ছাত্ৰীয়ে ল'লে চৰম পন্থা, ন্যায় বিচাৰি অনশনত বহিল পিতৃ-মাতৃ
ডিব্ৰুগড়ৰ বামুণবাৰী তিনিআলিত আইনী সোণোৱালৰ ন্যায় বিচাৰি দুৰ্ভগীয়া পিতৃ-মাতৃৰ ২৫ ঘণ্টীয়া অনশন । পিতৃ-মাতৃলৈ সহযোগ আগবঢ়াইছে স্থানীয় কেইবাটাও দল-সংগঠনে ।

Published : July 8, 2026 at 7:39 PM IST
ডিব্ৰুগড়: মাত্ৰ ১৪ বছৰৰ এগৰাকী কিশোৰীয়ে ডিব্ৰুগড় জিলাৰ টিংখাঙত চৰম পথ বাচি লোৱা ঘটনাই কেইটামান দিনৰ পূৰ্বে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। টিংখাঙৰ বামুণবাৰী গড় পথাৰত সংঘটিত হৈছিল এই অতিশয় শোকাৱহ আৰু চাঞ্চল্যকৰ ঘটনা । জানিবপৰা অনুসৰি এগৰাকী শিক্ষয়িত্ৰী আৰু সহপাঠীৰ পিতৃৰ মানসিক নিৰ্যাতনৰ বলি হৈ নৱম শ্ৰেণীৰ মেধাৱী ছাত্ৰী আইনী সোণোৱালে মৃত্যুক সাবটি লৈছিল।
ঘটনা পোহৰলৈ অহা পাছতেই আইনী সোণোৱালৰ দুৰ্ভগীয়া পিতৃ-মাতৃ আৰক্ষীৰ কাষ চাপিছিল। কিন্তু আৰক্ষীৰ পৰা কোনোধৰণৰ সহযোগিতা লাভ নকৰি এতিয়া দুৰ্ভগীয়া পিতৃ-মাতৃ নিজ কন্যাৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিছে। দোষীক কঠোৰ শাস্তি বিহাৰ দাবীত টিংখাঙৰ বামুণবাৰীত বুধবাৰে তেওঁলোকে ২৫ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে ।
ঘটনা অনুসৰি যোৱা ১৬ জুনত আইনী সোণোৱাল নামৰ নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে ঘৰত কোনো নথকাৰ সুযোগ লৈ আত্মহত্যা কৰিছিল। অভিযোগ অনুসৰি, সহপাঠীৰ সৈতে হোৱা এক কাজিয়াৰ পিছত আইনীয়ে ইনষ্টাগ্ৰামত এটা ভুৱা একাউণ্ট খুলি এগৰাকী শিক্ষয়িত্ৰীৰ ফটো ব্যৱহাৰ কৰি আপত্তিজনক মন্তব্য দিছিল ।
ইয়াৰ পিছতে আৰম্ভ হয় অমানৱীয় ঘটনাৰ সূত্ৰপাত । শিক্ষয়িত্ৰী চন্দ্ৰানী প্ৰধানে আইনীক বিদ্যালয়লৈ মাতি নি চলাইছিল তীব্ৰ মানসিক নিৰ্যাতন । ইমানেই নহয়, পিতৃৰ মোবাইলৰ পৰা নিজৰ ভুল স্বীকাৰ কৰি এটা হোৱাটছএপ ষ্টেটাছ দিবলৈকো ১৪ বছৰীয়া ছাত্ৰীগৰাকীক বাধ্য কৰোৱা হৈছিল।
নিজৰ বাবে পিতৃয়ে সমাজত লাজ পাবলগীয়া হোৱা বিষয়টোৱে আইনীক মানসিকভাৱে সম্পূৰ্ণৰূপে ভাঙি পেলাইছিল আৰু অৱশেষত ছাত্ৰীগৰাকীয়ে বাছি লৈছিল আত্মহননৰ দৰে চৰম সিদ্ধান্ত । ঘটনাৰ পাছতে পৰিয়ালৰ লোকে থানাত এজাহাৰ দাখিল কৰাৰ পিছতো আৰক্ষী প্ৰশাসনে দোষীক গ্ৰেপ্তাৰ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।
ইফালে, অভিযুক্ত শিক্ষয়িত্ৰীগৰাকী বৰ্তমান পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে । আজি বামুণবাৰী তিনিআলিত ন্যায় বিচাৰি পিতৃ-মাতৃয়ে আৰম্ভ কৰা ২৫ ঘণ্টীয়া অনশনত সহযোগিতা আগবঢ়াইছে আছু, আটছা, আছা, কৃষক মুক্তি আৰু সোণোৱাল কছাৰী সংগঠনৰ কৰ্মকৰ্তাসকলে ।
আজি প্ৰতিবাদস্থলীত উপস্থিত হৈ আইনীৰ পিতৃ-মাতৃক সংগ দিয়াৰ লগতে অহা ৭ দিনৰ ভিতৰত দোষীক গ্ৰেপ্তাৰ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে দল-সংগঠনসমূহে ।
প্ৰতিবাদ সাব্যস্ত কৰি আইনী সোণোৱালৰ পিতৃয়ে কয়,"আৰক্ষী থানাত এজাহাৰ দাখিল কৰা ২২ দিন হোৱা পাছতো আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই । দোষীয়ে শাস্তি পাব লাগে তাৰ বাবে আমি অনশন কৰিছোঁ । আৰক্ষীয়ে দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে আমি এই প্ৰতিবাদ অনিৰ্দিষ্ট কাললৈ কৰি যাম । আইনী সোণোৱালক মানসিকভাৱে শাস্তি দিয়া বাবে আত্মহত্যা কৰিছে ।"

