ETV Bharat / state

অনাদৃত আদৰ্শ গাঁও; কলঙৰ বুকুতে নিঃশেষ সকলোৰে সপোন

১৯৭৪-৭৫ চনত আদৰ্শ গাঁও হিচাপে স্বীকৃতি লাভ কৰা মোলানকটা আদৰ্শ গাঁৱৰ ৰাইজৰ দুৰ্দশা ।

Nagaon Model village
নগাঁৱৰ আদৰ্শ গাঁৱত ৰাইজৰ বিড়ম্বনা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 21, 2026 at 8:16 PM IST

5 Min Read
Choose ETV Bharat

নগাঁও : ৰাইজৰ বিড়ম্বনা ! থাকে আদৰ্শ গাঁৱত, কিন্তু নাপায় চৰকাৰী কোনো সা-সুবিধা । ভূমি পট্টাৰ পৰাও বঞ্চিত খিলঞ্জীয়া পৰিয়াল । গৰাখহনীয়াত বহুতেই হেৰুৱাইছে মাটি-ভেঁটি । ৮০ উৰ্ধৰ আইতাইও লাভ কৰা নাই অৰুণোদয় কিম্বা বৃদ্ধ পেন্সন । এখন আদৰ্শ গাঁৱৰ বাস্তৱ ছবি এয়া । অতীতৰ ঘৰখনৰ কথা মনত পেলাই আজি বহুতে কৈছে, "সৌ তাতে আমাৰ ঘৰ আছিল, এতিয়া মাটি-ভেঁটি সকলো কলঙৰ বুকুত । আমি আদৰ্শ গাঁৱৰ বাসিন্দা, কিন্তু নাপাওঁ চৰকাৰী কোনো সা-সুবিধা ।"

এইদৰে ইটিভি ভাৰতৰ সন্মুখত ক্ষোভ প্ৰকাশ কৰিছে এখন আদৰ্শ গাঁৱৰ বাসিন্দাই । নামত এখন আদৰ্শ গাঁও । কিন্তু আদৰ্শ গাঁৱত বাস কৰা বহু পৰিয়াল বঞ্চিত চৰকাৰী সকলো সা-সুবিধাৰ পৰা । আদৰ্শ গাঁওখন হৈছে বৰ্তমানৰ নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত মোলানকটা আদৰ্শ গাঁও । পূৰ্বে মৰিগাঁও বিধানসভা সমষ্টিৰ অধীনত থকা আদৰ্শ গাঁওখন সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নতুনকৈ ৰহা সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে ।

মোলানকটা আদৰ্শ গাঁৱৰ ৰাইজৰ ক্ষোভ (ETV Bharat)

মোলানকটা আদৰ্শ গাঁৱৰ বিষয়ে :

১৯৭৪-৭৫ চনৰ কথা । তেতিয়া ৰাজ্যত আছিল কংগ্ৰেছৰ চৰকাৰ । কংগ্ৰেছ চৰকাৰৰ সেই সময়ত মোলাকটা আদৰ্শ গাঁৱৰ কাষৰীয়া গাঁৱত দিন হাজিৰ কৰি ভাতমুঠি মোকলোৱা গৃহহীন তথা ভূমিহীন পৰিয়ালে আশ্ৰয় লৈছিল কাম কৰা মালিকৰ ঘৰতেই । সেই সময়ৰ চৰকাৰে ২০০ ভূমিহীন পৰিয়ালক এবিঘাকৈ চৰকাৰী ভূমি আৱণ্টন দি এখন আদৰ্শ গাঁও স্থাপন কৰিছিল । গাঁওখনৰ নাম দিছিল মোলানকটা আদৰ্শ গাঁও ।

গাঁওখনত বাস কৰাৰ ১০ বছৰৰ পাছত কিছু পৰিয়ালে লাভ কৰিছিল ভূমিৰ কেঁচা পট্টা । কিন্তু বঞ্চিত হৈ আছিল বহু পৰিয়াল । বিশেষকৈ কোচ ৰাজবংশী, জনজাতীয় আৰু দাস সম্প্ৰদায়ৰ পৰিয়ালক আশ্ৰয় দি স্থাপন কৰা হৈছিল মোলাকটা আদৰ্শ গাঁও ।

