প্ৰবীণ সাংবাদিক হাইদৰ হুছেইনলৈ ২০২৬ বৰ্ষৰ ‘পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা’
অহা ১৭ মে’ত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিতব্য় পৰাগ কুমাৰ দাসৰ স্মৃতি দিৱসত প্ৰদান কৰা হ'ব এই বঁটা ।

Published : May 3, 2026 at 2:20 PM IST
গুৱাহাটী : প্ৰবীণ সাংবাদিক, সাহিত্যিক, সমালোচক তথা চিন্তাবিদ হাইদৰ হুছেইনলৈ ২০২৬ বৰ্ষৰ ‘পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা’ আগবঢ়োৱা হৈছে । অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰখনৰ লগতে জাতীয় জীৱনলৈ আগবঢ়োৱা অতুলনীয় অৱদান আৰু সুদীৰ্ঘ পাঁচটা দশক ধৰি অব্যাহত ৰখা নিৰবিচ্ছিন্ন বৌদ্ধিক সাধনাৰ স্বীকৃতি স্বৰূপে এই বঁটাৰ বাবে হুছেইনক নিৰ্বাচিত কৰা হৈছে ।
পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই সদৰী কৰা অনুসৰি অহা ১৭ মে’ত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিতব্য় পৰাগ কুমাৰ দাসৰ স্মৃতি দিৱসত হাইদৰ হুছেইনক আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হ’ব । ১৯৪৫ চনত নলবাৰীৰ বড়িদতৰা গাঁৱত জন্মগ্ৰহণ কৰা হাইদৰ হুছেইনে ছাত্ৰ অৱস্থাৰ পৰাই সাংবাদিকতাৰ সৈতে জড়িত হৈ আছিল ।

অধ্যাপক সম্ভূ চক্ৰৱৰ্তীৰ সম্পাদনাত প্ৰকাশিত ‘নতুন প্ৰভাত’ৰ পৰা আৰম্ভ কৰি ‘অসমবাণী’, ‘সাদিন’ আৰু পৰৱৰ্তী সময়ত ‘অসমীয়া প্ৰতিদিন’ৰ সম্পাদক তথা মুখ্য সম্পাদক হিচাপে হাইদৰ হুছেইনে ১৬ বছৰ ধৰি সেৱা আগবঢ়ায় । অসমৰ প্ৰায়সমূহ সাপ্তাহিক বাতৰি কাকত আৰু মাহেকীয়া আলোচনীত নিৱন্ধৰ জৰিয়তে অসমৰ নতুন প্ৰজন্মৰ মাজত সাহসী লেখক হিচাপে পৰিচিত হৈ পৰা হাইদৰ হুছেইন এগৰাকী মানৱ অধিকাৰ কৰ্মী । পৰাগ কুমাৰ দাসৰ লগত হুছেইনে অসমত চৰকাৰী বাহিনীৰ অত্যাচাৰৰ বিৰুদ্ধে জনমত গঠন কৰাৰ লগতে অসমৰ খাটিখোৱা আৰু থলুৱা লোকৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত মাত মাতি আহিছে । হুছেইন এগৰাকী সুবক্তা হিচাপেও পৰিচিত ।
সাংবাদিকতাৰ লগতে এগৰাকী ৰাজনৈতিক ভাষ্যকাৰ আৰু আমন্ত্ৰিত বক্তা হিচাপেও তেওঁ দেশ-বিদেশৰ বিভিন্ন মঞ্চত অসমক প্ৰতিনিধিত্ব কৰিছে । প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু ড৹ মনমোহন সিঙৰ সৈতে সাংবাদিক প্ৰতিনিধি হিচাপে হাইদৰ হুছেইনে আমেৰিকা, জাপান, ছোভিয়েট ৰাছিয়া, চীনকে ধৰি কেইবাখনো দেশ ভ্ৰমণ কৰিছে । তেওঁ সংবাদ জগতৰ উপৰি একাধিক শিক্ষানুষ্ঠানৰ প্ৰতিষ্ঠা আৰু পৰিচালনাৰ লগতো ওতঃপ্ৰোতভাৱে জড়িত ।
লগতে পঢ়ক:চ্য়ুকাফা বঁটাৰে সন্মানিত প্ৰবীণ সাংবাদিক, সমালোচক হাইদৰ হুছেইন

