ETV Bharat / state

নিষিদ্ধ ড্ৰাগছৰ ঘাটিত আৰক্ষী; লাখে লাখে ওলাইছে টকা

ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । দেওবাৰে ডিব্ৰুগড়ৰ তেনে এক অভিযানত ৪ লাখৰো অধিক নগদ ধন, ড্ৰাগছ আৰু আপত্তিজনক সামগ্ৰী জব্দ হয় ।

Assam Police anti-drugs operation
ড্ৰাগছ বিৰোধী অভিযানত জব্দ ৪ লক্ষাধিক টকা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 15, 2026 at 7:42 PM IST

3 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে স্বীকৃতি লাভ কৰা ডিব্ৰুগড়ত ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ দিনক দিনে বৃদ্ধি পাইছে । ৰাইজৰ এই অভিযোগৰ পিছতে আৰক্ষীয়ে এক বৃহৎ ড্ৰাগছ বিৰোধী অভিযান আৰম্ভ কৰিছে ।

বিগত প্ৰায় এসপ্তাহত জিলাখনৰ বিভিন্ন থানাৰ অধীনত চলোৱা হৈছে এই অভিযান । এই অভিযানত ড্ৰাগছ সৰবৰাহকাৰীও গ্ৰেপ্তাৰ হৈছে । তাৰ মাজতে দেওবাৰে বিয়লিও ডিব্ৰুগড় নগৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে বৃহৎ অভিযান চলালে ।

ড্ৰাগছৰ ঘাটিত ডিব্ৰুগড় আৰক্ষীৰ অভিযান (ETV Bharat)

ডিব্ৰুগড় টাউন ৰে'লৱে ষ্টেচনৰ ঠিক বিপৰীতে থকা কালীবাৰী আৱাসিক কলনীত আৰক্ষীয়ে এই অভিযান চলায় । গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীৰ এটা দলে চলোৱা অভিযানত ড্ৰাগছৰ বৃহৎ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয় । এই অভিযানত আৰক্ষীয়ে মুঠ ৮ টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ জব্দ কৰে ।

জব্দ ড্ৰাগছখিনিৰ পৰিমাণ ৭৯.৫৫ গ্ৰাম হ'ব বুলি জানিব পৰা গৈছে । ইফালে আৰক্ষীয়ে এই অভিযানত ৪ লাখ ৯২ হাজাৰ ৭১০ টকাও জব্দ কৰে । মোবাইল ফোন, ছিম কাৰ্ড, বৃহৎ পৰিমাণৰ ছিৰিঞ্জ, সোণৰ অলংকা, ৰূপৰ মুদ্ৰা আৰু ৪ খনকৈ বাহনো আৰক্ষীয়ে জব্দ কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ১০ গৰাকী লোককো আটক কৰিবলৈ সক্ষম হয় । আটকাধীন লোকসকলক আৰক্ষীয়ে জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে ।

উল্লেখ্য যে ডিব্ৰুগড় নগৰৰ মাজমজিয়াত থকা পুৰণি ৰে'লৱে ষ্টেচনৰ সন্মুখৰ কলনীৰ পৰিত্যক্ত বাসগৃহত অসাধু চক্ৰই দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ বেহা চলাই গৈছিল বুলি অভিযোগ উঠিছিল । আৰক্ষীৰ অভিযানৰ সময়তো এই কথা স্পষ্ট হয় । ইফালে আৰক্ষীৰ এই অভিযানত ডিব্ৰুগড়ৰ ড্ৰাগছ সৰবৰাহৰ এক বৃহৎ চক্ৰ জালত পৰাৰ সম্ভাৱনা আছে বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিছে ।

আৰক্ষীৰ এই বৃহৎ ড্ৰাগছ বিৰোধী অভিযান সন্দৰ্ভত এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই কয়, "বিগত এটা সপ্তাহৰ পৰা ডিব্ৰুগড় চহৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলি আছে । যোৱা কেইদিনমানত আটক কৰা কেইজনৰ পৰা জানিব পাৰিছিলোঁ যে ৰে'লৱে পুৰণি আৱাসিক কলনীৰ পৰা ড্ৰাগছ বিক্ৰীৰ লগতে সকলো কামকাজ চলে ।

এই অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ, নগদ ধন আৰু ১০ জন‌ মান লোকক ধৰা হৈছে । ড্ৰাগছৰ বিৰুদ্ধে এই অভিযান মিছন মুডত চলি থাকিব ।" ড্ৰাগছৰ ঘাটিত বৃহৎ পৰিমাণ ছিৰিঞ্জ উদ্ধাৰ হোৱাক লৈও আৰক্ষী বিষয়াগৰাকীয়ে কয়, "এই বিষয়ত তদন্ত কৰিব আৰক্ষীয়ে । চিকিৎসা বিভাগৰ পৰা কেনেকৈ বৃহৎ পৰিমাণৰ ছিৰিঞ্জ পাইছে তাৰ সঠিক তদন্ত কৰা হ'ব ।"

লগতে পঢ়ক :

ধুবুৰীত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ; দুজনক আটক