ৰে'ল বিভাগৰ দায়িত্বত এখন গাঁৱৰ ৰাইজ : পালপাতি ২৪ ঘণ্টাই পৰিচালনা কৰে এখন ৰে'ল গে'ট
সৰুপথাৰৰ টেঙানী অঞ্চলৰ এক জ্বলন্ত সমস্যা । ৪২ খন গাঁৱৰ জীৱন-মৰণৰ সীমাৰেখা এটা ৰে'লৱে ক্ৰছিং ।

Published : February 25, 2026 at 2:06 PM IST
সৰুপথাৰ : গোলাঘাট জিলাৰ সৰুপথাৰ সমজিলাৰ অন্তৰ্গত ১০৭ নং সৰুপথাৰ বিধানসভা সমষ্টিৰ এক অতি গুৰুত্বপূৰ্ণ অঞ্চল হ’ল টেঙানী । টেঙানী পঞ্চায়তৰ অধীনত থকা প্ৰায় ৪২ খন গাঁৱৰ হাজাৰ হাজাৰ লোকৰ দৈনন্দিন যাতায়াতৰ এইটোৱে মূল পথ । টেঙানীৰ খকনগুৰি হৈ গোলাঘাট চহৰলৈ সংযোগ স্থাপন কৰা এই পথটোৰে নিতৌ শতাধিক যান-বাহন চলাচল কৰে ।
কিন্তু দুৰ্ভাগ্যৰ বিষয় যে অঞ্চলটোৰ উন্নয়নৰ এই যাত্ৰাত এক মৰণফান্দ হৈ থিয় দিছে পথটোৰ মাজত থকা খকনগুৰি গাঁৱৰ এটা ৰে'ল পথ (Railway Crossing) ।
সমস্যাৰ গভীৰতা আৰু জনসাধাৰণৰ দুৰ্দশা
টেঙানীৰ খকনগুৰি গাঁৱৰ মূল পথত থকা ৰে'ল ক্ৰছিংটোত ৰে'লৱে বিভাগৰ কোনো ৰে'ল গে'টৰ ব্যৱস্থা নাই । ইয়াৰ ফলত যাতায়াতৰ সময়ত অঞ্চলটোৰ ৰাইজ সদায়ে এক অনিশ্চয়তা আৰু ভয়ৰ মাজত অতিবাহিত কৰিবলগীয়া হয় । বিগত সময়ছোৱাত এই স্থানত ৰে'লৰ খুন্দাত কেইবাটাও শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে । এই দুৰ্ঘটনাসমূহত বিদ্যালয়ৰ ছাত্ৰীকে ধৰি কেইবাজনো নিৰীহ লোকে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ।
এই দুৰ্ঘটনাৰ পাছত ৰে'লৱে বিভাগে পথটো বন্ধ কৰি দিছিল যদিও জনসাধাৰণৰ প্ৰয়োজন আৰু বিভাগৰ সৈতে হোৱা বুজাবুজিৰ পাছত পথটো পুনৰ মুকলি কৰা হয় ।
ৰাইজৰ দায়িত্ব আৰু স্বপৰিচালিত গে'ট
ৰে'লৱে বিভাগ তথা চৰকাৰৰ অৱহেলাৰ মাজতে নিজৰ সুৰক্ষা নিশ্চিত কৰিবলৈ টেঙানীৰ ৰাইজে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে । বিগত তিনি বছৰ ধৰি স্থানীয় ৰাইজে এখন সমিতি গঠন কৰি নিজা প্ৰচেষ্টাৰে উক্ত স্থানত এখন গে'টৰ ব্যৱস্থা কৰিছে । সমিতিখনৰ লোকসকলে গে'টখনত ২৪ ঘণ্টাই পহৰা দিয়ে । ৪২ খন গাঁৱৰ ৰাইজৰ শিক্ষা, স্বাস্থ্য আৰু ব্যৱসায়-বাণিজ্য ইত্যাদিৰ বাবে যাতায়াতৰ সুবিধা হোৱাকৈ সমিতিৰ দ্বাৰা নিয়োজিত লোকে দিনে-নিশাই ইয়াত চোৱা-চিতা কৰে ।
বিপদৰ আশংকা
গে'টৰ দায়িত্বত থকা লোকসকলৰ সামান্য অসাৱধানতাত যিকোনো মুহূৰ্ততে ডাঙৰ বিপদ ঘটাৰ সম্ভাৱনা থাকে । উল্লেখ্য যে My Train App চাই তেওঁলোকে গে'টখন পৰিচালনা কৰে । মোবাইল এপযোগে যাত্ৰীবাহী ট্ৰেইনৰ Location চাই নিৰ্দিষ্ট সময়ত গে'টখন বন্ধ কৰি দিয়ে । তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে, মালবাহী ৰে'ল, ৰে'লৰ ইঞ্জিন আহিলে তেওঁলোকে Location নাপায় বুলি মন্তব্য কৰিছে । তেনে ক্ষেত্ৰত ৰে'লৰ হৰ্ণ শুনিলেই হঠাৎ যাত্ৰীৰ বাহন ৰখাই দিবলগীয়া হয় ।
