ETV Bharat / state

এন এইচ এম কৰ্মচাৰীৰ প্ৰতিবাদ সাময়িকভাৱে স্থগিত

মুখ্যমন্ত্ৰীক ৫ দিনৰ সময়সীমা বান্ধি দি সদৌ অসম স্বাস্থ্য ও কাৰিকৰী কল্যাণ সন্থা আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থাই সদ্যহতে স্থগিত ৰাখিছে প্ৰতিবাদ ।

NHM employees protest suspended
এন এইচ এম কৰ্মচাৰীৰ প্ৰতিবাদ সাময়িকভাৱে স্থগিত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 12, 2025 at 8:42 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ : সদৌ অসম স্বাস্থ্য ও কাৰিকৰী কল্যাণ সন্থা আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থা, অসমৰ যৌথ উদ্যোগত ৰাজ্যিক ভিত্তিত এন এইচ এমৰ বিষয়া-কৰ্মচাৰীসকলে চলাই থকা প্ৰতিবাদী কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখিছে । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বুধবাৰৰ পৰা এই প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰাখিছে সন্থাই ।

বুধবাৰে শোণিতপুৰৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভাকক্ষত অনুষ্ঠিত এক সংবাদমেলত সদৌ অসম স্বাস্থ্য ও কাৰিকৰী কল্যাণ সন্থা আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থাৰ সভাপতি এইচ এম হাচানুজ্জামান আৰু হৰেন গগৈয়ে কয়, "মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সন্থাৰ লগত আলোচনাৰ মাধ্যমেৰে সমস্যাৰ সমাধান কৰিবলৈ জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।"

NHM employees protest suspended
এন এইচ এম কৰ্মচাৰীৰ প্ৰতিবাদ সাময়িকভাৱে স্থগিত (ETV Bharat Assam)

আনহাতে, আগন্তুক পাঁচদিনৰ ভিতৰত অৰ্থাৎ ১৮ নৱেম্বৰৰ ভিতৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগত সন্থাই আলোচনা হোৱাৰ আশা প্ৰকাশ কৰে । তেওঁলোকে কয়, "ৰাজ্যখনৰ প্ৰায় ২০ হাজাৰ কৰ্মচাৰীৰ এই দাবীসমূহ ৰাজ্য চৰকাৰৰ লগত আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বানক আদৰণি জনাইছোঁ ।"

উল্লেখ্য যে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ অন্যতম প্ৰধান চালিকা শক্তি হিচাপে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে গুৰুত্বপূৰ্ণ সাৰ্বজনীন ভূমিকা গ্ৰহণ কৰি আহিছে । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ঘোষিত বিভিন্ন স্বাস্থ্য আঁচনিৰ সফল আৰু ফলপ্ৰসূ ৰূপায়ণত বৰেণ্য অৱদান আগবঢ়াই অহা এই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত কৰ্মৰত বিষয়া-কৰ্মচাৰীসকলৰ উৎসৰ্গিত সেৱাৰ বিপৰীতে যথাযোগ্য মৰ্যাদা প্ৰদানত ৰাজ্যজুৰি ঐক্যবদ্ধ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিছিল ।

সদৌ অসম স্বাস্থ্য ও কাৰিকৰী কল্যাণ সন্থা (এন এইচ এম )আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থাই সমকামৰ সমবেতন প্ৰদান কৰা, এন এইচ এমৰ কৰ্মচাৰীসকলক স্বাস্থ্য বিভাগত খালী হৈ থকা পদত প্ৰত্যক্ষভাৱে নিযুক্তিৰ ব্যৱস্থা কৰা, সামাজিক সুৰক্ষা আইনৰ অধীনত কৰ্মচাৰীসকলক ই পি এফৰ ব্যৱস্থা গ্ৰহণ কৰা আদি ৫ টা গুৰুত্বপূৰ্ণ দাবীৰ সমৰ্থনত এই প্ৰতিবাদ সাব্যস্ত কৰিছিল ।

লগতে পঢ়ক :জনজাতিকৰণৰ দাবীত তিনিচুকীয়াত টাই-আহোমসকলৰ বৃহৎ প্ৰতিবাদ
লগতে পঢ়ক :বাল্যবিবাহত জড়িত থকাৰ বাবেই পদবী হেৰুৱালে পঞ্চায়তৰ প্ৰতিনিধিয়ে