বিকশিত অসমৰ বিষম কাহিনী ! এনেদৰেই যাতায়াত কৰিব লাগে এই অঞ্চলটোৰ ৰাইজে
"আমি কৃষিজীৱি মানুহ, বেপাৰ-বাণিজ্যৰ ক্ষেত্ৰত গেলাবিল, সৰুপথাৰ আদিলৈ যাবলৈ হ'লে এই দলংখনেৰেই যাবলগীয়া হয় ।" মন্তব্য ভুক্তভোগীৰ ।

Published : December 25, 2025 at 6:40 PM IST
সৰুপথাৰ : গাঁঠিৰ ধন ভাঙি ৰাইজে প্ৰতিবছৰে নিৰ্মাণ কৰে বাঁহৰ দলং । বৰ্তমান জৰাজীৰ্ণ অৱস্থাত ৰাইজে যাতায়াত কৰিছে এখন বাঁহৰ দলঙেৰে । গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ বৰপথাৰৰ প্ৰেমহৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত খাৰুৱা গাঁৱৰ ৰাইজৰ এয়া হৈছে দুদৰ্শা । আনহাতে, ৰাইজে নিজেই গাঁঠিৰ ধন ভাঙি বাঁহেৰে নিৰ্মাণ কৰিব লাগে দলং ।
যাতায়াতৰ একমাত্ৰ সম্বলেই এতিয়া মৰণফান্দ সদৃশ
অঞ্চলটোৰ ৰাইজৰ যাতায়াতৰ একমাত্ৰ সম্বল এই বাঁহৰ দলংখনেই । প্ৰায় ৬-৮ খন গাঁৱৰ ৰাইজৰ একমাত্ৰ যাতায়াতৰ মাধ্যম এইখন বাঁহৰ দলং । দলংখনেৰে যাতায়াত কৰিব নোৱাৰিলে বিকল্প পথেৰে কেইবা কিলোমিটাৰ বাট বুলিবলগীয়া হয় । সৰুপথাৰত উন্নয়নৰ এয়া হৈছে এখন পয়ালগা ছবি ।
বৰ্তমান এখন বাঁহৰ দলঙে জ্বলা-কলা খুৱাইছে ৰাইজক । আজি পৰ্যন্ত নিৰ্মাণ নহ'ল সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰেমহৰা গাঁও পঞ্চায়তৰ এইখন জৰাজীৰ্ণ বাঁহৰ দলং। যাৰবাবে বিগত ২০ বছৰেই এনেদৰেই বিপদ সংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে ৰাইজে ।
দৈনিক শতাধিক লোকে বিপদ সংকুলভাৱে কৰে যাতায়াত
উল্লেখ্য যে খাৰুৱা গাঁৱত এটা জানৰ ওপৰতেই আছে ৰাইজে নিৰ্মাণ কৰা দলংখন । বৰ্তমান অতি শোচনীয় অৱস্থা হৈছে দলংখনৰ । সৰুপথাৰ সমজিলাৰ প্ৰেমহৰা, গড়গাঁও, টেঙাজান, লাংঠা, জালজৰী, নাহৰবাৰী, ওপৰ লাংঠা, আদি গাঁৱৰ ৰাইজে যাতায়াত কৰিবলগীয়া হয় এই জৰাজীৰ্ণ দলংখনেৰে । দৈনিক শতাধিক লোকে বিপদ সংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে এইখন বাঁহৰ দলঙেৰে ।
চৰকাৰৰ আশ্বাসতেই বন্দী হৈ ৰ'ল ৰাইজ
আনহাতে, বিধ্বস্ত দলংখনৰ ওপৰেৰে ৰোগী কঢ়িয়াবলগীয়া হয়, ছাত্ৰ-ছাত্ৰীয়ে বিপদ সংকুলভাৱে বিদ্যালয়লৈ যায় । কৃষিজীৱী গাঁওখনৰ লোকে বেপাৰ-বাণিজ্য কৰিবলৈও এই জৰাজীৰ্ণ দলংখনেৰেই যাতায়াত কৰিবলগীয়া হয় । ইফালে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন জনাই অহাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ ।

