মৰাণত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান, ৬ টা কাঠফলা মিল জব্দ বন বিভাগ
বনমন্ত্ৰীৰ নিৰ্দেশৰ পাছত মৰাণত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান বন বিভাগৰ ৷

Published : July 3, 2026 at 6:22 PM IST
ডিব্ৰুগড়: বনমন্ত্ৰীৰ নিৰ্দেশৰ পাছতহে মৰাণৰ বিভিন্ন স্থানত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে শুকুৰবাৰে অভিযান চলাই বন বিভাগে ৷
খোৱাং আঞ্চলিক বন বিষয়া অক্ষয় বৰগোহাঁইৰ নেতৃত্বত বন বিভাগৰ এটা বৃহৎ দলে মৰাণ, চেপন আৰু ৰাজগড় অঞ্চলত অভিযান চলাই একেদিনাই ৬ টাকৈ অবৈধ কাঠফলা মিল উৎখাত কৰি কাঠফলা মেচিনৰ বিভিন্ন সা-সৰঞ্জাম আৰু বৃহৎ পৰিমাণৰ কাঠ জব্দ কৰে ।
ইফালে বন বিভাগৰ অভিযানৰ উমান পাই অবৈধ কাঠফলা মিলৰ গৰাকীয়ে মেচিনসমূহ লুকুৱাই থোৱা বুলি জানিবলৈ দিছে বন বিষয়াগৰাকীয়ে । অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব বুলিও বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে । এই অভিযানৰ সম্পৰ্কে খোৱাং আঞ্চলিক বন বিষয়াগৰাকীয়ে কয়, "আমি বৰ্তমানলৈকে ৬ টা কাঠফলা মিল জব্দ কৰিছো । কাঠৰ লগতে মিলৰ সকলো সা-সৰঞ্জাম জব্দ কৰা হৈছে । বৰ্তমানলৈকে এজনকো আটক কৰিব পৰা নাই ৷ অবৈঠ কাঠফলা মিলৰ মালিকসকল পলায়ন কৰিছে ৷ পাছত তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷"
তেওঁ লগতে কয়,"মন্ত্ৰীৰ নিৰ্দেশৰ পূৰ্বৰ পৰাই আমি কাঠ ফলা মিল জব্দ কৰি আহিছো । খোৱাং আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ৰ অধীনত কিমান কাঠ ফলা মিল আছে সেই তথ্য আমাৰ হাতত নাই যদিও ৰাইজে দিয়া তথ্য অনুসৰি মিলসমূহ জব্দ কৰা হৈছে । অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব ৷"
উল্লেখযোগ্য যে খোৱাং আঞ্চলিক বন বিভাগৰ এলেকাত বহু কাঠ ফলা মিল চলি থকাৰ অভিযোগ দীৰ্ঘদিনীয়া আছিল যদিও এই ক্ষেত্ৰত বন বিভাগে কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল । কিন্তু বনমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই খোৱাং আঞ্চলিক বনবিভাগে কেনেকৈ কাঠফলা মিল দেখি পাইছে তাক ৰাইজৰ মাজত প্ৰশ্নৰ অৱতাৰণা হৈছে ৷
লগতে পঢ়ক :চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ জাগুন বন বিভাগৰ, চালক পলাতক

