ধনেশ পক্ষী সংৰক্ষণৰ সজাগতাৰে পাকে পাগা হৰ্ণবিল উৎসৱ
ক্ৰমাৎ বিলুপ্ত হ'বলৈ ধৰা ধনেশ পক্ষী সংৰক্ষণৰ লক্ষ্য়ৰে পাকে পাগা খেলপথাৰত সজাগতামূলক কাৰ্যসূচী ।

Published : January 19, 2026 at 10:29 PM IST
চতিয়া : ধনেশ পক্ষী সংৰক্ষণৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে অৰুণাচল প্ৰদেশৰ চৰকাৰে গ্ৰহণ কৰিছে পদক্ষেপ । ক্ৰমাৎ বিলুপ্ত হ'বলৈ ধৰা এই পক্ষীবিধৰ সংৰক্ষণৰ বাবে অৰুণাচল প্ৰদেশৰ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অন্য়তম হৈছে পাকে পাগা হৰ্ণবিল উৎসৱ ।
যোৱা ১৮ জানুৱাৰীপ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অৰুণাচল প্ৰদেশৰ চিজুছাত অনুষ্ঠিত হৈছে পাকে পাগা হৰ্ণবিল উৎসৱ । এই পাকে পাগা হৰ্ণবিল উৎসৱৰ কাইলৈ সামৰণি পৰিব ।
পাকে পাগা খেলপথাৰত প্ৰাকৃতিক সৌন্দৰ্যময় পৰিৱেশৰ মাজত অনুষ্ঠিত হৈছে নৱম বাৰ্ষিক পাকে পাগা হৰ্ণবিল উৎসৱটি । উৎসৱত মেগা নৃত্য, মহিলা গোটৰ দ্বাৰা নালু টুকি অভিনয়, আদি যুদ্ধ নৃত্য (তাপু), য়াক নৃত্য আৰু যোবিনৰ লোকনৃত্য (লিছু) পৰিৱেশন কৰে ।
সোমবাৰে ইয়াৰ সৈতে সংগতি ৰাখি আয়োজিত মুকলি সভাত অংশগ্ৰহণ কৰে অৰুণাচল প্ৰদেশৰ ভূমি ব্যৱস্থাপনা, অসামৰিক বিমান পৰিবহণ, নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বালু ৰাজাই । তদুপৰি পাকে কেছাং বিধানসভা সমষ্টিৰ বিধায়ক বিয়ুৰাম ৱাহগকে ধৰি পাকে কেছাঙৰ আৰক্ষী অধীক্ষ, জিলা বন বিষয়া আৰু কেইবাগৰাকী বিশিষ্ট ব্য়ক্তি উপস্থিত থাকে ।

উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা মন্ত্ৰী বালু ৰাজাই কয়, "২০১৫ চনত পাকে কেছাং জিলাৰ চিজুছাত আৰম্ভ হোৱা এই উৎসৱৰ লক্ষ্য হৈছে বনাঞ্চল আৰু বন্যপ্ৰাণী বিশেষকৈ অনন্য ধনেশ চৰাই সংৰক্ষণ কৰা । ভাৰতবৰ্ষক অৰুণাচল প্ৰদেশত থকা গছ-গছনিয়ে ৮০ শতাংশ অক্সিজেন প্ৰদান কৰি আহিছে । চোৰাং চিকাৰীয়ে ধনেশ চৰাইবোৰ বধ কৰি অহাত ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে ।"

ইয়াৰ পাছতেই মুখ্য অতিথি আৰু সন্মানীয় অতিথিসকলে খাদ্য আৰু প্ৰদৰ্শনীৰ ষ্টল পৰিদৰ্শন কৰে । প্ৰকৃতি সংৰক্ষণৰ বাবে গাড়ীৰে কৰা শোভাযাত্ৰাৰ ফ্লেগ অফ কৰে মন্ত্ৰী বালু ৰাজাই । পাকে পাগা মহোৎসৱৰ লগত সংগতি ৰাখি মটৰ চাইকেল ৰেলীও অনুষ্ঠিত হয় ।

