ETV Bharat / state

আহোম ৰাজত্বকালৰ অন্যতম ঐতিহ্য ৰহঢলা পুখুৰী

কি এই ৰহঢলা পুখুৰী ? জানো আহক ৰহঢলা পুখুৰীৰ বিষয়ে-

monuments of the Ahom reign Rahdhala Pond in Lakhimpur
আহোম ৰাজত্বকালৰ অন্যতম ঐতিহ্য ৰহঢলা পুখুৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 16, 2026 at 6:18 PM IST

4 Min Read
Choose ETV Bharat

লখিমপুৰ: আহোম ৰাজত্বকালৰ বহুতো ঐতিহাসিক শিল্প, ভাস্কৰ্য আৰু সমলেৰে ভৰপূৰ হৈ আছে অসম । সেই সমূহৰ ভিতৰত অন্যতম হৈছে ৰহঢলা পুখুৰী । আহোম ৰাজত্বৰ সময়ত কেইবাগৰাকী ৰজাই বিভিন্ন ঠাইত বহু পুখুৰী খন্দাইছিল । ইয়াৰে একাংশ পুখুৰীক ৰহঢলা পুখুৰী বোলা হৈছিল । পিছে কি বৈশিষ্ট্য আছে ৰহঢলা পুখুৰীৰ ? ৰহৰ অৰ্থ কি ? এই প্ৰতিবেদনত বিশিষ্ট ব্যক্তিৰ বক্তব্যৰে ৰহঢলা পুখুৰীৰ ইতিহাসক আলোকপাত কৰা হৈছে ।

ছশ বছৰীয়া গৌৰৱোজ্বল আহোম ৰাজত্বৰ কালৰ অনেক ঐতিহাসিক ভাস্কৰ্য শিল্প আৰু সমলৰ ভিতৰত পুখুৰীসমূহ উল্লেখযোগ্য । সৰু বৰ বিভিন্ন ধৰণৰ পুখুৰীসমূহে আজিও আহোম ৰাজত্বকালৰ সোণসেৰীয়া সময়ৰ স্বাক্ষৰ উজলাই ধৰি আছে । এই পুখুৰীসমূহৰ একাংশক লৈ বহু অলৌকিক কাহিনীয়েও ভৰ কৰি আছে । সংখ্যাত কম হ'লেও এনে পুখুৰীসমূহৰ একাংশক ৰহঢলা পুখুৰী বোলা হয় ।

আহোম ৰাজত্বকালৰ অন্যতম ঐতিহ্য ৰহঢলা পুখুৰী (ETV Bharat Assam)

কিয় ৰহঢলা পুখুৰী বোলা হয় ?

এই সন্দৰ্ভত লখিমপুৰৰ বিশিষ্ট লেখক, নিবন্ধকাৰ নৃপেন ফুকনে কয়,"ৰহ বুলিলে সাধাৰণতে ৰস বুজোৱা হয় যদিও পুখুৰীৰ ক্ষেত্রত ব্যৱহাৰ হোৱা ৰহ শব্দৰ অৰ্থ হৈছে পাৰদ বা পাৰা । পাৰা ঢলা পুখুৰীক ৰহঢলা পুখুৰী বোলা হৈছিল ।" আহোম ৰাজত্ব কালৰ পুখুৰী খন্দাৰ কৌশল প্ৰকাশ কৰি তেওঁ কয়,"এটা পঞ্চমুখী চাকি লৈ তাহানি ভাল পানীৰ উৎস নিৰ্ণয় কৰা হৈছিল । পঞ্চমুখী চাকি এটা মাটিৰ ওপৰেৰে ঘুৰাই লৈ ফুৰোতে হঠাৎ দপ দপ কৈ যি ঠাইত চাকিটো সম্পূর্ণ নুমাই যায় সেই ঠাইৰ তলত ভাল পানীৰ উহ থকা বুলি নিৰ্ণয় কৰা হৈছিল । চাকিটো সম্পূর্ণ নুমাই যোৱা ঠাইক কেন্দ্র কৰি পুখুৰীটো খন্দা হৈছিল ।"