ইফালে নিৰ্বাচনলৈ মাজত কেইমাহমান বাকী থকাৰ সময়ত সকলো ৰাজনৈতিক দলতেই বৃদ্ধি পাইছে ৰাজনৈতিক তৎপৰতা । নিৰ্বাচনৰ সময়ত কেৱল ভোটৰ বাবে আশ্বাস প্ৰদান কৰি বিগত ১৫-২০ বছৰে আশ্বাসতেই সীমাবদ্ধ হৈ থাকিল ৰাইজ । বৰ্তমান জৰাজীৰ্ণ অৱস্থাত থকা দলংখনৰ বাবে জীয়াতু ভুগিছে কেইবাখনো গাঁৱৰ ৰাইজে । সেয়ে গাঁওবাসীৰ চৰকাৰলৈ কাতৰ আহ্বান, এখন পকী দলং নিৰ্মাণ কৰি দিয়ক ।
স্থানীয় ৰাইজৰ ক্ষোভ
এই সন্দৰ্ভত স্থানীয় এগৰাকী মহিলাই কয়, "বহু শিক্ষাৰ্থী এই দলংখনেৰেই যাতায়াত কৰিবলগীয়া হয় । জৰাজীৰ্ণ অৱস্থাত বহুতো অসুবিধাৰ সন্মুখীন হৈছে । আমি কৃষিজীৱী মানুহ । বেপাৰ-বাণিজ্যৰ ক্ষেত্ৰত গেলাবিল, সৰুপথাৰ আদিলৈ যাবলৈ হ'লে এই দলংখনেৰেই যাবলগীয়া হয় । চৰকাৰে উন্নয়ন কৰিছে যদিও খাৰুৱা গাঁৱৰ দলংখন নিৰ্মাণত গুৰুত্ব দিয়া নাই ।"

তেওঁ লগতে কয়, "দলংখনৰ বিধ্বস্ত ৰূপৰ ফলতেই গাঁওখনৰ কেইবাগৰাকীও লোকৰ দলংখনত দুৰ্ঘটনা হৈছে । যদি দলংখন ভাল হ'লহেঁতেন তেন্তে আমি তেনেকুৱা দুৰ্ঘটনাৰ সন্মুখীন হ'বলগীয়া ন'হল হয় । চৰকাৰে আমাক মাহীআইৰ দৃষ্টিৰে চাইছে । ভোটৰ সময়তহে জনপ্ৰতিনিধি দেখিবলৈ পাওঁ, অন্যথা দেখিবলৈ নাপাওঁ ।"
ৰাইজৰ গাঁঠিৰ ধন ভাঙি মেৰামতি কৰে দলং
গাঁওখনৰ এজন লোকে কয়, "খাৰুৱা গাঁৱৰ দলংখনৰ প্ৰায় ১৮-২০ বছৰে এনে পৰিস্থিতিতেই ৰাইজ অহা-যোৱা কৰি আছে । প্ৰায় ৬-৭ খন গাঁৱৰ মানুহ এই দলংখনেৰেই অহা-যোৱা কৰে । ছাত্ৰ-ছাত্ৰী অহা-যোৱাৰ লগতে গাঁওসমূহৰ কৃষিজীৱী লোকে বেহা-বেপাৰৰ বাবে এই দলংখনেৰেই যাতায়াত কৰিবলগীয়া হয় । বিশেষকৈ গাঁওখনৰ লোকসকলে বাঁহ বিক্ৰী কৰিবলৈ এই দলঙেৰেই যাবলগীয়া হয় । তেওঁলোকৰো যথেষ্ট অসুবিধা হয় । ৰাইজে নিজেই মেৰামতি কৰি থাকিবলগীয়া হয়, চৰকাৰৰ দৃষ্টিত পৰা নাই দলংখন । প্ৰত্যেকটো বছৰতেই ঘৰে ঘৰে বাঁহ তুলি, পইচা তুলি ৰাইজে নিৰ্মাণ কৰিবলগীয়া হয় দলংখন । ৰোগীসকলক ঠেলাৰে পাৰ কৰি এম্বুলেন্সত উঠাবলগীয়া হয় । গাড়ী অহা-যোৱা কৰাতো যথেষ্ট অসুবিধা ।"

চৰকাৰলৈ কাতৰ আহ্বান
অন্য এজন জ্যেষ্ঠ লোকে কয়, "দলংখনক লৈ বহু বছৰ ভুক্তভোগী হৈ আছোঁ । নাহৰবাৰী, গড়গাঁও, গেলাবিল আদিলৈ যাতায়াতৰ বাবে অসুবিধা হয় । এই দলংখনেৰে যাতায়াত কৰিলে নিচেই ওচৰ হয়, অন্যথা কেইবা মাইল দূৰ অতিক্ৰম কৰিবলগীয়া হয় । নিজৰ গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰি কৰি ভাগৰি পৰিছোঁ । ইয়াৰ উপৰি ইঘৰ-সিঘৰলৈ বাঁহ, পইচা তুলিবলৈ যোৱাটো লাজৰ বিষয় হৈ পৰিছে । চৰকাৰলৈ আহ্বান যে এই দলংখন নিৰ্মাণ কৰিলে উপকৃত হ'ম, কিয়নো বহু বছৰ দুৰ্ভোগ ভুগিলোঁ ।"

