বিশ্ব ক্ৰীড়া সাংবাদিক দিৱস : সতীৰ্থসকললৈ ধুবুৰীৰ সাংবাদিকৰ শুভেচ্ছা
১৯৯৪ চনৰ পৰা বিশ্বজুৰি আনুষ্ঠানিকভাৱে এই দিৱস পালন কৰি অহা হৈছে ।

Published : July 2, 2026 at 10:51 PM IST
ধুবুৰী: আজি বিশ্ব ক্ৰীড়া সাংবাদিক দিৱস । এই উপলক্ষে বৃহস্পতিবাৰে ধুবুৰীত ক্ৰীড়া সাংবাদিকসকলৰ অৱদানক স্মৰণ কৰি বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ নিৰলস কৰ্মৰ শলাগ লয় ।
প্ৰতিবছৰে ২ জুলাইত বিশ্ব ক্ৰীড়া সাংবাদিক দিৱস পালন কৰা হয় । ক্ৰীড়া জগতৰ সৈতে জড়িত সাংবাদিকসকলৰ অৱদানক স্বীকৃতি দিয়া আৰু তেওঁলোকক উৎসাহিত কৰাৰ উদ্দেশ্যেই এই দিৱস পালন কৰা হয় ।
উল্লেখ্য যে, ১৯২৪ চনৰ ২ জুলাই আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া সাংবাদিক সন্থা গঠন কৰা হৈছিল । সেই প্ৰতিষ্ঠা দিৱসৰ স্মৃতিত ১৯৯৪ চনৰ পৰা বিশ্বজুৰি আনুষ্ঠানিকভাৱে এই দিৱস পালন কৰি অহা হৈছে ।
এই সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিক প্ৰণৱাশীষ ৰয়ে কয়, "ক্ৰীড়া সাংবাদিকসকলৰ কঠোৰ পৰিশ্ৰমৰ বাবেই বিশ্বৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা ক্ৰীড়া প্ৰতিযোগিতাৰ প্ৰতিটো মুহূৰ্ত সাধাৰণ দৰ্শকৰ ওচৰলৈ সঠিকভাৱে লাভ কৰে । ক্ৰীড়া সাংবাদিকসকলে বিভিন্ন খেলপথাৰত উপস্থিত থাকি প্ৰতিকূল পৰিস্থিতিৰ মাজতো বাতৰি, তথ্য আৰু আলোকচিত্ৰ সংগ্ৰহ কৰি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰে ।"
তেওঁ ক্ৰীড়া সাংবাদিকসকলৰ অৱদানৰ প্ৰশংসা কৰাৰ লগতে তেওঁলোকৰ কল্যাণৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰিবলৈ চৰকাৰৰ ওচৰত আহ্বান জনায় ।
আনহাতে, ধুবুৰী জিলা ক্ৰীড়া সন্থাৰ এথলেটিকছ সম্পাদক ছামচুল আবেদিনে কয়, "ক্ৰীড়া সাংবাদিকসকলৰ নিৰলস প্ৰচেষ্টাৰ বাবেই বিশ্বৰ বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা আৰু উল্লেখযোগ্য মুহূৰ্তসমূহ ঘৰে ঘৰে লাভ কৰিবলৈ সক্ষম হৈছে । এখন উৎকৃষ্ট আলোকচিত্ৰ বা খেলৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্ত ধৰি ৰাখিবলৈ ক্ৰীড়া সাংবাদিকসকলে ৰ’দ, বৰষুণ আৰু নানা প্ৰতিকূলতাৰ মাজতো অক্লান্তভাৱে কৰ্ম সম্পাদন কৰিবলগীয়া হয় ।"
তেওঁ লগতে কয়, "ধুবুৰীৰ ক্ৰীড়া সাংবাদিকসকলেও স্থানীয় ক্ৰীড়া জগতৰ খবৰ সঠিকভাৱে জনসাধাৰণৰ ওচৰলৈ আগবঢ়াই আহিছে ।" বিশ্ব ক্ৰীড়া সাংবাদিক দিৱস উপলক্ষে তেওঁ সকলো ক্ৰীড়া সাংবাদিকলৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ভৱিষ্যতেও ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নত তেওঁলোকৰ সক্ৰিয় ভূমিকা অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰে ।

