ETV Bharat / state

মীন উন্নয়ন নিগমৰ কেলেংকাৰীৰ গোচৰ: অভিযুক্ত পদ্মকান্ত হাজৰিকাক গ্ৰেপ্তাৰ

গ্ৰেপ্তাৰৰ পিছতে সঞ্চালকালয়ৰ দলে অভিযুক্ত হাজৰিকাক পুৰীৰ স্থানীয় আদালতত হাজিৰ কৰোৱায় । আদালতে অভিযুক্ত হাজৰিকাক গুৱাহাটীলৈ অনাৰ বাবে ৪ দিনৰ ট্ৰেনজিট জিম্মা প্ৰদান কৰে ।

FISHERIES DEVELOPMENT CORPORATION
প্ৰতিনিধিত্বমূলক ফটো (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 31, 2026 at 5:35 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: অসম মীন উন্নয়ন নিগমৰ বৃহৎ কেলেংকাৰী। বৰ্তমানলৈকে দুৰ্নীতি নিবাৰকৰ জালত ৮গৰাকী অভিযুক্ত । অসম মীন উন্নয়ন নিগমত সংঘটিত কেইবাকোটি টকীয়া কেলেংকাৰীৰ অভিযোগত দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে শেহতীয়াকৈ পলাতক প্ৰাক্তন প্ৰকল্প সঞ্চালক পদ্মকান্ত হাজৰিকাক শনিবাৰে ওড়িশাৰ পুৰীত গ্ৰেপ্তাৰ কৰে ।

গ্ৰেপ্তাৰৰ পিছতে সঞ্চালকালয়ৰ দলে অভিযুক্ত হাজৰিকাক পুৰীৰ স্থানীয় আদালতত হাজিৰ কৰোৱায় । পৰৱৰ্তী সময়ত আদালতে অভিযুক্ত হাজৰিকাক গুৱাহাটীলৈ অনাৰ বাবে সঞ্চালকালয়ৰ দলটোক ৪ দিনৰ ট্ৰেনজিট জিম্মা(Transit remand) প্ৰদান কৰে ।

শনিবাৰে অভিযুক্ত পদ্মকান্ত হাজৰিকাৰ গুৱাহাটী মহানগৰীৰ হাতীগাঁও থানাৰ অন্তৰ্গত তিনিটাকৈ ফ্লেটত অভিযান চলোৱা হয় । এই অভিযানত বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ, বিভিন্ন সংস্থা আৰু পৰিষদৰ নামত থকা পাঁচটা ছীল, এটা বেংক নোট গণনাকাৰী যন্ত্ৰ আদি জব্দ কৰা হয় ।

উল্লেখযোগ্য যে, মীন নিগমত সংঘটিত কেলেংকাৰীত পূৰ্বে দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ দলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই মীন উন্নয়ন নিগমৰ প্ৰাক্তন পৰিচালন সঞ্চালক অনুৰাধা অধিকাৰী শৰ্মা(ACS)সহ মুঠ ৮ গৰাকী শীৰ্ষ বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছিল ৷

মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজি আত্মসাৎ কৰাৰ অভিযোগত অসম আৰক্ষীৰ তৰফৰ পৰা এক বৃহৎ অভিযান চলোৱা হয় । ২০২৩ চনতে 30/2023 ৰুজু হোৱা গোচৰ ভিত্তিতে অভিযান চলোৱা হৈছিল । এই অভিযানত নিগমৰ তদানীন্তন পৰিচালন সঞ্চালক অনুৰাধা অধিকাৰী শৰ্মা, তদানীন্তন কাৰ্যবাহী অভিযন্তা জ্যোতিষ শইকীয়া, বিৰিঞ্চি অধিকাৰী, তদানীন্তন সহকাৰী কাৰ্যবাহী অভিযন্তা জ্যোতিপ্ৰসাদ শইকীয়া, তদানীন্তন সহকাৰী অভিযন্তা চাবুৰুদ্দিন আহমেদ, তদানীন্তন প্ৰকল্প প্ৰবন্ধক ভাগীৰথ দাস, তদানীন্তন সহকাৰী কাৰিকৰী বিষয়া ৰবীন্দ্ৰ নাৰায়ণ ডেকা, নিগমৰ প্ৰাক্তন পৰিচালন সঞ্চালক নৰেন চন্দ্ৰ বসুমতাৰীক গ্ৰেপ্তাৰ কৰা হৈছিল ৷

লগতে পঢ়ক: দুৰ্নীতি সম্ৰাট লাচিত কুমাৰ দাসক ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