ETV Bharat / state

ৰংঘৰৰ আৰ্হিত ভেলাঘৰ সাজি সাজু হৈছে ভোগালীক আদৰিবলৈ

ৰাজ্য়ত পৰম্পৰাৰ বিপৰীতে ভেলাঘৰ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা ।

Bhela ghar that replicates the Rang Ghar in Nalbari
নলবাৰীত ৰংঘৰৰ আৰ্হিত সাজিছে ভেলাঘৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 11, 2026 at 7:18 PM IST

2 Min Read
Choose ETV Bharat

নলবাৰী: হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ এটা দিন । ৰাজ্যৰ চৌদিশে চলিছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি । ভিন্ন ঠাইত নিৰ্মাণ কৰা হৈছে আকৰ্ষণীয় ভেলাঘৰ আদি । কোনোবাই যদি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত ভেলাঘৰ নিৰ্মাণ কৰিছে, ক'ৰবাত আকৌ সাজিছে ম'হৰ যুঁজৰ দৃশ্য় । ইয়াৰ মাজতেই নলবাৰীতো চলিছে ভেলাঘৰ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা ।

নলবাৰীৰ ক'ৰবাত যদি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত গীটাৰেৰে ভেলাঘৰ সাজিছে, আন এঠাইত কাৰেংঘৰৰ আৰ্হিত ভেলাঘৰ সজিছে । সমান্তৰালকৈ নলবাৰী চহৰৰ মাজমজিয়াতো ৰংঘৰৰ আৰ্হিৰ ভেলাঘৰ সাজি ভোগালীক আদৰিবলৈ সাজু হৈছে । নলবাৰী চহৰৰ জাপাৰকুছিত বাঁহ আৰু খেৰেৰে সাজি উলিয়াইছে ৰংঘৰৰ আৰ্হিৰ ভেলাঘৰ । লগতে সাজিছে তিনিটাকৈ মেজি ।

নলবাৰীত ৰংঘৰৰ আৰ্হিত সাজিছে ভেলাঘৰ (ETV Bharat Assam)

জাপাৰকুছিৰ লোকসকলে উৰুকাৰ নিশা একেলগে ভোজভাত খাব এই ভেলাঘৰৰ বাকৰিত । প্ৰায় ৪০টাতকৈও অধিক বাঁহ আৰু খেৰেৰে সাজিছে এই ভেলাঘৰটো । আনহাতে ভোগালীক লৈ উৎফুল্লিত অঞ্চলটোৰ ৰাইজ । ৬০ টা পৰিয়ালে বাস কৰা এলেকাটোত প্ৰতিবছৰে ভিন্ন আৰ্হিৰ ভেলাঘৰ সাজি পালন কৰি আহিছে ভোগালী বিহু ।

Bhela ghar that replicates the Rang Ghar in Nalbari
নলবাৰীত ৰংঘৰৰ আৰ্হিত সাজিছে ভেলাঘৰ (ETV Bharat Assam)

এই সন্দৰ্ভত এগৰাকী স্থানীয় ব্য়ক্তিয়ে কয়, "নৱপ্ৰজন্মক ভেলাঘৰ কি সেয়া জানিবলৈ এনেদৰে সজা হৈছে ৰংঘৰ আৰ্হিৰ ভেলাঘৰটো । বাঁহ আৰু খেৰেৰে নিৰ্মাণ কৰা হৈছে এই ভেলাঘৰটো । অঞ্চলটোৰ লোকসকল কৰ্মসূত্ৰে ব্যস্ত থকা হেতুকে বিগত ১৫ দিন ধৰি নিশাৰ ভাগত ভেলাঘৰ নিৰ্মাণৰ প্ৰস্ততি চলাই আছে । আজি দেওবাৰে বন্ধবাৰ বুলি অঞ্চলটোৰ জ্যেষ্ঠ আৰু যুৱকসকল ওলাই আহি পুৱাৰে পৰা হাতে-কামে লাগিছে । আমি নৱপ্ৰজন্মক উৎসাহ দিয়াৰ উদ্দেশ্যে এনেদৰে ৰংঘৰৰ আৰ্হিত ভেলাঘৰটো সাজিছো । নিৰ্মাণ সম্পূৰ্ণ হোৱা নাই যদিও আজি নিশালৈকে ইয়াৰ নিৰ্মাণত ব্যস্ত থাকি সম্পূৰ্ণ কৰি উলিয়াম ।"

Magh Bihu preparation in Nalbari
নলবাৰী চহৰৰ জাপাৰকুছিত সাজিছে মেজি (ETV Bharat Assam)

যোৱা বছৰ নলবাৰীত হস্তী-মানুহৰ সংঘাত চলি থকা হেতুকে জাপাৰকুছিৰ লোকসকলে হাতীৰ ভেলাঘৰ সাজি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল । তেওঁলোকে ভোগালীত জ্বলাই নিদিয়ে এই ভেলাঘৰটো । অসমৰ ঐতিহ্যৰ প্ৰতীকী আৰ্হি হোৱা হেতুকে যিমান দিনলৈ ভেলাঘৰটো থিয় হৈ থাকিব, তেতিয়ালৈকে সকলোৱে চাব পাৰিব বুলি কয় এগৰাকী স্থানীয় ব্য়ক্তিয়ে ।

লগতে পঢ়ক:চক্ৰবেহু আৰু ৰংঘৰৰ আৰ্হিত ভেলাঘৰৰে ভোগালীক আদৰিবলৈ সাজু ডিব্ৰুগড়ৰ ৰাইজ

জুবিনবিহীন ভোগালী, জুবিনময় ভেলাঘৰ