লণ্ডনৰ ব্ৰিটিছ পাৰ্লিয়ামেণ্টত প্ৰতিধ্বনিত হ’ব অসমৰ বৈষ্ণৱ সংস্কৃতি
লণ্ডনৰ ব্ৰিটিছ পাৰ্লিয়ামেণ্টত ভাষণ প্ৰদান কৰিব আউনী আটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে । বিশ্ববাসীৰ ওচৰত দাঙি ধৰিব অসমৰ বৈষ্ণৱ সংস্কৃতি ।

Published : June 3, 2026 at 4:57 PM IST
মাজুলী: মাজুলীবাসীৰ লগতে অসমবাসীৰ বাবে এটা গৌৰৱৰ খবৰ । অহা ১৭ জুনত লণ্ডনৰ ব্ৰিটিছ পাৰ্লিয়ামেণ্টত অনুষ্ঠিত হ'বলগীয়া এক বিশেষ অনুষ্ঠানত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰিব কৰিব আউনী আটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে । 'অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু সমাজত ইয়াৰ প্ৰভাৱ'—এই বিষয়বস্তুক কেন্দ্ৰ কৰি আউনী আটী সত্ৰৰ সত্ৰাধিকাৰগৰাকীয়ে ব্ৰিটিছ পাৰ্লিয়ামেণ্টত এক গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰিব ।
এই বিশ্বযাত্ৰাৰ বাবে অহা ৮ জুনত আউনীআটী সত্ৰৰ পৰা আনুষ্ঠানিকভাৱে যাত্ৰা আৰম্ভ কৰিব সত্ৰাধিকাৰগৰাকীয়ে । ইয়াৰ পিছত ৯ জুনত গুৱাহাটীৰ পৰা মুম্বাইলৈ আৰু ১০ জুনৰ বিয়লি লণ্ডন অভিমুখে ৰাওনা হ’ব । এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত সত্ৰাধিকাৰগৰাকীয়ে কয়,"সমগ্ৰ বিশ্বৰ আগত অসমৰ সত্ৰীয়া তথা নামঘৰ পৰম্পৰাক চিনাকি কৰাই দিয়াই হৈছে এই যাত্ৰাৰ মূল উদ্দেশ্য ।"
তেওঁ লগতে কয়,"বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বহুমুখী প্ৰতিভা আৰু ৩৬ বিধতকৈও অধিক কলাৰ ক্ষেত্ৰত থকা তেওঁৰ অৱদানৰ কথা বিশ্ববাসীৰ সন্মুখত তুলি ধৰা হ'ব ।" নিজকে কেৱল এজন ‘নিমিত্ত’ আৰু সমাজৰ ‘ধূলিকণা’ বুলি অভিহিত কৰি তেওঁ ইয়াক এক ডাঙৰ দায়িত্ব বুলি মন্তব্য কৰে ।
সত্ৰাধিকাৰগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়,"১৭ জুনত লণ্ডন ব্ৰিটিছ পাৰ্লিয়ামেণ্টত যি এক অনুষ্ঠান অনুষ্ঠিত হ’ব, তাত অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু সমাজত ইয়াৰ প্ৰভাৱ—এই শীৰ্ষক এটা বক্তৃতা দিবৰ কাৰণে আমাক বিষয়টো বাছি দিছে । আমি অহা ৮ জুনত মাজুলী আউনীআটী সত্ৰৰ পৰা যাত্ৰা আৰম্ভ কৰিম । এই যাত্ৰাটোৰ মূল উদ্দেশ্যটোৱেই হৈছে যে আমাৰ অসমৰ বৈষ্ণৱ সংস্কৃতি, সত্ৰ পৰম্পৰা, নামঘৰ পৰম্পৰা আৰু বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যিখিনি অৱদান, সেইখিনি তাত প্ৰকাশ কৰা ।"
পীতাম্বৰ দেৱগোস্বামীয়ে ভাষণ সন্দৰ্ভত কয়,"আমি আমাৰ ভাষণত লিখি উলিয়াইছোঁ—'The Blazing Talent of Srimanta Sankardev' তেৰা এগৰাকী নাট্যকাৰ, গীতিকাৰ, নদী বিশেষজ্ঞ, বতৰ বিজ্ঞানী, ক্ৰীড়াবিদ, বয়ন শিল্পী এইদৰে প্ৰায় ৩৬ টা প্ৰতিভাৰ পৰিচয় দিছোঁ । আমি সত্ৰাধিকাৰ বুলিয়েই নহয়, অসমীয়া সংস্কৃতিৰ, অসমৰ ৰাইজৰ মাজৰ আমি ধূলিকণা । সেয়ে এগৰাকী সেৱক হিচাপে আমি এইটো বৰ ডাঙৰ দায়িত্ব বুলি গ্ৰহণ কৰিছোঁ ।"
লণ্ডনলৈ ৰাওনা হোৱাৰ পূৰ্বে সত্ৰাধিকাৰগৰাকীয়ে অসমৰ ৰাইজৰ আশীৰ্বাদ আৰু পৰামৰ্শও কামনা কৰে । এই ঐতিহাসিক যাত্ৰাই অসমৰ কলা-সংস্কৃতিক বিশ্বৰ বুকুত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি এতিয়া আশাবাদী হৈ পৰিছে সকলো ।

