আফ্ৰিকান ছোৱাইন ফিভাৰ ; জোনাইৰ বহু ঠাইৰ গাহৰিৰ তেজত ধৰা পৰিছে ভাইৰাছৰ উপস্থিতি
আফ্ৰিকান ছোৱাইন ফিভাৰৰ ফলত অসমত ব্যাপক হাৰত গাহৰিৰ মৃত্যু হৈছে ৷ ফলত চৰকাৰে গ্ৰহণ কৰিলে কঠোৰ পদক্ষেপ ।

Published : November 18, 2025 at 1:02 PM IST
জোনাই : শেহতীয়াকৈ ৰাজ্যত আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ হোৱাত প্ৰশাসনে আন্তঃজিলা গাহৰি সৰবৰাহত নিষেধাজ্ঞা আৰোপ কৰিছে । আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে ৰাজ্যৰ ৭খন জিলাত গাহৰি মাংস বিক্ৰীত ইতিমধ্য়েই নিষেধাজ্ঞা জাৰি কৰাত পালক আৰু বিক্ৰেতাৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।
ৰাজ্য়ত আন জিলাৰ লগতে ধেমাজিতো প্ৰশাসনে জাৰি কৰিছে নিষেধাজ্ঞা । সেয়েহে জিলাখনৰ অন্য়তম ব্য়ৱসায়িক কেন্দ্ৰ জোনাইত অনিৰ্দিষ্ট কাললৈ নিষিদ্ধ কৰা হৈছে গাহৰি মাংস বিক্ৰী ৷ অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ নিৰ্দেশ মৰ্মে জোনাই সমজিলা পশু চিকিৎসা বিভাগে কালিৰে পৰাই বিভিন্ন ঠাইত এই সন্দৰ্ভত জাননী জাৰি কৰিছে ৷
এই সন্দৰ্ভত এগৰাকী পশু চিকিৎসকে কয়, "বিভাগে সাতখন জিলাত গাহৰিৰ সৰবৰাহৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে । জোনাই সমজিলাৰ চিমেন চাপৰিৰ বিভিন্ন প্ৰান্তৰ পৰা গাহৰিৰ তেজৰ নমুনা সংগ্ৰহ কৰি প্ৰেৰণ কৰা তেজৰ পৰীক্ষাৰ প্ৰতিবেদনত তিনি ঠাইত গাহৰিৰ শৰীৰত ধৰা পৰিছে আফ্ৰিকান ছোৱাইন ফিভাৰ ৷" গাহৰি মাংস বিক্ৰী আৰু সৰবৰাহ নকৰিবলৈ পশু চিকিৎসকগৰাকীয়ে ৰাইজক আহ্বান জনাইছে ।
ইপিনে, বিভাগটোৱে ধেমাজিৰ উপৰি কামৰূপ, লখিমপুৰ, শিৱসাগৰ, দৰং, যোৰহাট আৰু ডিব্ৰুগড় জিলাৰ ভিতৰত গাহৰিৰ সৰবৰাহৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰিছে ৷ সোমবাৰে অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ নিৰ্দেশ মৰ্মে জোনাই সমজিলা পশু চিকিৎসা বিভাগে জোনাই সদৰৰ ৰুকচিন দৈনিক বজাৰ, নেপালী বস্তি তিনিআলি, জোনাই দৈনিক বজাৰ ৰাংকপ তিনিআলি আদিত দৈনিক গাহৰি মাংস বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা ব্য়ৱসায়ীসকলক পৰৱৰ্তী জাননী নোপোৱালৈকে এই মাংস বিক্ৰী বন্ধ কৰিবলৈ জাননী প্ৰদান কৰে ৷
তদুপৰি জোনাই সমজিলাৰ অন্তৰ্গত গাঁৱে-ভূঞে গাঁওপ্ৰধানসকলৰ জৰিয়তে অনিৰ্দিষ্ট কাললৈ গাহৰি মাংস বিক্ৰী নিষিদ্ধ কৰা সন্দৰ্ভত জাননী প্ৰেৰণ কৰা হৈছে ।

