ETV Bharat / state

পেলনীয়া প্লাষ্টিকেৰে প্ৰস্তুত কৰিব পথ নিৰ্মাণত ব্যৱহাৰ কৰা সামগ্ৰী

তিতাবৰৰ বাঘচোং গাঁও পঞ্চায়ত কাৰ্যালয়ত স্থাপন অত্যাধুনিক গোট, যাৰ দ্বাৰা পেলনীয়া সামগ্ৰীৰে ভিন্ন সামগ্ৰী প্ৰস্তুতৰ পৰিকল্পনা ৷

Titabor News
পেলনীয়া প্লাষ্টিকেৰে প্ৰস্তুত কৰিব পথ নিৰ্মাণত ব্যৱহাৰ কৰা সামগ্ৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 7, 2026 at 4:35 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট : ব্যৱহাৰ কৰা প্লাষ্টিক আমি যধে-মধে পেলোৱাৰ ফলত আমাৰ পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতাত ব্যপক প্ৰভাৱ পৰিছে ৷ ফলত মাটি, পানী প্ৰদূষণে মানুহৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ৷ সেই পৰিৱেশৰ পৰা ৰক্ষা পোৱা আৰু সেউজীয়া এক পৰিৱেশ প্ৰদানৰ উদ্দেশ্যেৰে যোৰহাটত স্থাপন কৰা হ'ল পেলনীয়া প্লাষ্টিক আবৰ্জনা ব্যৱস্থাপনা গোট ।

জিলাখনৰ তিতাবৰৰ ৬৫ নং বাঘচোং গাঁও পঞ্চায়ত কাৰ্যালয়ত স্বচ্ছ ভাৰত মিছন অসম উদ্যোগত আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগত নিৰ্মাণ কৰা হৈছে এই অত্যাধুনিক গোট । সমগ্ৰ জিলাখনকে স্বচ্ছ কৰি তোলাৰ লক্ষ্যৰে স্থাপন কৰা এই গোটত প্লাষ্টিক আবৰ্জনাসমূহ বিজ্ঞানসন্মতভাৱে নিষ্কাষণ কৰি পুনৰ ব্যৱহাৰ কৰিব পৰা সামগ্ৰী প্ৰস্তুত কৰা হৈছে ৷ পেলনীয়া প্লাষ্টিক পুনৰাৱৰ্তন কৰি ইয়াক পথ নিৰ্মাণত ব্যৱহাৰ কৰা হ'ব ।

পেলনীয়া প্লাষ্টিকেৰে প্ৰস্তুত কৰিব পথ নিৰ্মাণত ব্যৱহাৰ কৰা সামগ্ৰী (ETV Bharat Assam)

যোৰহাট জিলা আয়ুক্ত জয় শিৱানীয়ে শুভাৰম্ভ কৰা এই প্ৰকল্পই যোৰহাটৰ স্বচ্ছতা আৰু নিকাকৰণৰ দিশত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব পেলাব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় ৰাইজৰ লগতে পঞ্চায়টোৰ সদস্যই ।

আনহাতে এই সন্দৰ্ভত পঞ্চায়তটোৰ অভিযন্তা ভোলা কলিতাই কয়,"ব্যাপক হাৰত পৰিৱেশ প্ৰদূষণ হৈছে ৷ এতিয়া কদৰ্যময় ৰূপত লৈছে ৷ সেই কাৰণে ভাৰত চৰকাৰে কিছুমান আঁচনি গ্ৰহণ কৰিছিল । ইয়াৰ অংশ হিচাপে আমি কেইবাটাও স্থানত মেটেৰেল কালেকশ্য চেন্টাৰ বনাইছিলো ।"

তেওঁ লগতে কয়, "পেলনীয়া শাক পাচলি, প্লাষ্টিক আদি গাঁও, ৱাডত থকা মেনি মেটেৰেল কালেকশ্ব’ন চেণ্টাৰত মজুত কৰা হয় । সেইখিনি আমি সংগ্ৰহ কৰি আনি পৃথক কৰো । তাৰ পিছত প্লাষ্টিক সামগ্ৰীসমূহ এই চেণ্টাৰ লৈ শুকান কৰি লৈ অনা হয় । আবজনাৰ পৰা উৎপাদন হ'ব জৈৱিক সাৰ, ব্লক ইটা লগতে আন পথ নিৰ্মাণত ব্যৱহাৰ কৰা সামগ্ৰী ।এই আৱৰ্জনা পৰা উৎপাদন হোৱা ব্লক ইটা লগতে অন্য ব্যৱহাৰকাৰী সামগ্ৰী পথ নিৰ্মাণৰ কামত ব্যৱহাৰ কৰা হ'ব ।"

লগতে পঢ়ক:দেপী নদীৰ খহনীয়াই লৈছে ভয়ংকৰ ৰূপ, অৰ্ধ শতাধিক পৰিয়াললৈ অশনি সংকেত