ETV Bharat / state

তান্ত্ৰিকৰ বেশত চুৰি কৰিলে সোণৰ অলংকাৰ, গ্ৰেপ্তাৰ ভণ্ড তান্ত্ৰিক

আৰক্ষীয়ে নগাঁৱৰ কচুৱাত অভিযান চলাই গ্ৰেপ্তাৰ কৰে চুৰিকাণ্ডৰ মাষ্টাৰমাইণ্ডক ।

Person involved in theft at jorabat arrested in Nagaon
আৰক্ষীয়ে নগাঁৱত গ্ৰেপ্তাৰ কৰে যোৰাবাটৰ চুৰিকাণ্ডৰ মাষ্টাৰমাইণ্ডক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 23, 2026 at 5:20 PM IST

2 Min Read
Choose ETV Bharat

সোণাপুৰ: ধৰ্মীয় বিশ্বাস আৰু অন্ধবিশ্বাসক ঢাল কৰি সাধাৰণ লোকক লুণ্ঠন চলোৱা এটা দুৰ্ধৰ্ষ অপৰাধী অৱশেষত আৰক্ষীৰ জালত পৰিল । তান্ত্ৰিকৰ বেশ ধৰি মানুহৰ সৰলতাৰ সুযোগ লোৱা এই তথাকথিত 'ওজা'জনে যোৰাবাটত সংঘটিত এক বৃহৎ চুৰিকাণ্ডৰ মাষ্টাৰমাইণ্ড হিচাপে চিহ্নিত হৈছে । গুৱাহাটীৰ বশিষ্ঠ আৰু যোৰাবাট আৰক্ষীৰ যুটীয়া অভিযানত দেওবাৰে নগাঁৱৰ কচুৱাৰ পৰা অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয় ।

তান্ত্ৰিকৰ বেশত চুৰি:

আৰক্ষীয়ে নগাঁৱত গ্ৰেপ্তাৰ কৰে যোৰাবাটৰ চুৰিকাণ্ডৰ মাষ্টাৰমাইণ্ডক (ETV Bharat Assam)

ঘটনাৰ বিৱৰণি অনুসৰি, যোৱা ১১ ফেব্ৰুৱাৰীত যোৰাবাটৰ শংকৰদেৱ নগৰ নিবাসী গংগা ৰায়ৰ ঘৰত এক চুৰিকাণ্ড সংঘটিত হৈছিল । পৰিয়ালটো ঘৰত নথকাৰ সুযোগ লৈ চোৰে তলা ভাঙি আলমাৰিৰ পৰা বৃহৎ পৰিমাণৰ সোণৰ অলংকাৰ আৰু অন্যান্য মূল্যৱান সামগ্ৰী লুট কৰিছিল । ভুক্তভোগী পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে ।

আৰক্ষীৰ সফল অভিযান আৰু গ্ৰেপ্তাৰ:

আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহে এই সমগ্ৰ কাণ্ড । পৰিকল্পনাকাৰী আছিল তান্ত্ৰিকৰ বেশত থকা ফাৰুখ ওজা নামৰ এজন ব্যক্তি । গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে নগাঁৱৰ কচুৱাত অভিযান চলাই ফাৰুখক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । জেৰাৰ সময়ত ফাৰুখে চুৰিৰ কথা স্বীকাৰ কৰাৰ লগতে লুণ্ঠন কৰা সোণৰ অলংকাৰসমূহ ক’ত বিক্ৰী কৰিছিল, তাৰো তথ্য প্ৰদান কৰে ।

police recovered the clothes used in the theft
আৰক্ষীয়ে নগাঁৱত উদ্ধাৰ কৰা চুৰি সামগ্ৰী (ETV Bharat Assam)

লংকাৰ জুৱেলাৰীত অভিযান:

ফাৰুখ ওজাৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীৰ দলটোৱে লংকাৰ এখন জুৱেলাৰী দোকানত অভিযান চলায় । চুৰিৰ সোণ ক্ৰয় কৰাৰ অভিযোগত খেৰণিৰ নিবাসী তথা জুৱেলাৰীৰ স্বত্বাধিকাৰী সন্তোষ কুমাৰ প্ৰসাদক গ্ৰেপ্তাৰ কৰা হয় । এই অভিযানত আৰক্ষীয়ে সামগ্ৰীসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে নগদ ৫৭,৪২০ টকা, ৪ টাকৈ মোবাইল ফোন, তান্ত্ৰিক কাৰ্যত ব্যৱহাৰ কৰা পোচাক আৰু সা-সজুলি উদ্ধাৰ কৰে ।

police recovered the clothes used in the theft
আৰক্ষীয়ে নগাঁৱত উদ্ধাৰ কৰে চুৰিকাৰ্যত ব্য়ৱহাৰ কৰা পোচাক (ETV Bharat Assam)

অন্ধবিশ্বাসৰ বিৰুদ্ধে সতৰ্কবাণী :

ফাৰুখ ওজাই দীৰ্ঘদিন ধৰি অসমৰ বিভিন্ন প্ৰান্তত তান্ত্ৰিকৰ ভেশ ধৰি বিভিন্ন লোকক আধ্যত্মিক ভয় বা আশীৰ্বাদৰ প্ৰলোভন দি লুণ্ঠন চলাই আহিছিল । আৰক্ষীয়ে ইতিমধ্যে CNO 64/26 নম্বৰৰ অধীনত এক গোচৰ ৰুজু কৰি অভিযুক্তক আদালতত হাজিৰ কৰোৱাত আদালতে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক:যোৰহাট আৰক্ষীৰ জালত চোৰৰ গেং; উদ্ধাৰ লাখ টকাৰ অলংকাৰ

গুলীৰ শব্দত কঁপি উঠিল শীতৰ পুৱা; সমুখ সমৰত নামিল আৰক্ষী আৰু ৰাইজ