ETV Bharat / state

'মন কী বাত'ত অসমৰ হাড়গিলা সংৰক্ষণ: প্ৰধানমন্ত্ৰীক ধন্য়বাদ ডাঃ ৰণোজ পেগুৰ

১৩৫ সংখ্যক খণ্ডত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰকৃতি সংৰক্ষণৰ প্ৰচেষ্টাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ ।

'Mann Ki Baat' in Kaliabor
কলিয়াবৰত 'মন কী বাত' অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 28, 2026 at 4:52 PM IST

3 Min Read
Choose ETV Bharat

কলিয়াবৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় ৰেডিঅ' অনুষ্ঠান 'মন কী বাত'ত বিভিন্ন সময়ত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ অনন্য সংস্কৃতি, জৈৱ বৈচিত্ৰ্য, ক্ৰীড়া আৰু স্থানীয় প্ৰচেষ্টাসমূহক বিশেষভাৱে প্ৰশংসা কৰা হৈছে । জুনৰ অন্তিমটো দেওবাৰে সম্প্ৰচাৰিত ১৩৫ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীয়ে পুনৰ অসম আৰু উত্তৰ-পূবৰ প্ৰকৃতি সংৰক্ষণৰ প্ৰচেষ্টাক প্ৰশংসা কৰে ।

কলিয়াবৰৰ জখলাবন্ধাত বিশেষ অতিথি হিচাপে উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তও এই অনুষ্ঠানত উপস্থিত থাকে । ১৩৫ সংখ্যক 'মন কী বাত'ত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ তিনিটা বিশেষ বিষয়ে স্থান লাভ কৰে । অসম, মেঘালয় আৰু নাগালেণ্ডৰ তিনিটা বিষয়ে স্থান লাভ কৰাত মন্ত্ৰী ডাঃ পেগুৱে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে ।

'মন কী বাত'ত অসমৰ হাড়গিলা সংৰক্ষণ: প্ৰধানমন্ত্ৰীক ধন্য়বাদ ৰণোজ পেগুৰ (ETV Bharat Assam)

মন্ত্ৰীগৰাকীয়ে কয়, "আজি কলিয়াবৰৰ জখলাবন্ধা গাঁও পঞ্চায়তৰ ১৬১ আৰু ১৬৩ সংখ্যক বুথত অগপ আৰু বিজেপিৰ বিষয়ববীয়া আৰু কৰ্মীৰ উপস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'মন কী বাত'ত উপস্থিত থাকো । প্ৰধানমন্ত্ৰীক বিশেষভাৱে ধন্যবাদ জনাইছো । প্ৰধানমন্ত্ৰীয়ে যিদৰে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনক অষ্টলক্ষ্মী অভিধা দি অঞ্চলটোৰ উন্নয়ন আগুৱাই নিছে, আজি মন কী বাত উত্তৰ-পূৰ্বাঞ্চলক বিশ্ববাসীক চিনাকি কৰাই দিছে ।"

উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে কৰা মন্তব্যৰ আঁত ধৰি কয়," প্ৰধানমন্ত্ৰীয়ে অসমৰ হাড়গিলা সংৰক্ষণ, নাগালেণ্ডৰ ফুটবল আৰু মেঘালয়ৰ ৰুট ব্ৰীজৰ বিষয়ে উল্লেখ কৰে । ইয়াৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক উত্তৰ পূৰ্বাঞ্চলৰ হৈ ধন্যবাদ জনাইছো । "

উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে কি আছে 'মন কী বাত'ত ?

'মন কী বাত'ত হাড়গিলা বাইদেউ হিচাপে পৰিচিত পৰিৱেশ কৰ্মী ড৹ পূৰ্ণিমা দেৱী বৰ্মনৰ লগতে আৰু চৰাই সংৰক্ষণে স্থান লাভ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে অসমৰ দুৰ্লভ বিলুপ্তপ্ৰায় পক্ষী হাড়গিলাৰ সংৰক্ষণৰ বিষয়ে উল্লেখ কৰে । এসময়ত অশুভ বুলি গণ্য কৰা এই চৰাইবিধক এতিয়া স্থানীয় মহিলাসকলে, যাক 'হাড়গিলা আৰ্মী' বুলি জনা যায়, কেনেকৈ সজাগতাৰে সুৰক্ষা দিছে সেই অনুপ্ৰেৰণাদায়ক যাত্ৰাৰ কথাৰ প্ৰধানমন্ত্ৰীয়ে শলাগ লয় । লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অনুষ্ঠিত চৰাই গণনা প্ৰক্ৰিয়াক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে । বন্যপ্ৰাণী সংৰক্ষণত জনসাধাৰণৰ অংশগ্ৰহণৰ ই এক উৎকৃষ্ট উদাহৰণ বুলি প্ৰধানমন্ত্ৰীয়ে অভিহিত কৰে ।

মেঘালয়ৰ লিভিং ৰুট ব্ৰীজ বিষয়েও প্ৰধানমন্ত্ৰীয়ে 'মন কী বাত'ত উল্লেখ কৰে । উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয়ত স্থানীয় লোকসকলে ১২০টাতকৈও অধিক জীৱন্ত শিপাৰ দলং কেনেকৈ সংৰক্ষণ আৰু চোৱাচিতা কৰি এক সুন্দৰ পৰিস্থিতিতন্ত্ৰ গঢ়ি তুলিছে, সেই বিষয়ে তেওঁ 'মন কী বাত'ত আলোকপাত কৰে ।

আনহাতে,নাগালেণ্ডৰ ক্ৰীড়া প্ৰতিভাৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে কয় যে নাগালেণ্ডৰ 'বেবী লীগ' আৰু 'মহিলা ফুটবল লীগ'ৰ জৰিয়তে তৃণমূল পৰ্যায়ত ক্ৰীড়াৰ কেনে বিকাশ ঘটিছে,সেই কথাও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে ।

লগতে পঢ়ক:'মন কী বাত'ত পূৰ্ণিমা দেৱী বৰ্মনক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

আত্মসন্মান অটুট ৰাখি ১ টকাতে মাছ ভাত; উপকৃত শতাধিক শ্ৰমজীৱী

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী ১৩৫ সংখ্যক ‘মন কী বাত’; সাগৰৰ পৰা আকাশলৈ ভাৰত দ্ৰুতগতিত আগবাঢ়িছে : মোদী