ETV Bharat / state

অসমত শ্বাহজাদ ভাট্টি গোটৰ সদস্য গ্ৰেপ্তাৰ, ভাৰত ৰক্তাক্ত কৰাৰ গোপন অভিসন্ধি নেকি ?

অসম আৰক্ষীৰ টাস্ক ফ’ৰ্চে বুধবাৰে হাইলাকান্দিৰ পৰা গ্ৰেপ্তাৰ কৰিছে পাকিস্তান সমৰ্থিত শ্বাহজাদ ভাট্টি গোটৰ সৈতে জড়িত এজন যুৱকক ৷

Operative of Pak-based terror group Shahzad Bhatti Network held in Hailakandi
অসমত শ্বাহজাদ ভাট্টি গোটৰ সদস্য গ্ৰেপ্তাৰ (প্ৰতিনিধিত্বমূলক ছবি) (IANS)
author img

By PTI

Published : August 26, 2026 at 4:40 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: অসমত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ সংগঠনৰ সদস্য ৷ অসম আৰক্ষীৰ টাস্ক ফ’ৰ্চে বুধবাৰে হাইলাকান্দিৰ পৰা গ্ৰেপ্তাৰ কৰিছে পাকিস্তান সমৰ্থিত শ্বাহজাদ ভাট্টি গোটৰ সৈতে জড়িত থকাৰ অভিযোগত এজন যুৱকক ৷ প্ৰায় এমাহ পূৰ্বে অৰ্থাৎ ২৫ জুলাইত ধুবুৰী, চিৰাং আৰু বৰপেটা জিলাৰ পৰা তিনিজন সদস্যক গ্ৰেপ্তাৰ কৰিছিল এছটিএফে ৷

পূৰ্বে গ্ৰেপ্তাৰ কৰা তিনি সদস্য়ক চলোৱা জেৰাৰ পৰা লাভ কৰা তথ্যৰ ওপৰত ভিত্তি কৰি হাইলাকান্দি আৰক্ষীৰ সৈতে যুটীয়াভাৱে এই অভিযান চলায় এছ টি এফে ৷ অভিযানকালত ৰামনাথপুৰ অঞ্চলৰ পৰা এজন ২১ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰে । তেওঁৰ পৰা বিভিন্ন নথি-পত্ৰ উদ্ধাৰ কৰা হৈছে । এছটিএফৰ “উগ্ৰপন্থী আৰু ৰাষ্ট্ৰ বিৰোধী শক্তি তথা তেওঁলোকৰ কাৰ্যকৰ্তাসকলৰ বিৰুদ্ধে স্থায়ী তদন্ত আৰু ব্যৱস্থা গ্ৰহণ”ৰ অংশ হিচাপে এই অভিযান চলোৱা হৈছিল বুলি এজন বিষয়াই জানিবলৈ দিয়ে ।

এক চৰকাৰী সূত্ৰ মতে শ্বাহজাদ ভাট্টি নেটৱৰ্ক হৈছে পাকিস্তান সমৰ্থিত এক সন্ত্ৰাসবাদী সংগঠন । ভাৰতত গ্ৰেণেড বিস্ফোৰণ, আইইডি আৰু পেট্ৰ’ল বোমা নিক্ষেপ আৰু লক্ষ্য নিৰ্ধাৰিত হত্যাৰ সৈতে জড়িত থকাৰ অভিযোগ আছে এই সংগঠনৰ বিৰুদ্ধে ৷

শ্বাহজাদ ভাট্টি গোটে স্থানীয় একাংশ লোকক থানা, সেনা চাউনী, ধৰ্মীয় স্থান আদিৰ তথ্য সংগ্ৰহ তথা চিচিটিভি কেমেৰা স্থাপনৰ বাবে ধন প্ৰদান কৰে বুলিও অভিযোগ উঠিছে ৷

উল্লেখ্য যে স্বাধীনতা দিৱসৰ পূৰ্বেও ভাৰতৰ ১৪ খন জিলাত অভিযান চলাই দুই শতাধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছিল । তেওঁলোকৰ বিৰুদ্ধে শ্বাহজাদ ভাট্টি নেটৱৰ্কৰ হৈ দেশত সন্ত্ৰাস বিয়পোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰায় ৮০ খন এজাহাৰ ৰুজু কৰা হৈছিল ।

উল্লেখ্য যে স্বাধীনতা দিৱসৰ পূৰ্বেও ভাৰতৰ ১৪ খন জিলাত অভিযান চলাই দুই শতাধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছিল । তেওঁলোকৰ বিৰুদ্ধে শ্বাহজাদ ভাট্টি নেটৱৰ্কৰ হৈ দেশত সন্ত্ৰাস বিয়পোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰায় ৮০ খন এজাহাৰ ৰুজু কৰা হৈছিল ।

শেহতীয়াকৈ এই গোটটোৰ কাৰ্যকলাপক লৈ ভাৰতৰ আন প্ৰান্তৰ লগে উত্তৰ-পূৰ্বাঞ্চলতো উদ্বেগ পৰিলক্ষিত হৈছে ৷ কিয়নো বাংলাদেশৰ গাতে লাগি থকা ভাৰতৰ এই অঞ্চলটো মৌলবাদী সংগঠনৰ ছফ্ট টাৰ্গেট হ’ব পাৰে বুলি বহুতেই সন্দেহ প্ৰকাশ কৰে ৷ বিগত সময়ছোৱাত বহুকেইটা মৌলবাদীক গ্ৰেপ্তাৰৰ ঘটনাই সেই সন্দেহ কিছু পৰিমাণে সত্য প্ৰমাণিত কৰিছিল ৷

বিজেপি সাংসদ ডঃ ৰাধামোহন দাস আগৰৱালাৰ নেতৃত্বত গঠিত এখন কমিটীয়ে উল্লেখ কৰে যে যোৱা বছৰ বাংলাদেশত ৰাজনৈতিক অস্থিৰতাৰ সময়ত কাৰাগাৰৰ পৰা মুক্তি লাভ কৰা বা পলায়ন কৰা সন্ত্ৰাসবাদী আৰু উগ্ৰপন্থীয়ে ভাৰত বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ সম্ভাৱনা আছে ৷ যাৰ ফলত প্ৰায় ৪,০৯৬ কিলোমিটাৰ দৈৰ্ঘৰ ভাৰত-বাংলাদেশ সীমান্তত নতুন নিৰাপত্তাজনিত বিপদ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে ।

ভাৰতে বিষয়টোত বাৰুকৈয়ে সজাগ হৈ থাকিব লাগিব আৰু উত্তৰ-পূবত সক্ৰিয় বিদ্ৰোহী গোটৰ বাবে বাংলাদেশ যাতে নিৰাপদ আশ্ৰয়স্থল নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব । এই সমগ্ৰ বিষয়টোত সংসদীয় কমিটীয়ে গুৰুত্ব আৰোপ কৰিছে ৷

লগতে পঢ়ক: বাংলাদেশৰ পৰিস্থিতিয়ে উত্তৰ-পূৰ্বাঞ্চললৈ আনিছে অশনি সংকেত !