খনকনগুৰি গাঁৱত অৱস্থিত গে'টখনৰ এফালে জামুগুৰি ৰে'লৱে ষ্টেচন, আনফালে বিলগাঁও ৰে'লৱে ষ্টেচন । তাৰ মাজতেই অৱস্থিত এই গে'টখন । যিখন গে'ট বিগত তিনি বছৰেই সমিতিখনৰ লোকে পৰিচালনা কৰি আহিছে ।
এই সমস্যাৰ ওপৰত গে'ট পৰিচালনা কৰা এজন ব্যক্তিয়ে কয়, "টেঙানীৰ ৪২ খন গাঁৱৰ মূল যাতায়াতৰ পথ এইটোৱেই । নিতৌ শতাধিক গাড়ী এই পথেৰে যাতায়াত কৰে । এম্বুলেন্স, চাহপাতৰ গাড়ী, বিদ্য়ালয়, ব্যৱসায়-বাণিজ্য ইত্যাদিৰ বাহনসমূহ এই পথেৰেই যায় । গতিকে ইয়াত গে'ট এখনৰ অতিকৈ প্ৰয়োজন । আমাৰ সমিতিয়ে যোগোযোগ কৰি আছে । প্ৰথমতে যেতিয়া মানুহে গে'ট পৰিচালনা কৰা নাছিল, তেতিয়া বহু দুৰ্ঘটনা এই স্থানত হৈছে । ৰে'লৰ খুন্দাত বিদ্য়ালয়ৰ ছাত্ৰীৰ লগতে ব্যৱসায়িক বাহনৰ লোকে মৃত্যুক আঁকোৱালি লৈছে । তাৰ পিছতেই ৰে'ল বিভাগে এই পথ বন্ধ কৰি দিছিল ।"
তেওঁ লগতে কয়, "ৰাইজে ৰে'ল বিভাগৰ লগত বুজাবুজিৰ পিছত পুনৰ এই পথেৰে যাতায়াত কৰা হৈছে । তেতিয়াৰে পৰাই সুকলমে চলি আছে । গোলাঘাটলৈ যাতায়াত কৰাৰ এইটোৱেই মূল পথ ।"
তেওঁ পুনৰ কয়, "তিনি বছৰেই আমি এই গে'ট চোৱা-চিতাৰ দায়িত্বত আছোঁ । My Train App চাই আমি পৰিচালনা কৰোঁ । মালবাহী ৰে'ল, ৰে'লৰ ইঞ্জিন আহিলে আমি Location নাপাওঁ । গাড়ীৰ হৰ্ণ শুনিলেই হঠাৎ মানুহক ৰখাই দিবলগীয়া হয় । এফালে জামুগুৰি ৰে'লৱে ষ্টেচন, আনফালে বিলগাঁও ৰে'লৱে ষ্টেচন । তাৰ মাজত এইটো গে'ট । ওচৰৰ ষ্টেচনৰ লগত কোনো ধৰণৰ যোগাযোগ নাই । আমি মোবাইল এপৰ যোগেদিয়েই যাত্ৰীবাহী ৰে'লৰ Location চাওঁ, সেইমতেই গে'ট বন্ধ কৰোঁ ।"
তেওঁ লগতে কয়, "আমাৰ গে'ট পৰিচালনা সমিতিৰ যোগেদি ৰে'লৱে বিভাগত ইয়াত গে'ট স্থাপনৰ বাবে স্মাৰক-পত্ৰও প্ৰেৰণ কৰা হৈছে, বিভাগে কিমান কি কৰিছে নাজানো । ইয়াত কেতিয়াবা জৰুৰীভাৱে ইঞ্জিন আহিলে অসুবিধা হয় । গাড়ীসমূহ ৰখাই দিবলগীয়া হয় । চালকসকলে নিজেই সাৱধান হোৱাটো প্ৰয়োজন । আমি ২৪ ঘণ্টাই কৰ্তব্য পালন কৰোঁ । দিনত দুজন, নিশা দুজনকৈ থকা হয় ।"
একবিংশ শতিকাৰ আধুনিক সমাজত যাতায়াতৰ নিৰাপত্তা মৌলিক অধিকাৰৰ দৰে । বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, ৰোগী আৰু সাধাৰণ পথচাৰীৰ জীৱনক এনেদৰে অনিশ্চয়তাৰ মাজলৈ ঠেলি দিয়াটো অত্যন্ত দুৰ্ভাগ্যজনক । টেঙানীৰ ৪২ খন গাঁৱৰ ৰাইজৰ এই দীৰ্ঘদিনীয়া সমস্যাটো সমাধানৰ বাবে ৰে'লৱে বিভাগ তথা সংশ্লিষ্ট কৰ্তৃপক্ষক উক্ত স্থানত এখন স্থায়ী ৰে'ল গেট স্থাপন কৰিবলৈ সমিতিখনে স্মাৰক-পত্ৰ প্ৰেৰণ কৰি আহিছে । ৰাইজেও শীঘ্ৰে ইয়াত এক স্থায়ী সমাধানৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ তথা ৰে'লৱে বিভাগক আহ্বান জনাইছে ।

