পথ নিৰ্মাণ কৰি নিদিলে দিয়া নহয় ভোট ! শাসকপক্ষক সকীয়াই ভোট বৰ্জনৰ কঠোৰ সিদ্ধান্ত
শাসকপক্ষক, স্থানীয় বিধায়কক কেইবাবাৰো অৱগত কৰাৰ পিছতো বিহীত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৷ পথ মেৰামতিৰ দাবীত দলে-বলে ওলাই আহিল ৰাইজ ৷

Published : January 20, 2026 at 2:45 PM IST
মৰাণ: পৰিৱৰ্তন আৰু উন্নয়নৰ কথা কৈ থাকোঁতেই আকৌ পালেহি নিৰ্বাচন । কিন্তু বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোট বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে ৰাইজে । কিয়নো ডিব্ৰুগড় জিলাৰ খোৱাঙত পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে ৰাইজক । খোৱাং আৰু টিংখাং বিধানসভা সমষ্টিৰ সীমামূৰীয়া দুলীয়া লাহোৱাল গাঁৱত পথৰ দুৰৱস্থাত অতিষ্ঠ হৈ পৰিছে ৰাইজ ।
গাঁওখনৰ মূল পথটো ইমানেই তথৈবচ হৈ পৰিছে যে গাড়ী-মটৰ দূৰৰ কথা খোজকাঢ়ি যাবলৈও ৰাইজে চিন্তা কৰিবলগা হয় । মূল পথটোৰ এটা অংশ খোৱাং সমষ্টি আৰু আনটো অংশ টিংখাং সমষ্টিৰ অন্তৰ্গত । পথটোত ঠায়ে ঠায়ে সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁত । ফলত স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে গাঁওবাসীয়ে যাতায়াত কৰাত যমৰ যাতনা ভোগ কৰিবলগা হৈছে ৷
স্থানীয় খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ আৰু টিংখাং সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী বিমল বড়াক ৰাইজে বাৰম্বাৰ আবেদন-নিবেদন কৰি আহিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে ৰাইজে । ক্ষুব্ধ ৰাইজে মঙলবাৰে সেয়ে দলে-বলে ওলাই আহি ২০২৬ ৰ নিৰ্বাচনৰ পূৰ্বে পথটো মেৰামতি নকৰিলে ভোট নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । সমান্তৰালকৈ পথটো শীঘ্ৰে মেৰামতি কৰিবলৈ স্থানীয় ৰাইজে দাবী তুলিছে ।


পথ নিৰ্মাণ নোহোৱা পৰ্যন্ত ভোট নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ
পথ নিৰ্মাণৰ দাবীত ৰাজপথলৈ ওলাই অহা স্থানীয় এগৰাকী মহিলাই কয়, ‘‘আমাৰ আলিটো যেতিয়ালৈকে নিৰ্মাণ কৰি নিদিয়ে, তেতিয়ালৈকে কোনো চৰকাৰক ভোট নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ । এই পথটো আমাৰ অঞ্চলৰ অতি গুৰুত্বপূৰ্ণ পথ ৷ কিন্তু আমি নিজে পইচা সংগ্ৰহ কৰি পথটো মেৰামতি কৰি আহিছোঁ । নহ’লে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে চেণ্ডেল হাতত লৈ বিদ্যালয়লৈ যাবলগা হয় । বিধায়ক চক্ৰধৰ গগৈক বহুবাৰ লিখিতভাবে আবেদন জনাই আহিছোঁ । ৰোগী নিবলৈ ১০৮ মাতিলেও পথ বেয়া হোৱা বাবে নাহে । সেয়ে আমি বহুত সমস্যাত পৰিছো ।’’

বাৰিষা একাঁঠু বোকাৰ মাজেৰে ৰোগীক নিব লাগে চিকিৎসালয়লৈ
অঞ্চলটোৰ আন এগৰাকী মহিলাই কয়, ‘‘আমাৰ দুলীয়া লাহোৱাল গাঁৱৰ পথ আজিও নিৰ্মাণ নোহোৱাত আমি সমস্যাত পৰিবলগা হৈছে । এই পথৰে ছাত্ৰ-ছাত্ৰী বিদ্যালয় যাব লাগে ৷ সেয়ে মূলপথটো নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছোঁ । বাৰিষা একাঁঠু বোকা হোৱাত ৰোগীক চিকিৎসালয়লৈ নিয়াৰ লগতে ছাত্ৰ- ছাত্ৰী বিদ্যালয়লৈ যোৱাত বহুত সমস্যা হয় । পথটোৰ এটা অংশ টিংখাং আৰু আন এটা অংশ খোৱাং সমষ্টিত পৰে ৷ সেয়ে আমি দুইজন বিধায়কক পথটো নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছোঁ, যদিও আজিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । আমি ৰাইজে নিৰ্বাচনৰ পূৰ্বে পথটো নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছোঁ ।’’
লগতে পঢ়ক: কোকৰাঝাৰ জ্বলিছে: দুৰ্ঘটনাক কেন্দ্ৰ কৰি লংকাকাণ্ড, গণপ্ৰহাৰত নিহত ২

