পান কাৰ্ড, ভোটাৰ কাৰ্ড নাগৰিকত্বৰ নথি নহয়: ২০১৯ৰ ৰায় বাহাল ৰাখি গুৱাহাটী উচ্চ ন্য়ায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়
আমিনুল হকৰ আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্য়ায়ালয়ে বিদেশী ন্য়ায়াধিকৰণৰ ৰায়টোকে বাহাল ৰাখে আৰু আমিনুল হকৰ আবেদন খাৰিজ কৰে ৷

Published : July 2, 2026 at 8:53 PM IST
হায়দৰাবাদ : গুৱাহাটী উচ্চ ন্য়ায়ালয়ে ৩০ জুনত এটা গুৰুত্বপূৰ্ণ ৰায় দিয়ে ৷ এই ৰায় অনুসৰি পান কাৰ্ড, ভোটাৰ আইডি ইলেক্ট্ৰ'নিক ফটো আইডি কাৰ্ড আৰু এনআৰচিৰ নথি নাগৰিকত্ব প্ৰমাণৰ আধাৰ হ'ব নোৱাৰে ৷ বিদেশী ন্য়ায়াধিকৰণৰ এটা সিদ্ধান্ত সন্দৰ্ভত মন্তব্য় কৰি গুৱাহাটী উচ্চ ন্য়ায়ালয়ে গুৰুত্বপূৰ্ণ ৰায় দিয়ে ৷
উল্লেখ্য় যে বিদেশী ন্য়ায়াধিকৰণে ২০১৯ চনতেই দিয়া ৰায় অনুসৰি বিদেশী চিনাক্ত হোৱা আমিনুল হকে সেই ৰায়টোক প্ৰত্য়াহ্বান জনাই এক লিখিত আবেদন WPC No-5471-2019 গুৱাাহাটী উচ্চ ন্য়ায়ালয়ত দাখিল কৰিছিল ৷ আমিনুল হকৰ সেই আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্য়ায়ালয়ে গুৰুত্বপূৰ্ণ চূড়ান্ত ৰায়দান কৰি বিদেশী ন্য়ায়াধিকৰণৰ ৰায়টোকে বাহাল ৰাখে আৰু আমিনুল হকৰ আবেদন খাৰিজ কৰে ৷
গোচৰটোৰ ৰায়দান কৰি ন্য়ায়াধীশ কল্য়াণ ৰাজ চুৰানা আৰু শ্বামিমা জাহানে পৰ্যবেক্ষণ কৰে যে এভিডেন্স এক্ট (তথ্য় আইন) ১৮৭২ৰ অধীনত থকা ধাৰা ৬৫বি-ৰ মতে এখন প্ৰমাণ-পত্ৰ অবিহনে ইলেক্ট্ৰ'নিক নথি যেনে এনআৰচি লিগেচী ডাটা বা পান কাৰ্ড বা ইপিআইচি ভোটাৰ কাৰ্ড নাগৰিকত্ব প্ৰমাণৰ উপযুক্ত তথ্য় হ'ব নোৱাৰে ৷
ন্য়ায়াধীশদ্বয়ে লগতে পৰ্যবেক্ষণ কৰে যে নথিত থকা সৰু-সুৰা ভুলবোৰ নাগৰিকত্বৰ প্ৰমাণত বাধা হ'ব নোৱাৰে, কিন্তু উক্ত বিষয়টোত থকা ব্য়ক্তিগৰাকীয়ে নথিৰ জৰিয়তে নিজৰ লগতে পৰিয়ালৰ সদস্য়ৰ সৈতে থকা ক্ৰমাগত সম্পৰ্ক স্থাপন কৰাৰ ক্ষেত্ৰত ব্য়ৰ্থ হৈছে ৷ নাগৰিক হিচাপে নিজক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ভাৰতত থকা নিয়ম অনুসৰি এজন ব্য়ক্তিয়ে নিজৰ বংশানুক্ৰম ভাৰতীয় নাগৰিকত্ব নিৰ্ধাৰণৰ পূৰ্বৰ তাৰিখৰ পৰা নিজক প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব ৷

বিদেশী চিনাক্ত হোৱা আমিনুল হকে নিজৰ ক্ষেত্ৰত সেই বংশানুক্ৰমিক নথি সঠিকভাৱে উপস্থাপন কৰিব নোৱৰাৰ ফলতে তেওঁক বিদেশী হিচাপে চিনাক্ত কৰা হৈছে ৷