Nagaon Model village
মোলানকটা আদৰ্শ গাঁৱৰ ৰাইজৰ ক্ষোভ (ETV Bharat)

অৱহেলিত আদৰ্শ গাঁও :

১৯৭৪-৭৫ চনত আদৰ্শ গাঁও হিচাপে স্বীকৃতি লাভ কৰা মোলানকটা আদৰ্শ গাঁৱত সম্প্ৰতি আছে ৩০০ৰো অধিক পৰিয়াল । উপাৰ্জন বুলিবলৈ কেৱল দিন হাজিৰাই জীৱন ৰক্ষা । দিন হাজিৰ কৰি পৰিয়াল পোহপাল দিয়া মোলানকটা আদৰ্শ গাঁৱৰ উঠি অহা প্ৰজন্মৰ শিক্ষাৰ বাবে আছে কেৱল এটা অংগনবাড়ী কেন্দ্ৰ আৰু এখন প্ৰাথমিক বিদ্যালয় । গাঁওখনত নাই হাইস্কুল । যাৰ বাবে শিক্ষাৰ হাৰো উন্নত হোৱা নাই গাঁওখনত ।

কেৱল শিক্ষাৰ ক্ষেত্ৰতেই নহয় গাঁওখনৰ মূল সমস্যা গৰাখহনীয়া । আদৰ্শ গাঁওখনৰ কাষেৰেই বৈ গৈছে কলং নৈ । কলং নৈৰ সৃষ্ট খহনীয়াৰ ফলত গাঁওখনৰ বহু পৰিয়ালে হেৰুৱাবলগীয়া হৈছে ঘৰ-মাটি । অৱশ্যে বিগত ৩-৪ বছৰ ধৰি কলঙৰ খহনীয়া প্ৰতিৰোধৰ কাম চৰকাৰে হাতত লৈছে যদিও আজি পৰ্যন্ত সেয়াও সম্পূৰ্ণৰূপে নোহোৱাত আজিও খহনীয়াৰ আতংকই খেদি ফুৰিছে গাঁওবাসীক । কলঙৰ বুকুত বহু পৰিয়ালৰ ঘৰ-মাটি জাহ যোৱাত গৃহহীন হৈ গাঁওখনৰেই আত্মীয়ৰ ঘৰত আশ্ৰয় ল'বলগীয়া অৱস্থা হৈছে ।

Nagaon Model village
মোলানকটা আদৰ্শ গাঁৱৰ উন্নয়নৰ নমুনা (ETV Bharat)

মোলানকটা আদৰ্শ গাঁৱত ইটিভি ভাৰতৰ সাংবাদিক উপস্থিত হোৱাত কেমেৰাৰ সন্মুখতেই চৰকাৰী অৱহেলাৰ বৰ্ণনা দি ক্ষোভ প্ৰকাশ কৰে পুৰুষ, মহিলা, শিপিনীৰ পৰা আৰম্ভ কৰি ৮০ উৰ্ধৰ বৃদ্ধাই ।

ৰাজ্য চৰকাৰে বসুন্ধৰা আঁচনিৰ জৰিয়তে খিলঞ্জীয়া লোকক ভূমি পট্টা প্ৰদান কৰিছে যদিও ৰহাৰ এইখন মোলানকটা আদৰ্শ গাঁৱৰ খিলঞ্জীয়া পৰিয়ালে আবেদন কৰিও বঞ্চিত হয় ভূমি পট্টাৰ পৰা । এই অভিযোগ উত্থাপন কৰে গাঁওখনৰ জ্যেষ্ঠ নাগৰিক গোপী বৰ্মনে ।

Nagaon Model village
মোলানকটা আদৰ্শ গাঁও (ETV Bharat)

