বিধানসভা বৃত্তান্ত: জানো আহক দিছপুৰ সমষ্টিক
সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত দিছপুৰ বিধানসভা সমষ্টিত আছে কেইটা ৱাৰ্ড । কি কি সালসলনি হৈছে এই গুৰুত্বপূৰ্ণ সমষ্টিটোত ? এক প্ৰতিবেদন ।

Published : January 1, 2026 at 5:31 PM IST
|Updated : January 1, 2026 at 6:31 PM IST
গুৱাহাটী: সমাগত বিধানসভা নিৰ্বাচন । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বিধানসভা সমষ্টিৰ সংখ্যা পূৰ্বৰ দৰে ১২৬ টা আছে যদিও প্ৰায় সংখ্যক সমষ্টিৰে সীমাৰ ব্যাপক পৰিৱৰ্তন হৈছে । আনহাতে বহু সমষ্টিৰ বিলুপ্তি সাধন কৰাৰ বিপৰীতে বহু সমষ্টি কৰা হৈছে । আজিৰ এই প্ৰতিবেদন ৰাজ্যৰ অন্যতম সন্মানীয় আৰু গুৰুত্বপূৰ্ণ দিছপুৰ সমষ্টিক সামৰি প্ৰস্তুত কৰা হৈছে ।
দিছপুৰ বিধানসভা সমষ্টি:
সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত হোৱা ৩৩ নং দিছপুৰ বিধানসভা সমষ্টিটো হৈছে অসমৰ এটা গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি । যি ৰাজধানী দিছপুৰকে ধৰি গুৱাহাটীৰ কিছু অংশ সামৰি লৈছে । দিছপুৰ বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ টা সমষ্টিৰ ভিতৰত অন্যতম । যিখন বিধানসভা সমষ্টিৰ অন্তৰ্গত আছে ৰাজ্যৰ হৃদপিণ্ড স্বৰূপ জনতা ভৱন ।

এই সমষ্টিটো কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত । উল্লেখ্য যে ১৯৭২ চনত মেঘালয় ৰাজ্য গঠন হোৱাৰ পিছত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হয় । ১৯৭৩ চনৰ ১৬ মাৰ্চত দিছপুৰত অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হোৱাৰ লগে লগে দিছপুৰ অসমৰ বিধানসভাৰ কেন্দ্ৰবিন্দু হৈ পৰে ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত দিছপুৰ বিধানসভা সমষ্টি:
সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত দিছপুৰ সমষ্টিৰ সীমাৰ ব্যাপক সালসলনি হৈছে । পূৰ্বৰ পশ্চিম গুৱাহাটী আৰু পূব গুৱাহাটী বিধানসভা সমষ্টিৰ বহু অঞ্চল এতিয়া দিছপুৰ সমষ্টিৰ অন্তৰ্গত । সেইদৰে দিছপুৰ সমষ্টিৰ পূৰ্বৰ বহু অঞ্চল সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নতুনকৈ হোৱা ডিমৰীয়া বিধানসভা সমষ্টিত অন্তৰ্গত হৈছে । নতুনকৈ সীমা নিৰ্ধাৰণেৰে গঠিত দিছপুৰ সমষ্টিত পৌৰ নিগমৰ ১৩ টা ৱাৰ্ডক সামৰি লোৱা হৈছে ।

৩৩ নং দিছপুৰ বিধানসভা সমষ্টি গুৱাহাটী পৌৰ নিগমৰ ১৬ নং ৱাৰ্ডৰ লালগণেশ, ওদালবাক্ৰা, জ্যোতিকুছি, ১৭ নং ৱাৰ্ডৰ সাউকুছি, ২২ নং ৱাৰ্ডৰ লুটুমা, কাহিলীপাৰা পাৱাৰ হাউছ, ২৪ নং ৱাৰ্ডৰ উদয়াচল, গণেশগুৰি, ২৬ নং ৱাৰ্ডৰ শ্ৰীমন্তপুৰ, ৪৩ নং ৱাৰ্ডৰ খ্ৰীষ্টানবস্তি, আনন্দনগৰ, ৪৪ নং ৱাৰ্ডৰ চিৰিয়াখানা, জাপৰিগোগৰ অংশবিশেষ, ৫৫ নং ৱাৰ্ডৰ বেলতলা, ছার্ভে, ৰুক্মিণীগাঁও, ৫৬ নং ৱাৰ্ডৰ বশিষ্ঠ, লতাকটা, ৫৭নং ৱাৰ্ডৰ ভেটাপাৰা, বশিষ্ঠ, ঘোঁৰামাৰা, ৫৮ নং ৱাৰ্ডৰ বেলতলা অঞ্চল, ৫৯ নং ৱাৰ্ডৰ কাহিলীপাৰা, হাতীগাঁও আৰু ৬০ নং ৱাৰ্ডৰ হাতীগাঁও, ভেটাপাৰাৰ বিস্তীর্ণ অঞ্চল অন্তর্ভুক্ত হৈছে ।

