ন সময়ত নৰেন্দ্ৰ মোদীৰ লগতে আন বিজেপি নেতাৰ মুখতো এই বাক্যশাৰী শুনা যায় ৷ এইবাৰ নেডাৰলেণ্ডত প্ৰধানমন্ত্ৰীৰ মুখত শুনা গ’ল ‘‘A for Assam’’৷ নেডাৰলেণ্ডত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন কৰি দিয়া ভাষণৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে ‘‘A for Assam’’ বুলি উল্লেখ কৰে ৷ প্ৰধানমন্ত্ৰীৰ মুখত এই বাক্যশাৰী শুনাৰ লগে লগে সভাগৃহত থকা প্ৰবাসী অসমীয়াসকল উৎফুল্লিত হৈ পৰে ৷
প্ৰধানমন্ত্ৰী মোদীয়ে বিদেশৰ মঞ্চতো অসমৰ নাম লোৱাত আনন্দ প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সামাজিক মাধ্যমত এটা পোষ্টত মুখ্যমন্ত্ৰীয়ে লিখিছে, ‘‘বিদেশৰ মাটিতো যেতিয়া মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মুখত উচ্চাৰিত হয় "A for Assam", তেতিয়া সেয়া কেৱল এটা শব্দ নহয়, প্ৰতি অসমীয়াৰ গৌৰৱ, আত্মবিশ্বাস আৰু পৰিচয়ৰ প্ৰতিধ্বনি হৈ উঠে । আজিৰ এই বিশ্বজোৰা অসম চিনাকিৰ আঁৰত আছে আপোনাৰ দূৰদৰ্শী নেতৃত্ব, অক্লান্ত পৰিশ্ৰম আৰু অসমৰ প্ৰতি অকৃত্ৰিম মৰম ।’’
“A for Assam” on a global platform says it all.
— Himanta Biswa Sarma (@himantabiswa) May 17, 2026
Adarniya Pradhan Mantri Shri @narendramodi ji continues to carry Assam’s voice to the world as its strongest ambassador 🙏
📍Netherlands pic.twitter.com/nMyDL8QegN
বিজেপিয়ে প্ৰায়েই দাবী কৰি আহিছে যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত অসম তথা উত্তৰ-পূবক মাহীআইৰ দৃষ্টিৰে চাইছিল আৰু সকলো বিষয়তে অৱজ্ঞা কৰা হৈছিল ৷ কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূবক অষ্টলক্ষ্মী বুলি অভিহিত কৰে ৷ বিজেপি চৰকাৰৰ দিনত অসম তথা উত্তৰ-পূবত উন্নয়নৰ গংগ বৈছে বুলিও সতকাই দাবী কৰি আহিছে গেৰুৱা বাহিনীয়ে ৷ বাট-পথৰ উন্নয়নৰ পৰা ৰে’ল, উদ্যোগ, স্বাস্থ্য, শিক্ষা আদি বিভিন্ন খণ্ডত আমূল পৰিৱৰ্তন ঘটা বুলি ক’ব খোজে তেওঁলোকে ৷ তাৰোপৰি কেন্দ্ৰই দাবী কৰে যে কংগ্ৰেছে অৰুণাচলৰ চীন সীমান্তত থকা গাঁওসমূহক শেষৰখন গাঁও বুলি কৈছিল, কিন্তু বিজেপিয়ে সেই গাঁওবোৰক প্ৰথম গাঁও হিচাপে বিবেচনা কৰে ৷
Assam is progressing swiftly towards a green energy regime.
