১০ বছৰ বয়সৰ পৰাই মুখাশিল্পত জড়িত পদ্মশ্ৰী সন্মানেৰে বিভূষিত হেমচন্দ্ৰ গোস্বামী
চামগুৰি সত্ৰত পিতৃ ৰুদ্ৰকান্ত দেৱগোস্বামীৰ পৰাই অনুপ্ৰাণিত হৈ মুখাশিল্পৰে একাত্ম হৈছিল এইগৰাকী মুখাশিল্পী ।

Published : December 28, 2025 at 1:53 PM IST
মাজুলী: মুখাশিল্প হ'ল অসমৰ এবিধ প্ৰাচীন লোককলা । মহাপুৰুষ শংকৰদেৱে ভাওনাৰ বাবে পোন প্ৰথমে মুখাৰ প্ৰৱৰ্তন কৰিছিল । এই মুখাশিল্প বুলি ক'লেই নদীদ্বীপ মাজুলীৰ চামগুৰি সত্ৰৰ কথাই পোন প্ৰথমে সকলোৰে মনলৈ আহে । এই চামগুৰি সত্ৰৰ মুখাশিল্পৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ আছে পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামী । ১০ বছৰ বয়সৰ পৰাই এই মুখাশিল্পৰ লগত তেওঁ জড়িত হৈ আহিছে ।
হেমচন্দ্ৰ গোস্বামীৰ পিতৃ ৰুদ্ৰকান্ত দেৱগোস্বামী এই মুখাশিল্পৰ সাধক আছিল । তেওঁৰ পিতৃৰ পৰাই অনুপ্ৰাণিত হৈ প্ৰথমে এই মুখাশিল্পৰ শিক্ষা গ্ৰহণ কৰা হেমচন্দ্ৰ গোস্বামীয়ে কয়, "এক কলা হিচাপে মুখাৰ এক ঐতিহ্য আছে । আজিৰ পৰা পাঁচশ বছৰ আগতে ১৫শ শতিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কলাক ভাওনাত স্থান দিলে । নৃত্য, গীত, বাদ্য কলাৰ সংযোগ কৰিলে ভাওনাত । সেইখনেই হ'ল চিহ্নযাত্ৰা । এই চিহ্নযাত্ৰাতেই স্বাভাৱিক মুখাৰে প্ৰকাশ কৰিব নোৱাৰা দুটা চৰিত্ৰ গুৰুজনাই দুখন মুখা তৈয়াৰ কৰি দুজনক পিন্ধাই প্ৰকাশ কৰিছিল ।"
হেমচন্দ্ৰ গোস্বামী য়ে কয়, "এয়াই হ'ল মুখাৰ ইতিহাস । ইয়াৰ পিছত এই গুৰু সংস্কৃতি সত্ৰ সমূহে আঁকোৱালি ল'লে আৰু আহি আহি আজিৰ সময় পালেহি । এই চামগুৰি সত্ৰই এই শিল্পক আদৰি ল'লে । এই সত্ৰৰ প্ৰতিষ্ঠাপক চক্ৰপাণি আতাই ১৬৬৩ খীষ্ট্ৰাব্দত এই মুখা আৰম্ভ কৰিলে । ইয়াৰ পিছত প্ৰজন্মৰ পাছত প্ৰজন্ম এনেদৰে মুখাশিল্প প্ৰচলিত হৈ আহিছে । মুখাশিল্পৰ প্ৰচাৰ আৰু প্ৰসাৰ হৈছে, যাৰ কাৰণে মুখাশিল্প দৰ্শনৰ বাবে অহা পৰ্যটকৰ সংখ্যা বাঢ়িবলৈ ধৰিছে ।"
চামগুৰি সত্ৰলৈ পৰ্যটকৰ সোঁত :
তেওঁ কয়, "আজি পৰ্যটকসকলে মুখা চাবলৈ বিচাৰে, শিকিব বিচাৰে । মুখাশিল্পৰ বাবে বিখ্যাত এই চামগুৰি সত্ৰ এতিয়া পৰ্যটকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । মুখাশিল্পৰ বাবে এটা ভাল খবৰ এয়ে যে যুৱ প্ৰজন্ম এই শিল্পৰ প্রতি যথেষ্ট আগ্ৰহী । মোৰ ভাল লগা সময় এতিয়া, কিয়নো যুৱ প্ৰজন্মৰ লগত জড়িত হৈ আছো । যুৱ প্ৰজন্মই মুখা শিকিছে, মুখা শিল্প শিকি ভাল পাইছে । এনেই নাথাকি যুৱ প্ৰজন্মৰ এইসকল কলাৰ লগত জড়িত হৈ পৰিছে । কলা হ'ল মানুহৰ ভাব প্ৰকাশৰ এক মাধ্যম ।"

যুৱ প্ৰজন্মৰ হাতত সুৰক্ষিত মুখাশিল্প :
পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামীয়ে কয়, "যুৱ প্ৰজন্মৰ হাতত এই মুখাশিল্প সুৰক্ষিত । এই মুখাশিল্পৰ লগত কেৱল যুৱকসকলহে জড়িত এনে নহয়, বৰঞ্চ যুৱতী মহিলাসকলো এই শিল্পৰ লগত জড়িত হৈ পৰিছে । এই মুখাশিল্প এসময়ত পৰিয়াল কেন্দ্ৰিক বা সত্ৰ কেন্দ্ৰিক হৈ আছিল; কিন্তু আজি আৰু সেয়া হৈ থকা নাই । সত্ৰানুষ্ঠানৰ লগতে আজি গাঁৱতো এই মুখাশিল্পৰ প্ৰসাৰ হৈছে ।"

মুখাশিল্পৰে স্বাৱলম্বী হ'ব পাৰি :
ইফালে হেমচন্দ্ৰ গোস্বামীয়ে কয়, "এই শিল্পৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰি । মুখাশিল্পৰ জৰিয়তে স্বাৱলম্বিতাৰ পথ বিচাৰি পাব পাৰি । সময়ে আমাক সকলো ক'ব, ইয়াৰ মাজতে সময় বাগৰাৰ লগে লগে পৰিৱৰ্তন হয়েই । পৰিৱৰ্তনৰ জৰিয়তে হয়তো এই শিল্প আৰু আগবাঢ়ি যাব । মুখাশিল্প গুৰুজনাই ভাওনাত দিছিল আধ্যাত্মিক দিশেৰে, সেয়া আমাক সদায় লাগিব । এতিয়া নামঘৰৰ বাহিৰেও আন আন ঠাইতো মুখাৰ ব্যৱহাৰ হৈছে । আমাৰ হাতত সময় একেবাৰেই কম, গতিকে এই সময় কণ সকলোৱে সদব্য়ৱহাৰ কৰক ।"

