পৰিৱেশ সুৰক্ষা আৰু জাতীয় সংহতিৰ বাণী প্ৰচাৰেৰে চাইকেল যাত্ৰা
দেশব্যাপী চাইকেল অভিযানেৰে পৰিৱেশ সুৰক্ষা আৰু জাতীয় সংহতিৰ বাণী প্ৰচাৰ । তেজপুৰত এজন চৰ্চিত চাইকেল আৰোহী ।

Published : June 11, 2026 at 4:47 PM IST
তেজপুৰ: পৰিৱেশ সংৰক্ষণ, যুৱ সৱলীকৰণ আৰু জাতীয় ঐক্যৰ বাৰ্তা লৈ সমগ্ৰ দেশ ভ্ৰমণ কৰি থকা ৰাজস্থানৰ বিশিষ্ট চাইক্লিষ্ট তথা সমাজকৰ্মী পাপ্পু ৰাম চৌধাৰী বৃহস্পতিবাৰে উপস্থিত হয় তেজপুৰত । চলিত ৰাষ্ট্ৰীয় অভিযান ‘শক্তি সংকল্প ভ্ৰমণ’ ৰ অংশ হিচাপে তেজপুৰত উপস্থিত হৈ তেওঁ সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰে চাইকেল আৰোহীগৰাকীয়ে ।
তেওঁ যি ঠাইলৈ গৈছে তাতেই গছ পুলি ৰোপণ কৰিছে আৰু সেই বাবেই তেওঁক অক্সিজেন মানৱ বুলিও জনা যায় । সংবাদমাধ্যমৰ আগত নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি চৌধাৰীয়ে কয়,"২০২৩ চনৰ ২৫ এপ্ৰিলত আৰম্ভ কৰা এই অভিযানৰ জৰিয়তে তেওঁ ইতিমধ্যে ৪২ হাজাৰৰো অধিক কিলোমিটাৰ পথ অতিক্ৰম কৰাৰ লগতে ২৭খন ৰাজ্য আৰু ৬খন কেন্দ্ৰীয় শাসিত অঞ্চল ভ্ৰমণ কৰিছোঁ । শেহতীয়াকৈ ভাৰত-চীন সীমান্তৰ অৰুণাচল প্ৰদেশস্থিত কিবিথু অঞ্চল ভ্ৰমণ কৰি আহিছোঁ ।"
তেওঁ কয়,"সীমান্ত অঞ্চলসমূহ ভ্ৰমণ কৰাৰ সময়ত দেশৰ সুৰক্ষাৰ বাবে কঠিন পৰিস্থিতিত কৰ্তব্য পালন কৰি থকা ভাৰতীয় সেনাৰ জোৱানসকলৰ ত্যাগ আৰু নিষ্ঠাই মোক গভীৰভাৱে অনুপ্ৰাণিত কৰিছে ।" কিবিথুত দেশপ্ৰেম আৰু জাতীয় ঐক্যৰ এক শক্তিশালী অনুভৱ উপলব্ধি কৰাৰ কথাও তেওঁ উল্লেখ কৰে ।

চৌধাৰীয়ে কয়,"সেনাৰ জোৱানসকলে যথেষ্ট সহায় আগবঢ়ায় । বহু সময়ত সীমান্ত অঞ্চলত ই কিছু পৰিমাণে অসুবিধা কাৰণ বহু দূৰ দূৰণিলৈ জন সমাগম নাথাকে লগতে বন্যপ্ৰাণীৰ উপস্থিতিৰ পৰা সাৱধানতা অৱলম্বন কৰিব লাগে, কিন্তু সীমান্তৰ পথ সুগম বহুতো উন্নয়নমূলক কাম হৈছে ।"
চৌধাৰীয়ে জনাই যে ‘শক্তি সংকল্প সফৰ’ৰ মূল লক্ষ্য হৈছে পৰিৱেশ সুৰক্ষা, বৃক্ষৰোপণ, পথ সুৰক্ষা, মাদকদ্ৰব্য বিৰোধী সজাগতা আৰু যুৱসমাজক ইতিবাচক জীৱনশৈলীৰ প্ৰতি উৎসাহিত কৰা । অভিযানৰ অংশ হিচাপে এতিয়ালৈকে দেশৰ বিভিন্ন প্ৰান্তত ৩৪ হাজাৰৰো অধিক গছপুলি ৰোপণ কৰা হৈছে বুলি তেওঁ জনায় ।

এই বৰ্ষতে ২০২৬ চনত মাউণ্ট এভাৰেষ্ট আৰোহণৰ লক্ষ্য নিৰ্ধাৰণ কৰা বুলি উল্লেখ কৰি তেওঁ কয়, পৰিৱেশ সুৰক্ষা আৰু দেশপ্ৰেমৰ বাৰ্তা অধিক বিস্তৃতভাৱে প্ৰচাৰ কৰাই তেওঁৰ মূল উদ্দেশ্য । তেজপুৰত উপস্থিত হৈ তেওঁ জিলা আয়ুক্তৰ জৰিয়তে এজোপা গছৰ পুলি ৰোপণ কৰাৰ কথা জনায় । আনহাতে যুৱসমাজৰ মাজত নিচামুক্তি সৃষ্টি কৰাৰ লগতে পৰিৱেশ সংৰক্ষণ আৰু সামাজিক দায়বদ্ধতাৰ প্ৰতি নতুন চিন্তাধাৰা জাগ্ৰত কৰিছে ।