ইটিভি ভাৰতৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত অধিবক্তা তথা এই গোচৰৰ সৈতে জড়িত চৰকাৰী ষ্টেণ্ডিং কাউন্সেল জীতেন পায়েঙে কয় যে নাগৰিকত্ব প্ৰমাণৰ বাবে প্ৰয়োজন হোৱা নথিৰ কথা আমিনুল হক বিদেশী গোচৰত উল্লেখ হোৱা নাই, কিন্তু তেওঁৰ নথিবোৰত পৰিয়ালৰ নাম সংলগ্ন হৈ নথকাৰ বাবেহে তেওঁক বিদেশী হিচাপে চিনাক্ত কৰা হৈছে ৷
তেওঁ লগতে কয়, "২০১৮ চনতেই গুৱাহাটী উচ্চ ন্য়ায়ালয়ে ৰাবিয়া খাতুন বনাম ভাৰত চৰকাৰ গোচৰত স্পষ্টকৈ উল্লেখ কৰিছিল যে পান কাৰ্ড ভাৰতীয় নাগৰিক হোৱাৰ প্ৰমাণ-পত্ৰ নহয় ৷ এই একেটা গোচৰত ন্য়ায়ালয়ে কৈছে যে ভোটাৰ আইডি কাৰ্ডো নাগৰিকত্বৰ প্ৰমাণ-পত্ৰ নহয় ৷"
"একেদৰে বাবুল ইছলাম নামৰ অন্য় এক গোচৰত কোৱা হৈছে যে ড্ৰাইভিং লাইচেন্স মানে গাড়ী চলোৱাৰ অনুজ্ঞাপত্ৰও ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ-পত্ৰ হ'ব নোৱাৰে ।" এই কথাও চৰকাৰী অধিবক্তাগৰাকীয়ে লগতে যোগ দিয়ে ৷
উচ্চতম ন্য়ায়ালয়ৰ ছিৰাজুল বনাম অসম চৰকাৰ গোচৰৰ কথা উল্লেখ কৰি জীতেন পায়েঙে লগতে কয়, "পৰিয়ালৰ তথ্য়ত থকা নামৰ আসোঁৱাহ নাগৰিকত্ব প্ৰমাণৰ ক্ষেত্ৰত বাধা নহয় বুলি উচ্চতম ন্য়ায়ালযে ইতিপূৰ্বে উল্লেখ কৰিছে ৷ কিন্তু আমিনুল হকৰ এই কেছটোত কথাটো বেলেগ ৷ তেওঁৰ তথ্য়ত পৰিয়ালৰ কাৰো নাম নাই ৷ বংশানুক্ৰমৰ কোনো মিল নাই ৷ সেয়েহে এই গোচৰত আমিনুল হকক বিদেশী চিনাক্ত কৰা হৈছে ৷"
অধিবক্তা পায়েঙে লগতে কয়, "বিদেশী ন্য়ায়াধিকৰণে দিয়া ৰায়ৰ ক্ষেত্ৰত উচ্চ ন্য়ায়ালয়ে বাধা নিদিয়ে, যদিহে ন্যায়ৰ ক্ষেত্ৰত বিশেষ আসোঁৱাহ থাকে, মানে সাক্ষীৰ ক্ষেত্ৰত গাফিলতি বা নিৰ্দেশনা নিদিয়া ক্ষেত্ৰত নিয়ম নামানিলেহে উচ্চ ন্য়ায়ালয়ে গোচৰটো বিবেচনা কৰে, অন্য়থা নকৰে ৷"
উল্লেখ্য় যে ১৯৫১ চনৰ এনআৰচি সন্দৰ্ভত ১৯৭৪তেই গুৱাহাটী উচ্চ ন্য়ায়ালযে কৈ থৈছে যে এনআৰচি নথি ভাৰতীয় নাগৰিকত্বৰ উপযুক্ত নথি হ'ব নোৱাৰে ৷ এই গুৰুত্বপূৰ্ণ মন্তব্য় কৰি অধিবক্তাগৰাকীয়ে লগতে যোগ দিয়ে, "গুৱাহাটী উচ্চ ন্য়ায়ালয় তথা মুম্বাই উচ্চ ন্য়ায়ালয়ে ইতিপূৰ্বে ৰায় দিছে যে পাছপোৰ্ট ভাৰতীয় নাগৰিকত্ব প্ৰমাণৰ নথি নহয় ৷ সেয়া বিদেশ ভ্ৰমণৰহে নথি ৷ এই কথা কিছুদিন পূৰ্বে ভাৰত চৰকাৰেও উল্লেখ কৰিছে ৷"
চৰকাৰী অধিবক্তাগৰাকীয়ে ইটিভি ভাৰতক জনায়, "ভাৰতীয় নাগৰিকত্ব প্ৰমাণৰ বাবে কেৱল এখন নথিয়ে নাগৰিকত্ব প্ৰমাণ নকৰে ৷ ভাৰতীয় নাগৰিকত্ব প্ৰমাণৰ বাবে ইখন নথিয়ে সিখন নথিক সমৰ্থন কৰিব লাগিব ৷ এগৰাকী নাগৰিকে ভাৰতত থকা নিজৰ উপস্থিতিৰ ক্ৰমাগত নথি তথা ক্ৰমাগত উপস্থিতি প্ৰমাণ কৰিলেহে তেওঁ ভাৰতীয় নাগৰিক হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিব ৷"
মাণিক কুমাৰ ৰায়ৰ সহযোগত শোণিত কুমাৰ গোস্বামীৰ প্ৰতিবেদন ৷

