কৃষিৰে স্বাৱলম্বিতাৰ অনন্য় নিদৰ্শন: মনালিছা ৰাজবংশীৰ সেউজ বিপ্লৱ
সাধাৰণতে গ্ৰামাঞ্চলত কৃষিকৰ্মৰ সৈতে পুৰুষসকল বেছিকৈ জড়িত থকা দেখা যায়, কিন্তু মনালিছা ৰাজবংশীয়ে এই ধাৰণাক ভুল প্ৰমাণিত কৰিছে ।

Published : February 27, 2026 at 10:22 AM IST
সোণাপুৰ : বৰ্তমানৰ সময়ত চৰকাৰী চাকৰি বা অন্য কৰ্মসংস্থাপনৰ পাছত দৌৰাতকৈ নিজৰ থলুৱা সম্পদ ব্যৱহাৰ কৰি স্বাৱলম্বী হোৱাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে ডিমৰীয়াৰ এগৰাাকী উদ্যমী মহিলাই । ডিমৰীয়াৰ ক্ষেত্ৰী-মালয়বাৰী সংযোগী পথৰ সমীপতে দেখিবলৈ পোৱা গৈছে এক বিৰল দৃশ্য— য’ত এগৰাকী মহিলাই নিজৰ পৰিশ্ৰমেৰে গঢ়ি তুলিছে এক সেউজ সাম্ৰাজ্য ।
ৰঙালাও খেতিৰে আশাৰ বতৰা
মনালিছা ৰাজবংশী নামৰ এইগৰাকী মহিলাই প্ৰায় পাঁচ বিঘা কৃষিভূমি সামৰি আৰম্ভ কৰিছে ৰঙালাওৰ খেতি । উল্লেখযোগ্য যে তেওঁ প্ৰথমবাৰৰ বাবে ইমান বৃহৎ পৰিসৰত এই খেতি কৰিছে । বৰ্তমান তেওঁৰ পথাৰত লহপহকৈ বাঢ়ি অহা ৰঙালাওবোৰে কেৱল তেওঁৰ মনলৈয়ে নহয়, বৰঞ্চ সমগ্ৰ অঞ্চলটোলৈকে এক আশাৰ বতৰা কঢ়িয়াই আনিছে ।
এগৰাকী মহিলাৰ সাহস আৰু দৃঢ়তা
সাধাৰণতে গ্ৰাম্য অঞ্চলত কৃষিকৰ্মৰ সৈতে পুৰুষসকল বেছিকৈ জড়িত থকা দেখা যায়, কিন্তু মনালিছা ৰাজবংশীয়ে এই ধাৰণা ভুল প্ৰমাণিত কৰিছে । এগৰাকী মহিলা হৈয়ো ৰবিশস্যৰ এনে এক বিশাল পথাৰ পৰিচালনা কৰা কাৰ্যই তেওঁৰ মানসিক দৃঢ়তা আৰু কৃষিৰ প্ৰতি থকা আগ্ৰহ প্ৰকাশ কৰিছে । তেওঁৰ এই পদক্ষেপে প্ৰমাণ কৰিছে যে ইচ্ছাশক্তি থাকিলে কৃষিৰ জৰিয়তেও আত্মনিৰ্ভৰশীল হোৱাটো সম্ভৱ।

অঞ্চলজুৰি প্ৰশংসা
মনালিছাৰ এই কৃষি বিপ্লৱৰ খবৰ এতিয়া বিয়পি পৰিছে সমগ্ৰ ক্ষেত্ৰী আৰু মালয়বাৰী অঞ্চলত । পথচাৰীৰ পৰা আৰম্ভ কৰি স্থানীয় ৰাইজলৈকে সকলোৱে তেওঁৰ এই কাৰ্যক উচ্চ প্ৰশংসা কৰিছে । বহুতে তেওঁৰ পথাৰখন চাবলৈ আহি অনুপ্ৰাণিত হৈছে । এতিয়া তেওঁ অঞ্চলটোৰ অন্যান্য মহিলা আৰু নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এক আদৰ্শস্বৰূপ হৈ পৰিছে ।
সামাজিক প্ৰভাৱ
মনালিছা ৰাজবংশীৰ এই প্ৰচেষ্টাই কেৱল তেওঁৰ পৰিয়ালটোলৈ আৰ্থিক স্বচ্ছলতা অনাৰ সম্ভাৱনাই প্ৰকট কৰা নাই, বৰঞ্চ অসমৰ থলুৱা কৃষিখণ্ডক এক নতুন মাত্ৰা প্ৰদান কৰিছে । তেওঁৰ দৰে মহিলাসকলে আগবাঢ়ি আহিলে অসমৰ গ্ৰাম্য অৰ্থনীতি অধিক শক্তিশালী হ’ব বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে ।

পৰিশ্ৰম আৰু একাগ্ৰতা থাকিলে সফলতা যে নিশ্চিত, তাৰেই এক জিলিকি থকা উদাহৰণ হ’ল মনালিছা ৰাজবংশী । তেওঁৰ এই সেউজ বিপ্লৱ সফল হওক তাৰে কামনা কৰিছে সকলোৱে ।
নিজৰ কৃষিকৰ্ম সন্দৰ্ভত মনালিছা ৰাজবংশীয়ে কয়, "মোৰ স্বামীয়ে পুলিচত চাকৰি কৰে, ছোৱালী দুজনী । সিহঁতে ওলাই যোৱাৰ পিছত মই অকলশৰীয়াভাৱে থাকো । সেই কাৰণে মই পথাৰত ওলাই আহিলোঁ খেতি কৰিম বুলি । ভাল লাগিছে কৰি । প্ৰথমবাৰ কৰিছোঁ । মই গাঁৱৰ ওচৰৰে দোকানৰ পৰা বীজ লৈছোঁ, ভালে পাইছোঁ ।"