নিবন্ধকাৰ ফুকনে পুনৰ কয়, "কেন্দ্রটোত এডাল শাল কাঠৰ খুঁটা পোতা হৈছিল । সেইডালক নাগমাৰি বোলা হৈছিল । পুখুৰীটো খন্দা হ'লে কেন্দ্রত য'ত নাগমাৰি আছে সেই স্থানত কুঁৱাৰ দৰে পুনৰ তললৈ কিছু দকৈ খন্দা হয় । মাজত থাকে নাগমাৰিডাল । এতিয়া নাগমাৰিডালক কাষেৰে দ কৈ খন্দা গাতটোত পাৰা ঢলা হয় । পাৰাই পানী পৰিষ্কাৰ কৰাৰ লগতে খৰালি কালত পুখুৰীৰ পানী কমাৰ সময়ত নাগমাৰি থকা মাজৰ কুঁৱা সদৃশ গাতটোৰে যাতে পানী ভূ-গৰ্ভলৈ সোমাই যাব নোৱাৰে সেয়া বাধা দি ৰাখে । এনে পুখুৰীসমুহকে ৰহঢলা পুখুৰী বোলা হৈছিল ।" সময়ৰ সোঁতত পচি গ'লেও এতিয়াও দুই এটা পুখুৰীত নাগমাৰি দেখা যায় বুলি কয় লেখকগৰাকীয়ে ।

monuments of the Ahom reign Rahdhala Pond in Lakhimpur
আহোম ৰাজত্বকালৰ অন্যতম ঐতিহ্য ৰহঢলা পুখুৰী (ETV Bharat Assam)

কোনে খন্দাইছিল ৰহঢলা পুখুৰী ?

লখিমপুৰ নগৰৰ মাজতে আছে ৰহঢলা পুখুৰী । লখিমপুৰ নগৰৰ মাজত ডি কে ৰোড সংযোগী পথতে লাগি আছে এটা ঐতিহাসিক ৰহঢলা পুখুৰী । এই পুখুৰীটো কোনে খন্দাইছিল তাৰ সঠিক তথ্য নাথাকিলেও চুখামফা বা খোৰা ৰজাই খন্দোৱা বুলি ঠাৱৰ কৰা হৈছে । কিয়নো এইজন ৰজাৰ দিনতে লখিমপুৰ নগৰৰ কাষতে খন্দা নাহৰ পুখুৰী আৰু জেঠী পুখুৰী আছে । সেয়ে তেৱেঁই এই ৰহঢলা পুখুৰীটো খন্দোৱা বুলি ঠাৱৰ কৰা হৈছে ।

পুখুৰীটোৰ দীঘ আৰু প্ৰস্থ সমান :

এই পুখুৰীটোৰ ১৪৭ ফুট দৈর্ঘ আৰু প্ৰস্থ । কিছুদিনৰ আগতে স্থানীয় বিধায়ক মানৱ ডেকাৰ উদ্যোগত পুখুৰীটোৰ সৌন্দৰ্য বৰ্ধন কৰা হয় ।

monuments of the Ahom reign Rahdhala Pond in Lakhimpur
ৰহঢলা পুখুৰীৰ পাৰত পেলনীয়া সামগ্ৰীৰে নিৰ্মিত বৃহদাকাৰ মকৰা (ETV Bharat Assam)

পুখুৰাৰ পাৰত বৃহদাকাৰ মকৰা- জাল-পখিলা :

শেহতীয়াকৈ শিল্পী নিলীম মহন্তই পেলনীয়া সামগ্রীৰে পুখুৰীটোৰ সৌন্দর্য বৰ্ধনৰ কাম কৰিছে । পেলনীয়া বাইক, স্কুটাৰৰ বিভিন্ন অংশকে ধৰি বিভিন্ন বস্তুৰে তেওঁ পুখুৰীটোক সজোৱাৰ কাম কৰি আছে । যদিও তেওঁৰ কাম শেষ কৰা নাই তথাপি ইতিমধ্যে পুখুৰীটোৰ পাৰত পেলনীয়া সামগ্ৰীৰে নিৰ্মাণ কৰা বৃহদাকাৰ মকৰা, জাল, পখিলা আদিয়ে ৰাইজক আকৰ্ষিত কৰিছে । শিল্পীগৰাকীৰ এনে শিল্প কৰ্মক চাবলৈ ৰহঢলা পুখুৰীৰ পাৰত বহু লোকৰ সমাগম ঘটিছে ।

লগতে পঢ়ক:কি অৱস্থাত আছে মাজুলীৰ ঐতিহাসিক ৰাওনা পুখুৰী ?

অসমৰ এইখন উদ্যানলৈ আহিলে মনত সজীৱ হ'ব স্বাধীনতা সংগ্ৰামৰ স্বৰ্ণিল গাথা