দিছপুৰ বিধানসভা সমষ্টিৰ ভোটাৰ:
আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগৰ যাৱতীয় সকলো প্ৰস্তুতি আৰম্ভ কৰিছে । ইতিমধ্যে প্ৰকাশ কৰিছে খচৰা ভোটাৰ তালিকা আৰু ১০ ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা । খচৰা ভোটাৰ তালিকা অনুসৰি দিছপুৰ বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৪৯,৭৪৬ গৰাকী ।

ইয়াৰ ভিতৰত ১,২১,১৮০ জন পুৰুষ ভোটাৰ আৰু ১,২৮,৫৫২ গৰাকী মহিলা ভোটাৰ আৰু তৃতীয় লিংগৰ ১৪ গৰাকী ভোটাৰ আছে । সমষ্টিটোত ভোটকেন্দ্ৰৰ সংখ্যা পূৰ্বৰ ২৪৯ টাৰ পৰা ২৭২ টালৈ বৃদ্ধি কৰা হৈছে ।
দিছপুৰ সমষ্টিৰ নিৰ্বাচনী ৰূপৰেখা:
দিছপুৰ সমষ্টিৰ বৰ্তমানৰ বিধায়ক বিজেপিৰ অতুল বৰা । ২০১৬ চনৰ পৰা অতুল বৰাই একেলেথাৰীয়ে সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আহিছে । ২০২১ৰ নিৰ্বাচনত অতুল বৰাই ১,৯৬,০৪৩ টা ভোট লাভ কৰি জয়ী হৈছিল । আনহাতে ৭৪,৩৮৬ টা ভোট লাভ কৰি দ্বিতীয় স্থানত আছিল কংগ্ৰেছৰ মনজিৎ মহন্ত । আনহাতে ২০১৬ চনৰ নিৰ্বাচনত অতুল বৰাই কংগ্ৰেছৰ প্ৰভাৱশালী নেতা অকন বৰাক পৰাস্ত কৰিছিল ।

নিৰ্বাচনী ইতিহাসৰ পৰা চালে দিছপুৰ সমষ্টিত সময়ে সময়ৰ জনতা পাৰ্টী, কংগ্ৰেছ, অগপ আৰু বিজেপিয়ে প্ৰতিনিধিত্ব কৰি আহিছে । প্ৰতিষ্ঠাৰ পাছতে দিছপুৰ সমষ্টিত ১৯৭৮ চনত জনতা পাৰ্টীৰ হৈ আৰু ১৯৮৩ চনত কংগ্ৰেছৰ হৈ তাৰিণী মোহন বৰুৱাই প্ৰতিনিধিত্ব কৰিছিল । ইয়াৰ পাছত ১৯৮৫ চনত নিৰ্দলীয় হিচাপে আৰু ১৯৯১ চনত আৰু ১৯৯৬ চনত অগপৰ হৈ সমষ্টিটোক প্ৰতিনিধিত্ব কৰে অতুল বৰাই ।

ইয়াৰ পিছত ২০০১ চনত কংগ্ৰেছৰ ৰবীন বৰদলৈয়ে প্ৰতিনিধিত্ব কৰে । ২০০৬ চনত আৰু ২০১১ চনত দিছপুৰ সমষ্টিক প্ৰতিনিধিত্ব কৰে কংগ্ৰেছৰ অকন বৰাই । ইয়াৰ পিছত ২০১৬ চনত আৰু ২০২১ চনৰ পৰা বিজেপিৰ অতুল বৰাই সমষ্টিটোত প্ৰতিনিধিত্ব কৰি আহিছে ।

