১২৬টা বিধানসভা সমষ্টিৰ বাবে ১২৬ গৰাকী অৰুণোদয় সাৰথি নিযুক্তি
অৰুণোদয় সাৰথিয়ে সহায় কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী মহিলাক ৷ বুধবাৰে প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয় অৰুণোদয় সাৰথি'ৰ কৰ্মশালা ৷

By ANI
Published : September 2, 2026 at 9:21 PM IST
হায়দৰাবাদ : লাখ লাখ 'অৰুণোদয়' আঁচনিৰ হিতাধিকাৰী মহিলাসকলৰ বাবে ভাল খবৰ ৷ হিতাধীকাৰীসকলৰ আধাৰ, বেংক আৰু ধন পৰিশোধ সম্পৰ্কীয় সমস্যাসমূহৰ সমাধান কৰিবলৈ প্ৰতিটো বিধানসভা সমষ্টিত থাকিব একোগৰাকী ‘অৰুণোদয় সাৰথি’ ৷ এই সন্দৰ্ভত বুধবাৰে খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয় অৰুণোদয় সাৰথি'ৰ কৰ্মশালা তথা প্ৰশিক্ষণ ৷
উক্ত কৰ্মশালা তথা প্ৰশিক্ষণ অনুষ্ঠানত উপস্থিত আছিল মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ৷ এই সন্দৰ্ভত মন্ত্ৰী বৰুৱাই কয়,"সপোনৰ আঁচনি হৈছে অৰুণোদয় ৷ সেয়ে বহু সময়ত ৰাজ্যৰ মহিলাসকল ভিন্ন সমস্যাৰ বাবে ধন উলিওৱাত অসুবিধাৰ সন্মুখীন হৈছিল ৷ কিন্তু এতিয়াৰ পৰা চিন্তা কৰিব নলাগে মহিলাসকলক সহায় কৰিব 'অৰুণোদয় সাৰথি'য়ে ৷"
Orunodoi is not merely a welfare scheme; it is a mission to eradicate poverty and empower the women of Assam.
— Jayanta Mallabaruah (@jayanta_malla) September 2, 2026
Today, I interacted with our newly designated Orunodoi Sarathis — Grade-III government officials who will take responsibility for the effective implementation of the… pic.twitter.com/H38tGl0x6H
"অৰুণোদয় সাৰথিসকল হৈছে অসম চৰকাৰে নিযুক্তি দিয়া তৃতীয় বৰ্গৰ কৰ্মচাৰী, যি তেওঁলোকক অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে ৷ ইয়াৰ দ্বাৰা দুখীয়া মহিলাই যাতে চৰকাৰী আঁচনি উপযুক্ত সময়ত লাভ কৰিব পাৰে, যাতে কোনেও প্ৰৱঞ্চনা কৰিব নোৱাৰে তাৰ প্ৰচেষ্টা কৰা হৈছে ৷"
লগতে তেওঁ কয়,"মোৰ দৃঢ় বিশ্বাস, এই পদক্ষেপে চৰকাৰক হিতাধিকাৰীসকলৰ সৈতে অধিক কাষ চপাই আনিব আৰু ‘অৰুণোদয়’ আঁচনিৰ সুবিধা তৃণমূল পৰ্যায়লৈ সঠিকভাৱে যোগান ধৰাটো সুনিশ্চিত কৰিব ।"
উল্লেখ্য যে, অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ বাবে ১২৬ গৰাকী অৰুণোদয় সাৰথি নিযুক্তি দিয়া হৈছে ৷ অৰুণোদয় আঁচনিখনত বৰ্তমান প্ৰায় ৩৮ লাখ হিতাধিকাৰী আছে আৰু প্ৰতিজন হিতাধিকাৰীয়ে প্ৰতিমাহে ১,২৫০ টকা লাভ কৰে ।
মন্ত্ৰী বৰুৱাই কয় যে আঁচনিখন প্ৰথমে প্ৰায় ১৬-১৭ লাখ হিতাধিকাৰীলৈ ৮৩০ টকা আগবঢ়োৱা হৈছিল ৷ বৰ্তমানৰ মাহিলী ১,২৫০ টকাকৈ প্ৰায় ৪০ লাখ হিতাধিকাৰীক দি থকা হৈছে ৷
লগতে পঢ়ক: গুৱাহাটীত প্ৰট'ন থেৰাপী কেন্দ্ৰ: কৰ্কট চিকিৎসাৰ ক্ষেত্ৰত নতুন সংযোজন

