ETV Bharat / state

স্থায়ী ঠিকনা পালে উত্তৰ-পূবৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয়ে

যোৰহাটৰ মৰিয়নিত স্থাপিত মহিলা বিশ্ববিদ্যালয়খনত আছে ১৭টা বিভাগ, চলি আছে ৪৬টা শৈক্ষিক ডিগ্ৰী পাঠ্যক্ৰম ।

Assam women's university
স্থায়ী ঠিকনা পালে উত্তৰ-পূবৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 25, 2026 at 7:58 PM IST

4 Min Read
Choose ETV Bharat

যোৰহাট : মহিলাৰ উচ্চ শিক্ষাৰ অগ্ৰগতিৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ । যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ অন্তৰ্গত টীয়ক কলিয়াপানীত প্ৰায় ২৯ কোটি টকা ব্যয়েৰে ৫৮ বিঘা ভূমিত মুকলি হ'ল অসম মহিলা বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত ভৱন । বুধবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে মহিলা বিশ্ববিদ্যালয়খনৰ নৱনিৰ্মিত ভৱন ।

২০১৩ চনৰ ১৫ জুলাইত অসম বিধানসভাত নতুন মহিলা বিশ্ববিদ্যালয় সন্দৰ্ভত এক বিধেয়ক গৃহীত হৈছিল । সেই বছৰতে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশাসুধীয়া প্ৰচেষ্টাত স্থাপন হয় অসম মহিলা বিশ্ববিদ্যালয় ৷ ২০১৪ চনৰ ১১ ছেপ্টেম্বৰত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল এই বিশ্ববিদ্যালয় । সেই সময়ত এই বিশ্ববিদ্যালয়খনৰ ঠিকনা আছিল অসম কৃষি বিশ্ববিদ্যালয়ৰ চৌহদ ।

স্থায়ী ঠিকনা পালে উত্তৰ-পূবৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয়ে (ETV Bharat Assam)

২০১৯ চনৰ ১২ ছেপ্টেম্বৰত অসমৰ তদানীন্তন ৰাজ্যপাল জগদীশ মুখীয়ে অধ্যাপক ডঃ মালিনী গোস্বামীক অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য হিচাপে নিযুক্তি দিয়ে । ৰাজ্যৰ নাৰী শিক্ষাৰ সম্প্ৰসাৰণৰ লক্ষ্যৰে অসম চৰকাৰে স্থাপন কৰিছিল অসম মহিলা বিশ্ববিদ্যালয় । অসম মহিলা বিশ্ববিদ্যালয়ে অৱশেষত এক স্থায়ী ঠিকনা লাভ কৰিলে । যোৰহাট জিলাৰ মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত টীয়কৰ কলিয়াপানীত অসম মহিলা বিশ্ববিদ্যালয়ে প্ৰতিষ্ঠা লাভ কৰিলে ।

স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিশ্ববিদ্যালয়ৰ নতুন ভৱন নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ পূৰ্ণাংগ মাত্ৰা পোৱাত সুখী হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে । তেওঁ কয়, "আজি কেৱল যোৰহাট অথবা অসমৰ কাৰণেই নহয়, বৰং সমগ্ৰ উত্তৰ-পূবৰ বাবে এক গৌৰৱময় দিন । অসম মহিলা বিশ্ববিদ্যালয় সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমখন মহিলা বিশ্ববিদ্যালয় । স্ত্ৰী শিক্ষাৰ ক্ষেত্ৰত এই বিশ্ববিদ্যালয়খন মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব ।"

সমান্তৰালকৈ অসম মহিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলেও এই ঐতিহাসিক পদক্ষেপৰ বাবে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে ।

Assam women's university
অসম মহিলা বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত ভৱন উদ্বোধন মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

আনহাতে, শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি মন্তব্য কৰে, "আমি ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, মাধৱদেৱ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন ভৱন উদ্বোধন কৰাৰ পাছত আজি অসমৰ এখন উল্লেখযোগ্য বিশ্ববিদ্যালয় অসম মহিলা বিশ্ববিদ্যালয়ৰ নতুন ভৱন উদ্বোধন কৰিছোঁ । ২০১৩ চনতে প্ৰতিষ্ঠা লাভ কৰিছিল যদিও যোৱা ১০ বছৰ ধৰি বিশ্ববিদ্যালয়খন যথেষ্ট অৱহেলিত আৰু অনাদৃত হৈ আছিল । যোৱা ৫টা বছৰ ধৰি এই বিশ্ববিদ্যালয়খনৰ নতুন ভৱন নিৰ্মাণৰ কাম চলি অৱশেষত আজি অসম মহিলা বিশ্ববিদ্যালয়ে পূৰ্ণাংগ ৰূপ লাভ কৰিবলৈ সক্ষম হ'ল ।"

উল্লেখ্য যে ২০১৩ চনত ৰাজ্যৰ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰচেষ্টাত স্থাপিত বিশ্ববিদ্যালয়খনত বৰ্তমান মুঠ ১৭টা বিভাগ আছে । আটাইকেইটা বিভাগতে সৰ্বমুঠ ৪৬টা শৈক্ষিক ডিগ্ৰী পাঠ্যক্ৰম চলাই থকা হৈছে । লগতে বিভিন্ন দক্ষতা বিকাশ কাৰ্যসূচী ৰূপায়ণ আৰু নতুন শিক্ষা নীতি, ২০২০ সফলভাৱে কাৰ্যকৰী কৰি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম মহিলা উচ্চ শিক্ষা প্ৰতিষ্ঠান হিচাপে বিশ্ববিদ্যালয়খনে ইতিমধ্যে দৃষ্টান্ত দাঙি ধৰিছে । আনহাতে, ইতিমধ্যে বিশ্ববিদ্যালয়খনে নাকৰ (NAAC) স্বীকৃতি লাভ কৰিছে ।

বুধবাৰে মুকলি কৰা নতুন ভৱনটোত আধুনিক শিক্ষণ, শিক্ষাদানৰ সুবিধা, পাঠদানৰ কোঠা, শিক্ষক, বিভাগীয় মুৰব্বী অধ্যাপকসকলৰ কোঠাৰ ব্যৱস্থা আছে । বৰ্তমান ছাত্ৰী নিৱাসো নিৰ্মাণ হৈ আছে আৰু সোনকালে ইয়াৰ কাম সমাপ্ত হ'ব । বৰ্তমান বিশ্ববিদ্যালয় খনত ১,২০৫ গৰাকী ছাত্রী আছে ।

লগতে পঢ়ক :"পদুম ফুলাওক, আমি পানী দিম!" চৰকাৰৰ প্ৰতিশ্ৰুতি অসাৰ, খোৱাপানীৰ বাবে হাহাকাৰ একাংশ মহানগৰীৰ বাসিন্দাৰ
লগতে পঢ়ক :এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ পাঠ্যপুথিত ন্যায়পালিকাৰ দুৰ্নীতিৰ বিষয়; নিজাকৈ গোচৰ ৰুজু উচ্চতম ন্যায়ালয়ৰ