ETV Bharat / state

যোৰহাটত পিষ্টল-গুলীসহ আটক যুৱক, আলফাৰ নামত কৰিছিল ধনদাবী

যোৰহাট জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাৰ নিৰ্দেশত আৰক্ষীৰ এটা দলে আটক কৰে ভক্তিৰাম দাস নামৰ যুৱকজনক ।

ONE PERSON DETAINED WITH A PISTOL
যোৰহাটত পিষ্টল আৰু সজীৱ গুলীসহ আটক যুৱক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 26, 2026 at 8:15 PM IST

|

Updated : March 26, 2026 at 9:19 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট: ৰাজ্যৰ চৌদিশে এতিয়া নিৰ্বাচনী তৎপৰতা ৷ ৰাজনৈতিক দলৰ সভা-সমদলত ব্যস্ত সকলো ৷ তাৰ মাজতেই নিৰ্বাচনৰ বতৰত যোৰহাটত সজীৱ গুলীসহ মৰাণাস্ত্ৰ উদ্ধাৰৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য ৷ ঘটনা অনুসৰি যোৰহাট নগৰৰ পৰা কিছু নিলগৰ পশ্চিম যোৰহাটৰ পানীচকুৱা ডেৰকুৰীয়া গাঁৱত বৃহস্পতিবাৰে এটা পইণ্ট ৩২ পিষ্টল, দুজাঁই সজীৱ গুলী আৰু মেগজিনসহ আৰক্ষীৰ জালত পৰিছে এজন যুৱক ৷

যোৰহাট জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাৰ নিৰ্দেশত যোৰহাট জিলা যান-বাহন শাখাৰ আৰক্ষী বিষয়া উৎপল দত্তৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে আটক কৰে ভক্তিৰাম দাস নামৰ যুৱকজনক ।

যোৰহাটত পিষ্টল-গুলীসহ আটক যুৱক (ETV Bharat Assam)

উল্লেখ্য যে, উক্ত যুৱকজনৰ ঘৰত নিশা আৰক্ষীয়ে উপদ্ৰৱ চলাই নগদ ধন, গাড়ী লৈ অহা বুলি আৰক্ষীৰ বিৰুদ্ধে অভিযোগ তুলি কেইবাটাও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল যুৱকজনে ৷ তাৰ পাছতেই ঘৰলৈ যাব খোজা সময়তেই আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ নাতিদূৰৈৰ পৰা আৰক্ষীয়ে আটক কৰিছিল ভক্তিৰাম দাসক ৷ তাৰ পিছত যুৱকজনৰ সকলো ক’লা অধ্যায় পোহৰলৈ আহে ।

আনহাতে আটকাধীন যুৱকজনে আৰক্ষী আৰু সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰে যে দীৰ্ঘদিন ধৰি তেওঁ আলফা স্বাধীনৰ নামত জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে ডেম্পত ধনদাবী কৰি আহিছিল ৷ এই ধনদাবীৰ সৈতে আন তিনিজন লোক জড়িত আছে বুলিও তেওঁ লগতে উল্লেখ কৰে ৷ উদ্ধাৰ হোৱা পিষ্টলটো অভিযুক্ত ভক্তিৰাম দাসে অন্য এজন লোকৰ পৰা ক্ৰয় কৰি আনিছিল বুলি জানিবলৈ দিছে ।

এই সন্দৰ্ভত যান-বাহন শাখাৰ আৰক্ষী বিষয়া উৎপল দত্তই কয়, ‘‘বহুদিনৰ পৰাই আমাৰ হাতত এই বিষয়ত তথ্য আছিল, আটকাধীন যুৱকজনৰ পৰা আমি এটা পইণ্ট ৩২ পিষ্টল, এটা মেগজিন আৰু দুজাঁই সজীৱ গুলী উদ্ধাৰ কৰিছো‌ঁ ৷’’ অৱশ্যে তদন্তৰ খাতিৰত সবিশেষ জনোৱা পৰা বিৰত থাকে আৰক্ষী বিষয়াজন । অভিযুক্ত যুৱকজনে ঘৰৰ চাদৰ ওপৰত এটা কাৰ্টনৰ ভিতৰত উক্ত মৰাণাস্ত্ৰটো লুকুৱাই ৰাখিছিল । বৰ্তমান আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা চলাইছে যুৱকজনক ৷

লগতে পঢ়ক:

৯ বছৰীয়া কন্যাশিশুক যৌন নিৰ্যাতন চলোৱাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড অভিযুক্তক

মহানন্দ সৰকাৰে ২ কোটিত টিকট লৈ ৫ কোটিত বিক্ৰী কৰিছে : বৰপেটাত বিস্ফোৰক অভিযোগ টিকট বঞ্চিত কংগ্ৰেছীৰ

Last Updated : March 26, 2026 at 9:19 PM IST