ETV Bharat / state

কমলাৰ বাবে বিখ্যাত এখন গাঁৱত আজি কৃষকৰ হতাশা

চৰাইৰ আত্মহত্যাৰ পৰিঘটনাৰে সমৃদ্ধ গাঁওখন এসময়ত বিখ্য়াত আছিল কমলা টেঙাৰ লগতে আনাৰসৰ বাবে । পিচে আজি....

Orange market of Dima Hasao
ডিমা হাছাওৰ বজাৰত বিক্ৰীৰ বাবে সজাই থোৱা কমলা টেঙা (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : December 9, 2025 at 12:56 PM IST

3 Min Read
Choose ETV Bharat

হাফলং: উত্তৰ-পূব ভাৰতৰ ৰাজ্য অসমৰ অনুপম সৌন্দৰ্যৰ ভঁৰাল ডিমা হাছাও জিলা ৷ এই পাহাৰীয়া জিলাখনৰ জাতিংগাত চৰাইৰ আত্মহত্যাৰ পৰিঘটনাৰ বহুল প্ৰচাৰে সমগ্ৰ বিশ্বৰেই দৃষ্টি আকৰ্ষণ কৰিছিল ৷ এই অঞ্চলটো আন এক কাৰণতো বিখ্য়াত আছিল । পৰিভ্ৰমী চৰাইৰ লগতে সোৱাদযুক্ত কমলা টেঙাৰ বাবেও আছিল বিখ্য়াত । দেখিলেই সকলোৱে ক'ব পাৰিছিল এয়া ডিমা হাছাওৰ বিখ্য়াত গাঁওখনৰ কমলা টেঙা বুলি । এতিয়া আৰু সেই গৌৰৱ নাই ।

এসময়ত এই গাঁওখন কমলা আৰু আনাৰস খেতিৰ বাবে পৰিচিত আছিল । লাহে লাহে বিভিন্ন কাৰণত দুয়োবিধ ফলৰেই উৎপাদন হ্ৰাস পাবলৈ ধৰিলে । তথাপি জিলাখনৰ মাজেদি পাৰ হৈ যোৱা বাটৰুৱাই নয়ন জুৰাই পাহাৰৰ অপৰূপ সৌন্দৰ্যৰ লগতে গছত ওলমি থকা কমলা টেঙা চায় । এতিয়া খেতিয়কসকলে কমলা খেতি কৰি লোকচানৰ সন্মুখীন হোৱা বাবে অন্য় খেতিৰ প্ৰতিহে আগ্ৰহান্বিত হৈছে ।

ডিমা হাছাওৰ কমলাৰ সোৱাদেই সুকীয়া (ETV Bharat Assam)

কি কাৰণে এনে হৈছে সেই বিষয়ে জানিব বিচৰাত এগৰাকী কৃষকে জানিবলৈ দিয়ে যে এতিয়া আৰু আগৰ দৰে জাতিংগাত কমলা উৎপাদন নোহোৱাৰ মূল কাৰণ হৈছে কমলা গছত পোকৰ আক্ৰমণ । তেওঁ কয়, "এতিয়া কমলা খেতি কৰাৰ পিছত দুই-তিনি বছৰ কমলা উৎপাদন হয় । ইয়াৰ পিছত কমলাৰ খেতি নষ্ট কৰে পোকে ।" খেতিয়কজনে আৰু কয় যে তেওঁৰ পিতৃ থকাৰ সময়তে তেওঁলোকৰ কমলা বাগানত গাড়ীয়ে গাড়ীয়ে কমলা উৎপাদন হৈছিল । এই কমলা শিলচৰ আৰু কৰিমগঞ্জলৈ প্ৰেৰণ কৰিছিল । তেতিয়া লাভো হৈছিল ।

Tasty orange of Dima Hasao
ডিমা হাছাওৰ কমলাৰ সোৱাদেই সুকীয়া (ETV Bharat Assam)

তেওঁ কয়, "এতিয়া তেনে ধৰণৰ উপাৰ্জন নহয় । এতিয়া যিখিনি কমলা উৎপাদন হয় সেয়া তেওঁলোকে নিজে খোৱাৰ বাবেই পৰ্যাপ্ত নহয় । এতিয়া যিমান কমলা উৎপাদন হয় সেয়া স্থানীয় বজাৰত বিক্ৰী কৰা হয় । কিয়নো দুই-তিনি বছৰ কমলা উৎপাদন হোৱাৰ পিছত পোকৰ কাৰণে কমলা গছৰ পৰা পৰি নষ্ট হয় । যাৰ বাবে ক্ষতিৰ সন্মুখীন হ'ব লগা হৈছে ।" এতিয়া তেওঁ কমলা খেতিতকৈ পৰিয়ালৰ ভৰণ-পোষণৰ বাবে আনাৰস, পাণ, আদা আৰু হালধিৰ খেতি কৰিব লগা হৈছে । কৃষকগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰি কয়, "কমলা খেতি কৰি আমি যেনেদৰে ক্ষতিৰ সন্মুখীন হৈছো, তাৰ পিছতো চৰকাৰে আমাক কোনো সহায় কৰা নাই । পোকৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ কৃষি বিভাগৰ পৰা কোনো ধৰণৰ ঔষধ আদি পোৱা নাই ।"

Orange market of Dima Hasao
ডিমা হাছাওত কমলা টেঙাৰ বজাৰ (ETV Bharat Assam)
Orange market of Dima Hasao
ডিমা হাছাওৰ বজাৰত বিক্ৰীৰ বাবে সজাই থোৱা কমলা টেঙা (ETV Bharat Assam)

উল্লেখ্য় যে এসময়ত জাতিংগাত উৎপাদন হোৱা কমলা ৰাজ্যৰ বিভিন্ন স্থানলৈ ৰপ্তানি কৰা হৈছিল । জাতিংগাৰ পৰা কমলা বাহিৰলৈ ৰপ্তানি কৰি খেতিয়কসকল লাভাৱান্বিত হৈছিল । আজি এই খেতিয়কসকল বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে । এতিয়া জাতিংগাত কমলা আগৰ দৰে উৎপাদন নোহোৱা বাবে কৃষকসকলে আনাৰস,পাণৰ খেতি কৰি পৰিয়াল চলাই যাবলৈ বাধ্য হৈছে । জাতিংগাত কৃষকসকলে জৈৱিকভাৱে কমলা খেতি কৰে যদিও চৰকাৰৰ পৰা কোনোধৰণৰ সাহাৰ্য লাভ নকৰা, সঠিক বিপণন আৰু শীতল ভঁৰালৰ অভাৱৰ বাবে আজি এই খেতি কৰিবলৈ এৰি দিছে ।

লগতে পঢ়ক:জাতিংগালৈ অহা পৰিভ্ৰমী পক্ষীৰ সুৰক্ষাৰ বাবে সষ্টম ডিমা হাছাও প্ৰশাসন

মিনি পহলগামত শীঘ্ৰে আৰম্ভ হ'ব জাতিংগা মহোৎসৱ; এইবাৰ কি হ’ব মহোৎসৱৰ বিশেষ আকৰ্ষণ... জানক সবিশেষ