ETV Bharat / state

প্ৰধানমন্ত্ৰী আহিব নামৰূপলৈ; মোদীৰ সভাস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

২১ ডিচেম্বৰত নামৰূপলৈ আহিব প্ৰধানমন্ত্ৰী মোদী । নামৰূপ সাৰ কাৰখানাৰ নতুন ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে ।

Assam CM Namrup visit
নামৰূপত মোদীৰ সভাস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 10, 2025 at 9:58 PM IST

3 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।‌ ২০ ডিচেম্বৰত গুৱাহাটীত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ২১ ডিচেম্বৰত আহিব ডিব্ৰুগড়ৰ নামৰূপলৈ । উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানাত ১২.৭ লাখ মেট্ৰিকটন ইউৰিয়া উৎপাদনক্ষম নতুন প্ৰকল্প নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে ।

নামৰূপৰ হাপজানত অনুষ্ঠিত হ'বলগা প্ৰধানমন্ত্ৰীৰ সভাক লৈ চলোৱা হৈছে যুদ্ধকালীন প্ৰস্তুতি ।‌ ২১ ডিচেম্বৰৰ পুৱা ১০.৩০ বজাত অনুষ্ঠিত হ'বলগা প্ৰধানমন্ত্ৰীৰ জনসভাত উজনি অসমৰ কেইবাখনো জিলাৰ পৰা ১ লাখ ৰাইজৰ সমাগম হ'ব বুলি ইতিমধ্যে জানিবলৈ দিছে উদ্যোগতাসকলে । এই সভাত নামৰূপ সাৰকাখানাৰ নতুন প্ৰকল্প নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি প্ৰধানমন্ত্ৰীয়ে উজনিত '২৬ৰ বিধানসভা নিৰ্বাচনৰ ৰণশিঙা বজাব ।

প্ৰধানমন্ত্ৰী আহিব নামৰূপলৈ; মোদীৰ সভাস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

সেয়ে দিনে-নিশাই চলিছে প্ৰধানমন্ত্ৰীৰ সভাৰ প্ৰস্তুতি । ইয়াৰ মাজতে বুধবাৰে দুদিনীয়া ডিব্ৰুগড় ভ্ৰমণলৈ অহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় বিমানবন্দৰৰ পৰা পোনে পোনে উপস্থিত হয় নামৰূপত । অসম চৰকাৰৰ বহুকেইটা বিভাগৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত প্ৰধানমন্ত্ৰীৰ সভাৰ প্ৰস্তুতিৰ বুজ লৈ সভা সুকলমে অনুষ্ঠিত কৰিবলৈ সকলো দিশ পৰ্যালোচনা কৰে । মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী পীযুষ হাজৰীকা, প্ৰশান্ত ফুকন, বিধায়ক তৰংগ গগৈও উপস্থিত থাকে ।

Assam CM Namrup visit
নামৰূপত মোদীৰ সভাস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

অসমত ঔদ্যোগিকৰণৰ আৰু এটা মাইলৰ খুঁটি স্থাপন হ'ব

প্ৰধানমন্ত্ৰীৰ সভাস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "অসমৰ ৰাইজৰ বহু প্ৰতীক্ষিত ১২ লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদনৰ নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ২১ ডিচেম্বৰত নামৰূপলৈ আহিব । আজি মন্ত্ৰী-বিধায়কসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ সভাস্থলী পৰিদৰ্শন কৰোঁ । গুৱাহাটীৰ পৰা মুখ্য সচিবকে ধৰি আন বিষয়াসকল‌ আহিছে । প্ৰধানমন্ত্ৰীৰ সভাৰ সকলো দিশ পৰ্যালোচনা কৰা হয় ।"

Assam CM Namrup visit
নামৰূপত মোদীৰ সভাস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

মুখ্যমন্ত্ৰীয়ে লগতে কয়, "অসমৰ ৰাইজৰ বহু দিনৰ পৰা আশা আছিল । সকলো ৰাইজে সভাত যোগদান কৰিব । অসমত ঔদ্যোগিকৰণৰ আৰু এটা মাইলৰ খুঁটা স্থাপন হ'ব ।"

দেশ-বিদেশৰ ২৪ টা কোম্পানীয়ে কাম কৰিবলৈ আগ্ৰহ দেখুৱাইছে

উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানাত ১২.৭ লাখ মেট্ৰিকটন ইউৰিয়া উৎপাদনক্ষম নতুন প্ৰকল্প নিৰ্মাণ কৰিবলৈ কিমান দিন লাগিব সেই সম্পৰ্কে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, "এই নতুন প্ৰকল্পৰ বাবে অসম চৰকাৰে ৪০% বিনিয়োগ কৰিব । নিৰ্মাণ সম্পূৰ্ণ হ'বলৈ তিনি বছৰৰ পৰা চাৰে তিনি বছৰ লাগিব । নতুন প্ৰকল্পত প্ৰথম অৱস্থাত ১২ লাখ মেট্ৰিকটন ইউৰিয়া উৎপাদন কৰা হ'ব যদিও ইয়াৰ পৰিমাণ বৃদ্ধি কৰিব পাৰি নেকি তাৰ চেষ্টা কৰা হ'ব । নতুন প্ৰকল্প নিৰ্মাণৰ বাবে ইতিমধ্যে নিবিদা আৰম্ভ হৈছে । দেশ- বিদেশৰ ২৪ টা কোম্পানীয়ে কাম কৰিবলৈ আগ্ৰহ দেখুৱাইছে । ভাৰতীয়ৰ লগতে জাপানীজ আৰু কোৰিয়ান কোম্পানী আগবাঢ়ি আহিছে নিৰ্মাণৰ বাবে । ভাল কোম্পানীয়ে কাম কৰিলে আৰু স্থানীয় ৰাইজে সহযোগিতা কৰিলে আমি চাৰে তিনি বছৰৰ ভিতৰতে নিৰ্মাণ সম্পূৰ্ণ কৰিব পাৰিম ।"

লগতে পঢ়ক :যিমানেই আৰ্থিক অৱস্থা বেয়া নহওক কিয় অচিনাকি ব্যক্তিক মাটি বিক্ৰী নকৰিব: মুখ্যমন্ত্ৰী
লগতে পঢ়ক :লুইতৰ বুকুত সন্ধানহীন ৫ কৃষ্ণভক্ত: বুধবাৰে আভিযান চলাই ব্যৰ্থ হ'ল এন ডি আৰ এফ