ৰং-বিৰঙী অৰ্কিড আৰু কেকটাছে পুলকিত কৰিব আপোনাক, ক’ত আছে এই মনোৰম উদ্যান ?
দেশৰ বিভিন্ন প্ৰান্তত থকা ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰবোৰৰ ভিতৰত গুৱাহাটী ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰত দৰ্শনাৰ্থীৰ বাবে প্ৰথমখন অৰ্কিড উদ্যান আৰু কেকটাছ উদ্যান মুকলি কৰা হ'ব ।

Published : May 17, 2026 at 6:42 PM IST
গুৱাহাটী: গুৱাহাটীৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ দৰ্শনাৰ্থীৰ বাবে সুখবৰ । কিয়নো ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰত নতুনকৈ সংযোজিত হ'ব "অৰ্কিড আৰু কেকটাছ উদ্যান"৷ অৰ্কিড উদ্যানত ১২০ তকৈ অধিক প্ৰজাতিৰ অৰ্কিড সংৰক্ষণ কৰাৰ লগতে ৭০ বিধতকৈও অধিক কেকটাছ সংৰক্ষণ কৰা হৈছে । অসমৰ অৰ্কিডৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ছিকিম, অৰুণাচল প্ৰদেশ, মেঘালয়ত পোৱা বিভিন্ন প্ৰকাৰৰ প্ৰায় ৬০ টা প্ৰজাতিৰ অৰ্কিড ইয়াত ৰোপন কৰা হৈছে ৷ আনহাতে, বেংগালুৰু, দাৰ্জিলিং, কালিংপং, থাইলেণ্ডৰ পৰা অনা হৈছে হাইব্ৰীড প্ৰজাতিৰ অৰ্কিড ।
দেশৰ বিভিন্ন প্ৰান্তত থকা ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰবোৰৰ ভিতৰত গুৱাহাটী ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰত দৰ্শনাৰ্থীৰ বাবে প্ৰথমখন অৰ্কিড উদ্যান আৰু কেকটাছ উদ্যান মুকলি কৰা হ'ব । সোমবাৰে অৰ্থাৎ ১৮ মে'ত আন্তঃৰাষ্ট্ৰীয় সংগ্ৰাহালয় দিৱসৰ লগত সংগতি ৰাখি নতুনকৈ নিৰ্মাণ কৰা অৰ্কিড আৰু কেকটাছ উদ্যানখন দৰ্শনাৰ্থীৰ বাবে মুকলি কৰিব ।
এই সন্দৰ্ভত ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ শিক্ষা বিষয়া প্ৰেমধৰ দাসে কয় , ‘‘বিশেষকৈ অসম তথা বৃহত্তৰ উত্তৰ-পূৰ্বাঞ্চলৰ ঐতিহ্য বুলি কোৱা হয় অৰ্কিডক । বিভিন্ন ধৰণৰ অৰ্কিড পোৱা যায় উত্তৰ-পূৰ্বাঞ্চলত । যুৱ-প্ৰজন্ম আৰু শিক্ষার্থীসকলৰ মাজত বৈজ্ঞানিক মানসিকতাৰ প্ৰসাৰ আৰু জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধিৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । এই উদ্যানখন দর্শনার্থীসকলৰ বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব ৷ কিয়নো ইয়াত উত্তৰ-পূব ভাৰতৰ চহকী উদ্ভিদ, প্ৰাকৃতিক ঐতিহ্যক প্ৰতিফলিত কৰা থলুৱা প্ৰজাতিৰ কপৌফুলৰ (অৰ্কিড) লগতে কিছুমান বিদেশী প্ৰজাতিৰ অৰ্কিডৰো প্ৰদর্শন কৰা হ'ব । ইয়াৰ উপৰিও, প্ৰতিকূল আৰু খৰাং পৰিস্থিতিতো জীয়াই থাকিব পৰা কেকটাছৰ আচৰিত অভিযোজন ক্ষমতাক প্ৰদর্শন কৰা আকৰ্ষণীয় উদ্ভিদৰ এক সংগ্ৰহো ইয়াত দেখিবলৈ পোৱা যাব ।"
উত্তৰ-পূৰ্বাঞ্চলৰ জলবায়ু কেকটাছৰ বাবে উন্নত নহয়, যদিও বিজ্ঞানসন্মতভাৱে কেকটাছবোৰ ৰখাৰ ব্যৱস্থা কৰা হৈছে এই উদ্যানত । ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ প্ৰকল্প সঞ্চালক সুস্মিতা কলিতাই কয়, ‘‘এবছৰীয়া নেৰা নেপেৰা প্ৰচেষ্টাত উদ্যানখন সম্পূৰ্ণ হৈছে । গ্ৰীণ হাউচ আন্তঃগাঁথনিৰে তিনিটা ঘৰৰ ভিতৰত এটাত থলুৱা অৰ্কিড, এটাত হাইব্ৰীড অৰ্কিড আৰু এটাত কেকটাছ আৰু চাকলেন গছবোৰ ৰখা হৈছে ।’’
লগতে পঢ়ক: শত বছৰৰ পাছত দুটা ফৈদ মিলনৰ দিশে অগ্ৰসৰ; কেন’পী ব্ৰীজৰে পাৰ হ’ল গিবন