চৰকাৰে হাতত লোৱা অৰুণোদয়ৰ লগতে আনকি বৃদ্ধ পেঞ্চনৰ দৰে আঁচনিয়েও ঢুকি পোৱা নাই আদৰ্শ গাঁওখনৰ ৮০ উৰ্ধৰ বৃদ্ধাকো । আদৰ্শ গাঁওখনৰ ৮০ উৰ্ধৰ এগৰাকী আইতায়ো ক্ষোভ প্ৰকাশ কৰি ই টিভি ভাৰতৰ সন্মুখত কয়, “মই আজি পৰ্যন্ত চৰকাৰৰ কোনো আঁচনিয়েই লাভ নকৰিলো। অৰুণোদই অথৱা বৃদ্ধ পেন্সন পৰ্যন্ত লাভ কৰা নাই ।

Nagaon Model village
কলঙৰ বুকুত জাহ গৈছে বহু পৰিয়ালৰ ঘৰ-মাটি (ETV Bharat)

একেদৰে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অথবা শিপিনীৰ বাবে চৰকাৰে আৱণ্টন দিয়া কোনো আঁচনিও লাভ কৰিবলৈ সক্ষম নোহোৱা বুলি ক্ষোভ প্ৰকাশ কৰে এগৰাকী শিপিনীয়ে । নিজে ঘৰত গামোচা, চাদৰ বৈ পৰিয়াল পোহপাল দিবলৈ সক্ষম হোৱা গাঁওখনৰ বহু মহিলাইও কোনো চৰকাৰী আঁচনি লাভ নকৰা বুলি ক্ষোভ প্ৰকাশ কৰে ইটিভি ভাৰতৰ কেমেৰাৰ সন্মুখত ।

Nagaon Model village
মোলানকটা আদৰ্শ গাঁৱৰ ৰাইজৰ ক্ষোভ (ETV Bharat)

আদৰ্শ গাঁওখনৰ বঞ্চিত পৰিয়ালৰ হৈ প্ৰায়েই মাত মাতি অহা সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এক লিখিত বিবৃতিত ইটিভি ভাৰতক কয়, "চৰকাৰে নগদ ধনৰ আঁচনিৰে যি সময়ত বিকাশৰ ঢোল কোবাইছে সেই সময়ত দেশৰ সবাতোকৈ দৰিদ্ৰ ৰাজ্যৰ তালিকাত অসম অষ্টম স্থানত আছে । এয়া কোনো বিৰোধী ৰাজনৈতিক দলৰ মন্তব্য বা বক্তব্য নহয় আৰু খোদ ভাৰতৰ ৰিজাৰ্ভ বেংকৰ প্রতিবেদন । নামত আদর্শ গাঁও কিন্তু কাৰ্যতঃ এই গাঁৱৰ ৰাইজক সুৰক্ষিত কৰিবলৈ দিয়া বান্ধ আজি কেইবা বছৰেও সম্পূৰ্ণ হৈ নুঠিল । গৰিষ্ঠ সংখ্যক মহিলা চৰকাৰী নগদ ধনৰ আঁচনিৰ পৰাও বঞ্চিত আৰু মাইক্র'ফাইনেন্সৰ ঋণৰ চক্রবিধি সুতত আক্ৰান্ত । হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ সফল মাথো সাম্প্ৰদায়িক বিদ্বেষ, বিভাজনতহে । সধাৰণ দুখীয়া ৰাইজৰ জীৱন আৰু জীৱিকাৰ সুৰক্ষাত নহয় ।"

Nagaon Model village
মোলানকটা আদৰ্শ গাঁৱৰ ৰাইজৰ ক্ষোভ (ETV Bharat)

প্ৰায় ৬ টা দশক ধৰি কেৱল বঞ্চিত হৈ অহা মোলানকটা আদৰ্শ গাঁওখন সম্প্ৰতি ৰহা বিধানসভাৰ সমষ্টিৰ অন্তৰ্ভুক্ত হোৱাৰ পাছত গাঁওবাসীৰ সমস্যাই কিমান গুৰুত্ব লাভ কৰে সেয়া অৱশ্যে পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব ।

Nagaon Model village
কলঙৰ বুকুত জাহ গৈছে বহু পৰিয়ালৰ ঘৰ-মাটি (ETV Bharat)

লগতে পঢ়ক :বিট, গাজৰ, পলাশেৰে প্ৰাকৃতিক আবিৰ; হোলীৰ বজাৰ দখলৰ প্ৰয়াস বৰপেটাৰ দম্পতীৰ