বৃন্দাবনী বস্ত্ৰ অসমলৈ আনিবলৈ কৰা প্ৰচেষ্টাক আদৰণি পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামীৰ
সোমবাৰৰ দিনটো অসমৰ বাবে গুৰুত্বপূৰ্ণ দিন । নিশ্চিত হ’ব অসমলৈ লণ্ডনৰ পৰা বৃন্দাবনী বস্ত্ৰ অনাটো ।

Published : November 17, 2025 at 1:14 PM IST
মাজুলী: অসমলৈ ঘূৰাই অনা হ’ব বৃন্দাবনী বস্ত্ৰ ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামৰ পৰা বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে আনিবলৈ কৰা প্ৰচেষ্টাক শলাগ লৈছে পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামীয়ে । এইটো অসমবাসীৰ বাবে এক শুভ খবৰ বুলি কয় পদ্মশ্ৰী গোস্বামীয়ে ৷
অসমৰ এক সম্পদ, বৃন্দাবনী বস্ত্ৰ লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত হৈ আছে ৷ এই সন্দৰ্ভত তেওঁ কয়, ‘‘এই কাপোৰখনৰ লগত অসমবাসীৰ এক সম্পৰ্ক আছে । এই কাপোৰখনত গুৰুৰ স্পৰ্শ আছিল আৰু এই বস্ত্ৰখনত থকা যিখিনি ছবি, সেই ছবি অসমৰ শিপিনীয়ে তাঁতৰ শালত বৈ উলিয়াইছিল । যিখন কাপোৰ গোটেই পৃথিবীৰে এখন গৱেষণাৰ কাপোৰ, গতিকে সেই গৱেষণাৰ কাপোৰখন সকলোৰে চোৱাৰ এক মন আছে ।’’
পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামীয়ে কয় যে অসমবাসীয়ে গুৰুজনাৰ হাতৰ পৰশ পৰা এই বস্ত্ৰ ভাগি চাবৰ বাবে বহু আশা কৰি আছে । তেওঁ কয়, ‘‘২০১৬ চনত ব্ৰিটিছ মিউজিয়ামৰ সেই সময়ৰ কিউৰেটৰ ৰিচাৰ্ড ব্লাটনক মই সুধিছিলো অসমলৈ এই বস্ত্ৰ ভাগ অসমবাসীয়ে চাবলৈ কেনেকৈ আনিব পৰা হ’ব ৷ কিউৰেটৰগৰাকীয়ে জনাইছিল চৰকাৰে ব্ৰিটিছ মিউজিয়ামৰ লগত কথা হ’লে নিশ্চয় পৰা হ’ব । আজি সেয়া বাস্তৱ হ’বলৈ গৈ আছে, যিটো আমাৰ বাবে ভাল খবৰ ।’’
উল্লেখ্য যে, সোমবাৰৰ দিনটো অসমৰ বাবে গুৰুত্বপূৰ্ণ দিন । নিশ্চিত হ’ব অসমলৈ লণ্ডনৰ পৰা বৃন্দাবনী বস্ত্ৰ অনাটো । লণ্ডনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লণ্ডন মিউজিয়াম কৰ্তৃপক্ষৰ সৈতে অসমলৈ বৃন্দাবনী বস্ত্ৰ অস্থায়ীভাৱে অনাৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব ।
লগতে পঢ়ক: লণ্ডনত অসমীয়া সমাজক সাক্ষাৎ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

