ETV Bharat / state

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিক অসমৰ বিখ্যাত মনোহৰী গ’ল্ড টী উপহাৰ প্ৰধানমন্ত্ৰী মোদীৰ

শেহতীয়াকৈ অসমৰ চাহক বিশ্বৰ বুকুত পুনৰ এবাৰ তুলি ধৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিক তেওঁ উপহাৰ দিয়ে অসমৰ মনোহৰী গ’ল্ড টী ৷

MANOHARI GOLD TEA
ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিক অসমৰ বিখ্যাত মনোহৰী গ’ল্ড টী উপহাৰ প্ৰধানমন্ত্ৰী মোদীৰ (X @himantabiswa)
author img

By ETV Bharat Assamese Team

Published : July 13, 2026 at 7:31 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: অসমৰ চাহ বুলিলে সমগ্ৰ বিশ্বতে বিখ্যাত ৷ দুশ বছৰ গৰকা আমাৰ অসমৰ চাহ উদ্যোগৰ আছে এক বৰ্ণিল অধ্যায় ৷ বিশ্বৰ বুকুত অসমৰ এক অনন্য পৰিচয় বহন কৰি আহিছে চাহে ৷ দেশত উৎপাদিত চাহৰ সিংহভাগ অসমতেই উৎপাদন কৰা হয় ৷ এটি কলি দুটি পাতে যুগ যুগ ধৰি গৌৰৱান্বিত কৰি আহিছে অসমবাসীক ৷

শেহতীয়াকৈ অসমৰ চাহক বিশ্বৰ বুকুত পুনৰ এবাৰ তুলি ধৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ যোৱা ৬ জুলাইৰ পৰা ৪ জুলাইলৈ ইণ্ডোনেচিয়া ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে ৷ এই ভ্ৰমণৰ সময়ত তেওঁ ইণ্ডোনেচিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোও চুবিয়ানটোক সাক্ষাৎ কৰাৰ লগতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় ৷ তাৰ মাজতেই ভাৰতৰ পৰা নিয়া উপহাৰৰ টোপোলা চুবিয়ানটোৰ হাতত তুলি দিয়ে মোদীয়ে ৷ সেই টোপোলাত স্থান লাভ কৰিছিল অসমৰ চাহপাতে ৷

প্ৰধানমন্ত্ৰী মোদীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিক উপহাৰ দিয়ে অসমৰ মনোহৰী গ’ল্ড টী ৷ এটা বেঁতৰ খৰাহীত চাহপাতৰ এটা বৈয়াম, গামোচাৰ চানেকিযুক্ত এখন বস্ত্ৰ আৰু অসমৰ অনন্য চিনাকী এটি জাপিৰে সজাই তোলা হৈছিল উপহাৰৰ টোপোলাটো ৷

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এই বিষয়ে এটা পোষ্ট কৰা দেখা গৈছে ৷ পোষ্টত মুখ্যমন্ত্ৰীয়ে চুবিয়ানটোৰ সৈতে মোদীৰ এখন ছবি, মনোহৰী গ’ল্ড টীৰ উপহাৰৰ খৰাহীটোৰ এখন ছবি আৰু নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে চাহ শ্ৰমিকৰ সৈতে চাহ বাগানৰ মাজত কটোৱা সময়ৰ দুখন ছবি সংযোজন কৰিছে ৷

তেওঁ পোষ্টটোত লিখিছে, ‘‘আপোনালোকৰ হয়তো মনত আছে— কিছু মাহ পূৰ্বে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ সেই চাহ বাগিচাখনত নিশা অতিবাহিত কৰিছিল, য'ত উৎপাদন হয় বিশ্ববিখ্যাত মনোহাৰী গোল্ড টী । সেই সময়ত তেখেতে আমাৰ চাহ শ্ৰমিকসকলৰ সৈতে আন্তৰিক মত-বিনিময়ো কৰিছিল ।

আজি সেই একেই মনোহাৰী গোল্ড টী ভাৰতৰ ৰাষ্ট্ৰীয় উপহাৰ হিচাপে ইণ্ডোনেছিয়াৰ মাননীয় ৰাষ্ট্ৰপতিক প্ৰদান কৰি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পুনৰ এবাৰ বিশ্বদৰবাৰত অসমৰ চাহৰ ঐতিহ্য আৰু গৌৰৱক উজলাই তুলিলে । চাহৰ অতি কোমল কুঁহিপাতৰ পৰা সীমিত পৰিমাণে প্ৰস্তুত কৰা মনোহাৰী গোল্ড টী ইয়াৰ অনন্য সোৱাদ আৰু উৎকৃষ্টমানৰ বাবে বিশ্বজুৰি বিশেষভাৱে সমাদৃত ।

এই চাহ অসমৰ চাহ উদ্যোগৰ গৌৰৱ হিচাপে সমাদৃত হোৱাৰ সমান্তৰালকৈ আমাৰ চাহ শ্ৰমিকসকলৰ নিষ্ঠা, পৰিশ্ৰম আৰু দক্ষতাৰো এক উজ্জ্বল প্ৰতীক । অসমৰ বাবে ই এক গৌৰৱৰ মুহূৰ্ত । অসমৰ এই গৌৰৱক বিশ্বদৰবাৰত প্ৰতিধ্বনিত কৰাৰ বাবে ৰাজ্যবাসীৰ হৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ আন্তৰিক কৃতজ্ঞতা ।’’

অসমৰ ডিব্ৰুগড় জিলাৰ মনোহৰী চাহ বাগিচাত উৎপাদিত এক অতি উৎকৃষ্টমানৰ চাহ হৈছে মনোহৰী গোল্ড টী । বিশ্বৰ অন্যতম দামী চাহ হিচাপে বিখ্যাত এই চাহপাতে প্ৰতি কিলোগ্ৰামত ১,১৫,০০০ টকা পৰ্যন্ত অভিলেখ ভংগকাৰী নিলামৰ মূল্য লাভ কৰিবলৈ সক্ষম হৈছে ৷ সূৰ্যৰ কীৰণ অতি কোমল হৈ থকাৰ সময়তেই শ্ৰমিকসকলে ৰাতিপুৱা ৪:০০ বজাৰ পৰা ৬:০০ বজাৰ ভিতৰত বাচি বাচি চাহৰ কলিবোৰ ছিঙে আৰু তাৰ পৰা বিশেষভাৱে এই চাহপাত প্ৰস্তুত কৰা হয় । প্ৰতিদিনে মাত্ৰ প্ৰায় ৮০ গ্ৰাম কলি ছিঙি লোৱা হয়, যাৰ ফলত ই এক অতি বিৰল, সীমিত পৰিমাণত উপলব্ধ হয় ।

লগতে পঢ়ক: আগন্তুক পাঁচ বছৰত ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰতৰ হ’ব যুঁজ : মুখ্যমন্ত্ৰীৰ ঘোষণা