— Himanta Biswa Sarma (@himantabiswa) May 17, 2026
Apart from the various solar power projects coming up in the State, our rooftop solar output is now 406MW, due to the aggressive push by Adarniya @narendramodi Ji's #PMSuryaGhar scheme. pic.twitter.com/QDoNVrToZz
আনহাতে, প্ৰতিটো ঘৰতে বিজুলী সংযোগ প্ৰদান, বিদ্যুৎ শক্তি ৰাহি কৰা তথা ২৪ ঘণ্টাই বিদ্যুৎ শক্তি লাভ কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা প্ৰধানমন্ত্ৰী সৌৰঘৰ যোজনাৰ সফল ৰূপায়ন সন্দৰ্ভতো প্ৰধানমন্ত্ৰীৰ ভূমিকাৰ শলাগ লৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁ লিখিছে- ‘‘শক্তি ক্ষেত্ৰত ক্ৰমাৎ আত্মনিৰ্ভৰশীল হোৱাৰ দিশে আগবাঢ়িছে আমাৰ অসম । প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত ইতিমধ্যেই অসমত ১ লক্ষৰো অধিক আবেদনকাৰীৰ ঘৰত সৌৰ পেনেল সংস্থাপন কৰা হৈছে । অনাগত দিনত বহনক্ষম উন্নয়ন তথা বিদ্যুৎ ব্যয় হ্ৰাসৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনা অসমৰ বাবে নিশ্চিতভাৱে এক নিৰ্ণায়ক পদক্ষেপ হিচাপে বিবেচিত হ'ব ।’’
২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত নিৰ্মাণৰ লক্ষ্য লোৱা বিজেপি চৰকাৰে দেশখনত সৰ্বতোপ্ৰকাৰৰ উন্নয়ন সাধনৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ একেদৰে বিকশিত অসমৰ বাবেও বিভিন্ন আঁচনি, পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ পৰা আৰম্ভ কৰি শক্তি উৎপাদন কেন্দ্ৰ স্থাপনলৈকে বিভিন্ন কাম হাতত লৈছে চৰকাৰে ৷ ইয়াৰ দ্বাৰা নিয়োগৰ ক্ষেত্ৰতো এক বাট মুকলি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷
Manufacturing is the key to achieving #ViksitBharat, & Assam will play an important role in it.
— Himanta Biswa Sarma (@himantabiswa) May 18, 2026
We are developing 15 sites under BHAVYA, a Govt of India industrial vision to create plug & play infra parks to boost domestic manufacturing, push growth & create job opportunities. pic.twitter.com/3X88uCfqZX
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত আলোকপাত কৰি আন এটা সামাজিক মাধ্যমৰ পোষ্টত কয়, ‘‘উৎপাদন বা নিৰ্মাণ খণ্ডতেই অন্তৰ্নিহিত হৈ আছে বিকশিত অসম গঢ়াৰ মূল চাবিকাঠী আৰু এইক্ষেত্ৰত অসমে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । দেশীয় উৎপাদন বৃদ্ধি, অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰা আৰু নতুন নিয়োগৰ সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰৰ ঔদ্যোগিক পদক্ষেপ 'ভব্য'ৰ অধীনত আমি ১৫ টা স্থানত 'প্লাগ এণ্ড প্লে'' আন্তঃগাঁথনি সম্পন্ন ঔদ্যোগিক উদ্যান গঢ়াৰ কাম কৰি আছোঁ ।’’
Assam is building an extensive network of roads to improve connectivity, boost trade and ensure Ease of Living and Ease of Doing Business.
— Himanta Biswa Sarma (@himantabiswa) May 18, 2026
Just under Asom Mala 2.0, close to 1,000km of roads are in various stages of progress, deep in Assam's villages and towns. pic.twitter.com/Up1nVmChTt
ইফালে পথ উন্নয়নৰ ক্ষেত্ৰত অসম মালা আঁচনিৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লিখে, ‘‘সংযোগৰ উন্নতি, বাণিজ্য বৃদ্ধি আৰু সংযোগৰ উন্নতি, বাণিজ্যক প্ৰসাৰিত কৰা, জীৱন-যাপন মান আৰু ব্যৱসায়খণ্ডৰ উন্নয়ন নিশ্চিত কৰাৰ বাবে অসমে পথৰ এক বৃহৎ নেটৱৰ্ক গঢ়ি তুলিছে । অসম মালা ২.০ৰ দ্বাৰা অসমৰ গাঁও-নগৰৰ ভিতৰত, প্ৰায় ১০০০ কিলোমিটাৰ পথ বিভিন্ন পৰ্যায়ত আগবাঢ়িছে ।’’
অসমৰ উন্নয়নৰ বাবে চিন্তা কৰা প্ৰধানমন্ত্ৰীসকলৰ ভিতৰত নৰেন্দ্ৰ মোদীক অদ্বিতীয় বুলি ক’ব খোজে বিজেপিয়ে ৷ অসমক বিশ্বৰ মানচিত্ৰত বিশেষভাৱে পৰিচিত কৰি দিয়াৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোৱা ভূমিকাক বিজেপিৰ নেতাসকলে প্ৰশংসাৰে উপচাই পেলোৱা দেখা যায় ৷ নেডাৰলেণ্ড ভ্ৰমণৰ সময়ত নৰেন্দ্ৰ মোদীৰ কান্ধত দেখা গৈছিল বড়োসকলৰ গৌৰৱৰ প্ৰতীক আৰ'নাই ৷
Aronai reflects the pride and rich handloom heritage of Assam’s Bodo community.
— Himanta Biswa Sarma (@himantabiswa) May 17, 2026
Proud to see Adarniya @narendramodi Ji carrying it with grace on the global stage in the Netherlands. Grateful to our beloved PM for ushering in a new era of peace and prosperity across Bodoland. pic.twitter.com/gOsT6ucRZY
এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এটা পোষ্টত উল্লেখ কৰে এইদৰে- ‘‘বড়ো সমাজৰ মৰ্যাদা, আত্মসন্মান আৰু শতাব্দীজুৰি কঢ়িয়াই অনা ঐতিহ্যৰ এক জীৱন্ত পৰিচয় হ'ল আৰ'নাই ৷ নেডাৰলেণ্ডছত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ডিঙি আৰ'নাইৰে সুশোভিত হোৱাৰ দৃশ্যই প্ৰতিজন অসমীয়াকে গৌৰৱান্বিত কৰি তুলিছে । অসমৰ ঐতিহ্য-সংস্কৃতিৰ প্ৰতি সদায়ে সন্মান জনোৱা তথা বড়োলেণ্ডৰ শান্তি স্থাপনৰ অগ্ৰদূত মাননীয় মোদী ডাঙৰীয়াক অসমবাসীৰ তৰফৰ পৰা অন্তৰভৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৷’’
প্ৰধানমন্ত্ৰীৰ নেডাৰলেণ্ড ভ্ৰমণৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখিছে- ‘‘নেদাৰলেণ্ডে জল সম্পদ ব্যৱস্থাপনা, বান নিয়ন্ত্ৰণ আদিৰ ক্ষেত্ৰত বিশ্বত এক বিশেষ উদাহৰণ স্থাপনেৰে সুনাম কঢ়িয়াইছে । নদী আৰু বানৰ সৈতে বছৰ বছৰ ধৰি যুঁজ কৰি তেওঁলোকে যি আধুনিক প্ৰযুক্তি আৰু অভিজ্ঞতা গঢ়ি তুলিছে, সেয়া অসমৰ দৰে বানপ্ৰৱণ আৰু নদীমাতৃক ৰাজ্যৰ বাবে অত্যন্ত উপযোগী বুলি আমি বিশ্বাস কৰোঁ । মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াই আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰে ভাৰতৰ জল ব্যৱস্থাপনাক অধিক শক্তিশালী কৰাৰ যি প্ৰচেষ্টা চলাই আছে, তাৰ পৰা অসমেও বহুলভাৱে লাভান্বিত হ’ব । কৃষিক্ষেত্ৰত পানীৰ উচিত ব্যৱহাৰ, বান নিয়ন্ত্ৰণ, আগতীয়া সতৰ্কবাণী ব্যৱস্থা আৰু অভ্যন্তৰীণ জলপথ উন্নয়নৰ ক্ষেত্ৰত এই সহযোগিতাই নতুন দিশ উন্মোচন কৰিব । ইতিমধ্যে দেশখনিৰ বিভিন্ন প্ৰতিষ্ঠানৰ সৈতে অসমৰ নদীৰ গতিপথ অধ্যয়ন, বানৰ পূৰ্বাভাস আৰু বানজনিত ক্ষতি হ্ৰাসৰ পৰিকল্পনাক লৈ অংশীদাৰিত্ব অধিক শক্তিশালী কৰা হৈছে৷ আধুনিক প্ৰযুক্তি আৰু বৈজ্ঞানিক পৰিকল্পনাৰে অসমৰ নদীভিত্তিক প্ৰত্যাহ্বানসমূহ অধিক সুচাৰুৰূপে মোকাবিলা কৰাৰ দিশত আমি আগবাঢ়িছোঁ ।’’
লগতে পঢ়ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ছুইডেনৰ সৰ্বোচ্চ সন্মান ‘অৰ্ডাৰ অৱ দ্য পোলাৰ ষ্টাৰ’

