ৰাস্তাই-ঘাটে ঘূৰি ফুৰা 'ৰেৱতী' গুচি গ'ল, শোকাকুল ৰাইজেই পাতিলে আদ্যশ্ৰাদ্ধ
টীয়কৰ ৰাইজে প্ৰমাণ কৰিলে যে মানৱতা আজিও জীয়াই আছে । সকলোৰে চিনাকি তথা প্ৰিয় 'ৰেৱতী'ৰ মৃত্যুত টীয়কবাসীয়ে অনুষ্ঠিত কৰে তেওঁৰ আদ্যশ্ৰাদ্ধ ।

Published : July 9, 2026 at 7:56 PM IST
টীয়ক: বৰ্তমান সমাজত বিভিন্ন সময়ত মানৱীয় মূল্যবোধৰ অৱক্ষয়ৰ ছবি দেখা যায় । কিন্তু তাৰ মাজতো এনে কিছু লোক আছে, যিয়ে মানৱীয় প্ৰমূল্যবোধ এতিয়াও জীয়াই ৰাখিছে । আনৰ দুখত কান্দিব পাৰিলে কান্দোনতো যে সুখ পায় সেয়া প্ৰতীয়মান হৈ আহিছে । তাৰে এক শেহতীয়া উদাহৰণ দেখিবলৈ পোৱা গ'ল যোৰহাটৰ টীয়কত ।
টীয়কৰ ৰাইজে এইবাৰ প্ৰমাণ কৰি দিলে যে মানৱতা আজিও জীয়াই আছে । টীয়কৰ পদপথত দীৰ্ঘদিন ধৰি মানসিক ভাৰসাম্যহীন অৱস্থাত জীৱন কটোৱা আৰু সকলোৰে চিনাকি তথা প্ৰিয় 'ৰেৱতী'ৰ মৃত্যুৰ পাছত টীয়কৰ বিভিন্ন স্তৰৰ লোক একত্ৰিত হৈ অনুষ্ঠিত কৰে তেওঁৰ আদ্যশ্ৰাদ্ধ ।
বহু বছৰ ধৰি টীয়কৰ ৰাস্তাই-ঘাটে ঘূৰি ফুৰা ৰেৱতীয়ে কেতিয়াও কাৰো অনিষ্ট কৰা নাছিল । নিজৰ এখন সুকীয়া জগতত জীৱন অতিবাহিত কৰা ৰেৱতীক টীয়কৰ সাধাৰণ ৰাইজে সদায় মৰম আৰু সহানুভূতি আগবঢ়াইছিল । নগৰৰ বহু লোকে তেওঁক নিয়মীয়াকৈ খাদ্য, বস্ত্ৰ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰীও যোগান ধৰি আহিছিল ।
কিন্তু কেইদিনমান পূৰ্বে সংঘটিত এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাৱটি লয় ৰেৱতীয়ে । তেওঁৰ মৃত্যুৰ খবৰে সমগ্ৰ টীয়ক অঞ্চলতে শোকৰ ছাঁ পেলায় । তেওঁৰ মৃত্যুত টীয়কৰ সকলো লোক আজিও শোকত ম্ৰিয়মাণ । সেয়ে আত্মীয়-স্বজন থকা সত্ত্বেও টীয়কৰ সকলো স্তৰৰ লোকৰ মাজত গঢ়ি উঠা মানৱীয় আৰু স্বাৰ্থহীন সম্পৰ্কৰ বাবেই বৃহস্পতিবাৰে টীয়কৰ বিভিন্ন সামাজিক সংগঠন, ব্যৱসায়ী, যুৱক-যুৱতী, জ্যেষ্ঠ নাগৰিক আৰু সচেতন ৰাইজে একেলগে তেওঁৰ আদ্যশ্ৰাদ্ধ টীয়ক নগৰতেই সমূহীয়াভাৱে অনুষ্ঠিত কৰে ।
ধৰ্মীয় নিয়ম-নীতি অনুসৰি সম্পন্ন কৰা এই অনুষ্ঠানত বহু লোক উপস্থিত থাকি ৰেৱতীৰ আত্মাৰ সদ্গতি কামনা কৰে । টীয়কৰ ৰাইজৰ এই ব্যতিক্ৰমী পদক্ষেপে সমাজলৈ এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে আৰু আজিও যে প্ৰকৃত মানৱতা জীয়াই আছে তাৰ নিদৰ্শন দাঙি ধৰিছে ।
এই সন্দৰ্ভত এগৰাকী উদ্যোক্তাই কয়, "ৰেৱতী যদিও মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল আমি তেওঁক তেনেকৈ পোৱা নাই । তেওঁৰ ব্যৱহাৰ, মৰম-চেনেহবোৰ আমাৰ মাজত আজিও সজীৱ হৈ আছে । সকলোকে নাম ধৰি মাতে, মৰম কৰে । আমাৰ নগৰৰ দোকানবোৰতে ঘূৰি ফুৰে, আমি খাদ্য-বস্ত্ৰ দিওঁ । কাহানিও কাকো বেয়া ব্যৱহাৰ কৰা নাই ।"
তেওঁ লগতে কয়, "তেওঁৰ মৃত্যুত আমি বৰ দুখ পাইছোঁ আৰু আজি তেওঁৰ আত্মাৰ সদগতি কামনাৰে ৰাইজৰ সহযোগত আমি এইদৰে আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ ।"
আন এগৰাকী যুৱকে কয়, "টীয়কৰ সমাজ জীৱনৰ লগত ওতপ্ৰোতভাৱে জড়িত আছিল ৰেৱতী বাই । সদায় হাঁহিমুখে সকলোকে সম্বোধন কৰে । টীয়কৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ যিকোনো কাৰ্যসূচীতে তেওঁ উপস্থিত থাকে । ৰাইজেও তেওঁক সকলো যোগাৰ দিয়ে । আমি সৰুৰে পৰা দেখি আহিছোঁ । আজি বাই নাই, আমি তেওঁৰ পুণ্যাত্মাৰ সদগতি কামনা কৰিছোঁ ।"

