ইউএছটিএমত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন
ইউএছটিএমত ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ লগত সংগতি ৰাখি সংবাদকৰ্মীক বিশেষ হেল্থ কাৰ্ড প্ৰদান । কেইবাগৰাকীও চিকিৎসকক সম্বৰ্ধনা ।

Published : July 1, 2026 at 8:11 PM IST
সোণাপুৰ: দেশজুৰি বুধবাৰে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন কৰা হয় । গুৱাহাটীৰ সমীপৱৰ্তী ইউএছটিএমত পি এ চাংমা আন্তৰ্জাতিক চিকিৎসা মহাবিদ্যালয় হাস্পতাল (পিআইএমচি) আৰু আই এ আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ সহযোগতো ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন কৰা হয় । য'ত হায়দৰাবাদৰ কিমছ হাস্পতালৰ প্ৰাক্তন চীফ ট্ৰান্সপ্লাণ্ট ইউৰ'লজিষ্ট তথা বৰ্তমান ইউএছটিএমৰ প্ৰ' ভাইচ চেন্সেলৰ ডাঃ সৰ্বেশ্বৰ চহৰীয়াসহ কেইবাগৰাকী চিকিৎসকে অংশগ্ৰহণ কৰে ।
অনুষ্ঠানত পদ্মশ্ৰী ডাঃ সৰ্বেশ্বৰ চহৰীয়াই কয়, "চিকিৎসক এজনৰ উৎকৰ্ষতা কেৱল পেছাগত দক্ষতাত সীমাবদ্ধ নহয়, বৰঞ্চ জনসাধাৰণৰ বিশ্বাস আৰু সন্তুষ্টিৰ ওপৰতহে ই নিৰ্ভৰ কৰে । মানৱীয়তাৰে কৰা চিকিৎসাই হৈছে চিকিৎসা পেচাৰ প্ৰকৃত সফলতা ।" তেওঁ পিআইএমচিৰ আগন্তুক ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ সুবিধাসমূহৰ প্ৰসংগ উল্লেখ কৰি অঞ্চলটোৰ শিক্ষা আৰু চিকিৎসা পৰিকাঠামো শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানখনৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে ।
অনুষ্ঠানত এইবাৰ চিকিৎসক দিৱসৰ মূল বিষয়বস্তু "Behind the Mask : Who Heals the Healers ?"ৰ ওপৰতো আলোকপাত কৰা হয় ।
ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ কাৰ্যসূচীত ইউএছটিএমৰ আচাৰ্য মহবুবুল হক, উপাচাৰ্য অধ্যাপক জি. ডি. শৰ্মা, পিআইএমচিৰ মেডিকেল এডমিনিষ্ট্ৰেচনৰ ডাইৰেক্টৰ প্ৰফেছৰ (ডাঃ) অমল চন্দ্ৰ কটকী, মেডিকেল এডুকেশ্বন এণ্ড ৰিচাৰ্চৰ ডাইৰেক্টৰ ডাঃ যোগেশ শৰ্মা, প্ৰিন্সিপাল প্ৰফেছৰ ডাঃ এইচ. কে. শৰ্মা আৰু আই এ আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ প্ৰফেছৰ ডাঃ অনিল শৰ্মাকে ধৰি কেইবাগৰাকী জ্যেষ্ঠ চিকিৎসক আৰু অধ্যাপক উপস্থিত থাকে ।

চিকিৎসকসকলক সম্বৰ্ধনা :
অনুষ্ঠানৰ আৰম্ভণিতে চিকিৎসা শিক্ষা, স্বাস্থ্য সেৱা আৰু প্ৰতিষ্ঠানিক উন্নয়নত বিশেষ অৱদান আগবঢ়োৱা জ্যেষ্ঠ চিকিৎসক তথা অধ্যাপকসকলক সম্বৰ্ধনা জনোৱা হয় । ইয়াৰ উপৰিও পি এ চাংমা আন্তৰ্জাতিক চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰতিষ্ঠাপক চিকিৎসকসকলকো তেওঁলোকৰ অগ্ৰণী অৱদানৰ বাবে বিশেষভাৱে সন্মানিত কৰা হয় । উৎকৃষ্ট সেৱা, ৰোগীৰ যত্নৰ প্ৰতি নিষ্ঠা আৰু পেছাগত সততাৰ বাবে বিভিন্ন বিভাগৰ চিকিৎসকক 'Doctors of the Year' বঁটাৰে সন্মানিত কৰা হয় ।


সংবাদ মাধ্যমৰ বাবে বিশেষ উপহাৰ :
চিকিৎসক দিৱসৰ বিশেষ দিনটোতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সংবাদ মাধ্যমৰ সদস্যসকলৰ বাবে এক বিশেষ কল্যাণমূলক পদক্ষেপ গ্ৰহণ কৰে । অনুষ্ঠানত উপস্থিত থকা সাংবাদিকসকলৰ মাজত 'প্ৰিমিয়াম হেল্থ কাৰ্ড' বিতৰণ কৰা হয় । এই কাৰ্ডৰ জৰিয়তে সংবাদ মাধ্যমৰ কৰ্মীসকলে পি এ চাংমা আন্তৰ্জাতিক চিকিৎসা মহাবিদ্যালয় হাস্পতালত সকলো ধৰণৰ চিকিৎসা সেৱা আৰু স্বাস্থ্য পৰীক্ষাত ৫০ শতাংশ পৰ্যন্ত ৰেহাই লাভ কৰিব । ইয়াৰ লগতে ঔষধ ক্ৰয়ৰ ক্ষেত্ৰতো বিশেষ ৰেহাই প্ৰদান কৰা হ'ব ।
উল্লেখ্য যে ২০১১ চনত প্ৰতিষ্ঠিত আৰু NAAC-ৰ 'এ গ্ৰেড' প্ৰাপ্ত ইউএছটিএম বৰ্তমান উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান হিচাপে পৰিগণিত হৈছে । যিয়ে কেৱল শিক্ষাই নহয়, সামাজিক দায়বদ্ধতাৰ দিশতো সদায় সক্ৰিয় ভূমিকা পালন কৰি আহিছে ।
লগতে পঢ়ক :
আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস: চিকিৎসকসকলৰ নিঃস্বাৰ্থ সেৱা আৰু ত্যাগৰ প্ৰতি সন্মান জনোৱাৰ দিন

