শিৱসাগৰত সোমনাথ স্বাভিমান পৰ্বৰ পোনপটীয়া সম্প্ৰচাৰ
ঐতিহাসিক সোমনাথ মন্দিৰৰ পুনৰ প্ৰতিষ্ঠাৰ ৭৫ বছৰ উপলক্ষে আয়োজিত কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ । শিৱসাগৰ আৰু তেজপুৰত সেই কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা ।

Published : May 11, 2026 at 3:10 PM IST
শিৱসাগৰ : গুজৰাটৰ সৌৰাষ্ট্ৰৰ প্ৰভাস পটনত আৰৱ সাগৰৰ পাৰত অৱস্থিত ঐতিহাসিক সোমনাথ মন্দিৰ পুনৰ প্ৰতিষ্ঠাৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছে । এই উপলক্ষে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে ৮ মে'ৰ পৰা ১১ মে'লৈ 'সোমনাথ স্বাভিমান পৰ্ব' শীৰ্ষ চাৰিদিনীয়া কাৰ্যসূচী হাতত লৈছে । এই কাৰ্যসূচীত দুদিনৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিছে ।
এই পৰ্বৰ লগত সংগতি ৰাখি ৭২ ঘণ্টীয়া অখণ্ড ঔমকাৰ মন্ত্ৰ উচ্চাৰণৰ লগতে এক মহাদেৱ কেন্দ্ৰিক শোভাযাত্ৰাৰো আয়োজন কৰা হৈছে । য'ত প্ৰধানমন্ত্ৰীয়ে ঔমকাৰ মন্ত্ৰোচাৰণ আৰু শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব । এই 'সোমনাথ স্বাভিমান পৰ্ব'ৰ লগত সংগতি ৰাখি অসমৰ দুই অন্যতম লিংগধাম শিৱসাগৰৰ ঐতিহাসিক শিৱ দ'ল আৰু তেজপুৰৰ ভৈৰৱ মন্দিৰত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । য'ত সোমনাথ মন্দিৰত হোৱা কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে । শিৱসাগৰৰ ঐতিহাসিক শিৱ দ'ল প্ৰাঙ্গণত শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত এই কাৰ্যসূচীৰ আয়োজন কৰা হয় । সোমবাৰে আয়োজন কৰা এই কাৰ্যসূচীত জিলা আয়ুক্ত মৃদুল যাদৱৰ লগতে প্ৰশাসনৰ কেইবাগৰাকী শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰে । ইফালে বহু ভক্তইও পোনপটীয়া সম্প্ৰচাৰ কাৰ্যসূচী উপভোগ কৰে ।
অনুষ্ঠানত অংশ লৈ জিলা আয়ুক্ত মৃদুল যাদৱে কয়, "সোমনাথ স্বাভিমান পৰ্বত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছে । আমাৰ শিৱসাগৰৰ শিৱ দ'ল আৰু তেজপুৰত ইয়াৰ পোনপটীয়া সম্প্ৰচাৰৰ আয়োজন কৰা হৈছে । দীঘলীয়া কাৰ্যসূচী আছে । মই শিৱসাগৰৰ সকলো লোককে ইয়ালৈ আহি কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ ।"
ইফালে অনুষ্ঠানত অংশগ্ৰহণ কৰি আনন্দিত শিৱসাগৰৰ এগৰাকী স্থানীয় মহিলা । তেওঁ কয়, "আমি শিৱসাগৰবাসী হিচাপে ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ পাই ধন্য মানিছো । আমি সকলোৱে জানো যে সোমনাথ মন্দিৰ প্ৰতিষ্ঠা হোৱা প্ৰায় ১০০০ বছৰ হ'ল । কিন্তু ব্ৰিটিছৰ দিনত এই মন্দিৰ বন্ধ কৰি থোৱা হৈছিল । তাৰ পিছত চৰ্দাৰ বল্লভ ভাই পেটেলে পুনৰ নিৰ্মাণ কৰিলে । তাৰ পৰা আজি ৭৫ বছৰ সম্পূৰ্ণ কৰিছে । এই মন্দিৰৰ প্ৰাঙ্গণত ভাৰতৰ প্ৰধানমন্ত্ৰী উপস্থিত হৈ কাৰ্যসূচীত অংশ লৈছে ।"
লগতে পঢ়ক :
মঙলবাৰে নহয়, সোমবাৰে নিশাই আহি পাব প্ৰধানমন্ত্ৰী: মুখ্যমন্ত্ৰীসহ পাঁচৰ পৰা ছয়জনেহে মঙলবাৰে ল'ব শপত

