দুটা দশকত বিহাৰ বা অসম প্ৰগতিৰ দিশৰে ধাৱমান হৈছে: পবিত্ৰ মাৰ্ঘেৰিটা
শনিবাৰে ৰাজ্যজুৰি পালন কৰা হয় বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম জয়ন্তী । সোণাপুৰত পবিত্ৰ মাৰ্ঘেৰিটা, জোনাইত প্ৰশান্ত ফুকনে জনালে শ্ৰদ্ধাঞ্জলি ।

Published : November 16, 2025 at 11:59 AM IST
সোণাপুৰ/জোনাই: "বিগত এটা দুটা দশকত বিহাৰ বা অসম এতিয়া প্ৰগতিৰ দিশৰে ধাৱমান হৈছে । জংঘল ৰাজৰ পৰা বিহাৰ মুক্ত হৈছে । দুৰ্নীতি, ভ্ৰষ্টাচাৰ, হিংসা-সন্ত্ৰাস, বোমা বিস্ফোৰণ, অসম বন্ধ আদিৰ পৰা মুক্ত হৈ অসম এতিয়া ছেমি কণ্ডাক্টৰ, ডেৰলাখ চাকৰি, গঁড় হত্যা ৰোধ এই বিলাকৰ পৰা বিনিয়োগ আদি দৰে প্ৰগতিৰ মুখ দেখিছে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব বা নীতিশ কুমাৰ নেতৃত্বত বিহাৰ ।" সোণাপুৰত বীৰছা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি জনাই এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ।
কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত বীৰছা মুণ্ডাৰ জন্মজয়ন্তী উপলক্ষে শনিবাৰে বিয়লিভাগত সোণাপুৰৰ নৰতাপ গাঁও পঞ্চায়তৰ অন্তৰ্গত নৰতাপ উচ্চ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয় এখন জিলাভিত্তিক সজাগতা সভা । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত সত্বাৱন আদি কৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকি বীৰছা মুণ্ডাৰ প্ৰতিছৱিত শ্ৰদ্ধাঞ্জলি জনায় । অনুষ্ঠানত বীৰছা মুণ্ডাৰ জন্মজয়ন্তীৰ কেন্দ্ৰীয় কাৰ্যসূচীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ ৰাজহুৱাভাৱে সকলোৱে শুনে ।

ইয়াৰ পিছতে সংবাদ মাধ্যমেৰে হোৱা বাৰ্তালাপত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিৰোধী ঐক্য আৰু সাংসদ গৌৰৱ গগৈ সম্পৰ্কত কৰে তীৰ্যক মন্তব্য । মন্ত্ৰী মাৰ্ঘেৰিটাই কয়, "যুৱ প্ৰজন্মৰ প্ৰতি আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যুৱ প্ৰজন্মহে আগুৱাই নিব জ্যেষ্ঠসকলৰ আশিসলৈ সেয়া চিৰন্তন সত্য । মই যুৱ প্ৰজন্ম বুলি কোৱা নাই চেঙেলীয়া ল'ৰা বুলি কৈছোঁ । যুৱ প্ৰজন্মৰো কিছুমান চেঙেলীয়া ল'ৰাৰ দৰে হয় ।"
বিহাৰ নিৰ্বাচনৰ প্ৰসংগ উত্থাপন কৰি কয়, "দুখন প্ৰগতিশীল ৰাজ্য । আমাৰ অসমত মানৰ আক্ৰমণৰ পৰা বৰ ভূঁইকপলৈকে, আলফা, অসম আন্দোলন পৰা বিভিন্ন আন্দোলন, সংগ্ৰাম-সংঘাত ইত্যাদিৰ পৰা এতিয়া বিহাৰ, অসম আগুৱাই গৈছে । সমস্যাজৰ্জৰ ৰাজ্যৰ পৰা সমস্যামুক্ত হোৱা দুখন প্ৰগতিশীল ৰাজ্যৰ শাসন ভাৰ জনতাই দিছে অভিজ্ঞতাপুষ্ট সুদক্ষ প্ৰশাসকক ।"
তেওঁ লগতে কয়, "গতিকে এনে দুখন ৰাজ্য চলাবলৈ ৰাইজে চেঙেলীয়াক নিদিয়ে সেয়া চিৰন্তন সত্য । তেজস্বী যাদৱ, গৌৰৱ গগৈৰ ভাষণ শুনি ভাল লাগে । ভাষণ আৰু ইংৰাজীত ৰাজ্য নচলে, ৰাজ্য চলাবলৈ ড৹ হিমন্ত বিশ্ব শৰ্মা বা নীতিশ কুমাৰৰ দৰে সুদক্ষ নেতৃত্বৰ প্ৰয়োজন । চেঙেলীয়া ল'ৰাৰ হাতত এখন ৰাজ্যৰ শাসন জনতাই নিদিয়ে ।"
একেদৰে জোনাই সমষ্টিৰ জোনাই সম জিলাটো জনজাতীয় গৌৰৱ দিৱস উদযাপন কৰা হয় । লগতে উদ্বোধন কৰা হয় জোনাই একলব্য আদর্শ আৱাসিক বিদ্যালয় । জোনাই একলব্য আদর্শ আৱাসিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত বিশাল অনুষ্ঠানটোত জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে অংশগ্ৰহণ কৰি বীৰছা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
বিধায়কগৰাকীয়ে কয়, "ধৰ্তী আৱা বীৰছা মুণ্ডা দেৱৰ ১৫০জন্ম জয়ন্তী উপলক্ষ্যে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছো । এজন স্বাধীনতা যুঁজাৰু হোৱাৰ উপৰিও ব্ৰিটিছ শাসকৰ ধৰ্মীয় অগ্ৰাসনৰ বিৰুদ্ধে আধ্যাত্মিক প্ৰতিৰোধ গঢ়ি তোলাৰ লগতে জনজাতিসকলৰ সম অধিকাৰ সম মৰ্যাদাৰ পক্ষত সংগ্ৰাম কৰিছিল । আজি 'জনজাতীয় গৌৰৱ দিৱস' দিনাই জোনাই সম জিলাস্থিত জোনাই একলব্য আদর্শ আৱাসিক বিদ্যালয়খন শুভ উদ্বোধন কৰা হয় । একলব্য আদৰ্শ আৱাসিক বিদ্যালয় নিৰ্মাণৰ অন্যতম স্থান হিচাপে জোনাই সমষ্টিক বাছি লোৱাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ।"

ইফালে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী প্ৰশান্ত ফুকনে কয়, "জোনাই সমষ্টিৰ অন্তৰ্গত একলব্য আদর্শ আৱাসিক বিদ্যালয়ৰ শুভ উদ্বোধন অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰু ভগবান বীৰছা মুণ্ডাৰ ১৫০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে ভাৰ্ছুৱেলী অংশগ্ৰহণ কৰে । আমি বিধায়ক ভূৱন পেগুক লগত লৈ ইয়াৰ চৌহদ সুন্দৰকৈ পৰিদৰ্শন কৰিছো ।"


